Thursday, 05 November 2026
লগইন
ব্ৰেকিং

নিৰাপত্তা পৰিষদত কোনো দেশক স্থায়ী সদস্যপদ প্ৰদান কৰিলে ভেটো প্ৰয়োগৰ অধিকাৰো দিব লাগিব!

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্পষ্ট স্থিতি

নিউজ ডেস্ক: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ দাবীত পুনৰ সৰৱ হৈ উঠিল ভাৰত। একে সময়তে ভাৰতে এই কথাও স্পষ্ট কৰি দিলে যে, নিৰাপত্তা পৰিষদত কোনো নতুন দেশক স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ’লে, সেই দেশকো ভেটো প্ৰয়োগৰ অধিকাৰ দিব লাগিব। কাৰণ, ভেটো প্ৰয়োগৰ ক্ষমতা নিদিয়াকৈ স্থায়ী সদস্যৰ এটা নতুন শ্ৰেণী সৃষ্টি কৰা হ’লে, সেই সদস্যসকলৰ মৰ্যাদা ‘দ্বিতীয় শ্ৰেণীৰ’ সদস্যলৈ অৱনমিত হ’ব।

১৫খন সদস্য দেশৰে গঠিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আমেৰিকা, ব্ৰিটেইন, চীন, ৰাছিয়া আৰু ফ্ৰান্স—এই পাঁচখন দেশ স্থায়ী সদস্য। ইয়াৰ উপৰি ১০খন দেশক দুবছৰৰ কাৰ্যকালৰ বাবে অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত কৰা হয়। অৱশ্যে, ভেটো প্ৰয়োগৰ ক্ষমতা কেৱল পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ হাততহে আছে। ফলত নিৰাপত্তা পৰিষদৰ মূল ক্ষমতা এই পাঁচখন শক্তিশালী দেশৰ হাততেই কেন্দ্ৰীভূত হৈ আছে।

ভাৰতে দীৰ্ঘদিন ধৰি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভৰ বাবে প্ৰচেষ্টা চলাই আহিছে। কিন্তু নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে ৰাষ্ট্ৰসংঘৰ চনদৰ সংস্কাৰ সাধন কৰাটো প্ৰয়োজনীয়।

সোমবাৰে ৰাষ্ট্ৰসংঘত ভাৰতীয় প্ৰতিনিধি হৰিশ পৰ্বতানেনিয়ে কয় যে, নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধন কৰা হ’লে, যিমান দিনলৈকে ভেটো প্ৰয়োগৰ ব্যৱস্থা বাহাল থাকিব, সিমান দিনলৈকে সকলো স্থায়ী সদস্য ৰাষ্ট্ৰৰ হাততেই এই ক্ষমতা থকা উচিত।

তেওঁ কয়, “ন্যায়বিচাৰ আৰু সমতা নিশ্চিত কৰিবলৈ প্ৰতিগৰাকী স্থায়ী সদস্যৰ সমান অধিকাৰ থকা প্ৰয়োজন।”

পৰ্বতানেনিৰ ভাষ্য অনুসৰি, “ভেটো প্ৰয়োগৰ বিষয়ত ভাৰতৰ নীতিগত স্থিতি সকলোৰে জ্ঞাত। সংস্কাৰৰ পিছতো যিমান দিনলৈকে ভেটো ব্যৱস্থা বাহাল থাকিব, সিমান দিনলৈকে নিৰাপত্তা পৰিষদৰ সকলো স্থায়ী সদস্যৰ হাততেই এই ক্ষমতা থকা উচিত।”

সোমবাৰে ৰাষ্ট্ৰসংঘত ভেটো সম্পৰ্কীয় বিষয় এটাৰ আলোচনাত ভাষণ প্ৰদান কৰিছিল ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে। সেই আলোচনাতে দিল্লীৰ স্থিতি স্পষ্ট কৰি তেওঁ কয়, “নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ নামত যদি ভেটো প্ৰয়োগৰ ক্ষমতা নথকাকৈ দীৰ্ঘম্যাদী সদস্যৰ এটা নতুন শ্ৰেণী সৃষ্টি কৰা হয়, তেন্তে তেওঁলোক কাৰ্যতঃ ‘দ্বিতীয় শ্ৰেণীৰ’ সদস্য হৈয়েই থাকিব। ইয়াৰ ফলত বৰ্তমানৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাত কোনো পৰিৱৰ্তন নাহিব।”

ভাৰতৰ বক্তব্য অনুসৰি, দিল্লীয়ে বৈষম্য দূৰ কৰিব বিচাৰে। কিন্তু এনে কোনো পদক্ষেপ গ্ৰহণ কৰা হ’লে বৈষম্য দূৰ হোৱাৰ পৰিৱৰ্তে ই আৰু অধিক বৃদ্ধি পাব পাৰে।

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ দাবীৰ ক্ষেত্ৰত শেহতীয়াকৈ ভাৰতে ৰাছিয়াৰ সমৰ্থন লাভ কৰিছে। ৰাছিয়াই জনাইছে যে, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ তালিকাত আৰু কোনো পশ্চিমীয়া দেশক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নাই। বৰঞ্চ এছিয়া, লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰাত গুৰুত্ব দিয়া উচিত।
##bigupdate #newsupdate #unitednations #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।