নিউজ ডেস্ক : প্ৰস্তাৱিত বৃহৎ জলবিদ্যুৎ প্ৰকল্পসমূহক লৈ অৰুণাচল প্ৰদেশত পুনৰ বিতৰ্ক গা কৰি উঠাৰ মাজতে, অসম আৰু অৰুণাচল প্ৰদেশৰ নামনি অংশৰ লোকসকলক প্ৰতিনিধিত্ব কৰা এটা মিত্ৰগোটে ২,৮৮০ মেগাৱাট সম্পন্ন দিবাং বহুমুখী প্ৰকল্পৰ সৈতে জড়িত পুনৰ সংস্থাপন, বান সুৰক্ষা আৰু অন্যান্য দাবীসমূহ সমাধানৰ বাবে চৰকাৰক ১০দিনৰ সময়সীমা বান্ধি দিছে ।
২০২৬ চনৰ ১৭ অক্টোবৰত গঠিত হোৱা 'দিবাং ড্যাম আছাম-অৰুণাচল ডাউনষ্ট্ৰীম একচন এলায়েন্স' চমুকৈ (ডি ডি এ এ ডি এ এ)-এ অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ জৰুৰী হস্তক্ষেপ বিচাৰিছে আৰু নামনিৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক 'প্ৰকল্প ক্ষতিগ্ৰস্ত পৰিয়াল' (PAF)ৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী জনাইছে।
মিত্ৰগোটটোৱে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত তাৎক্ষণিকভাৱে সভা অনুষ্ঠিত কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ বান্ধ নিৰ্মাণ স্থলীৰ পৰা নামনি অংশলৈকে গাইড ৱাল, মথাউৰি নিৰ্মাণৰ দাবী জনাইছে। নামনি অংশৰ সুৰক্ষামূলক ব্যৱস্থাৰ বাবে কৰা এই দাবীৰ ক্ষেত্ৰত ২০২৪ চনৰ ২৬ আগষ্টত অৰুণাচল চৰকাৰে প্ৰেৰণ কৰা এক পত্ৰ উল্লেখ কৰা হৈছে।
মিত্ৰগোটটোৱে এক বিবৃতিত কয়, "বান্ধটো কাৰ্যক্ষম কৰাৰ পূৰ্বেই নামনি অংশৰ সুৰক্ষামূলক কাম-কাজসমূহ সম্পন্ন কৰাটো অত্যন্ত জৰুৰী । ইয়াৰ উপৰি মিত্ৰগোটটোৱে অসম চৰকাৰৰ বাবে ১২ শতাংশ বিনামূলীয়া বিদ্যুৎ দাবী কৰিছে। অৰুণাচল প্ৰদেশে ৰাজ্যখনৰ জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰা যিধৰণৰ ব্যৱস্থাৰ অধীনত বিনামূলীয়া বিদ্যুৎ লাভ কৰে, সেই একেই ব্যৱস্থা অসমৰ ক্ষেত্ৰতো কাৰ্যকৰী কৰিবলৈ তেওঁলোকে দাবী জনাইছে।
বান্ধ ভাঙিলে হ'বলগীয়া বিপদ, নামনিৰ বানপানীৰ আশংকা আৰু অসমৰ বুকুৱেদি নিৰ্মাণ কাৰ্যৰ সামগ্ৰী তথা গধুৰ যন্ত্ৰ-পাতি কঢ়িয়াই নিয়াৰ কাৰণসমূহ দৰ্শাই তেওঁলোকে এই দাবী উত্থাপন কৰিছে । জাননীখনত উল্লেখ কৰা অনুসৰি, এই দাবীসমূহ "জাননী লাভ কৰাৰ দিনৰ পৰা কাৰ্যকৰী হোৱাকৈ ১০ দিন ধাৰ্য্য কৰা হৈছে ।
অৰুণাচল প্ৰদেশত বৃহৎ জলবিদ্যুৎ প্ৰকল্পসমূহক লৈ চলি থকা তীব্ৰ জনসাধাৰণৰ বিতৰ্কৰ পটভূমিত এই দাবীসমূহ উত্থাপন হৈছে। প্ৰস্তাৱিত ১১,২০০ মেগাৱাট শক্তি সম্পন্ন চিয়াং আপাৰ বহুমুখী প্ৰকল্পই চিয়াং উপত্যকাত ধাৰাবাহিক প্ৰতিবাদৰ সন্মুখীন হৈ আহিছে। অৱশ্যে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে যে এই প্ৰকল্পটো বৰ্তমান প্ৰাক-সম্ভাৱনীয়তা পৰ্যায়তে আছে আৰু ইয়াৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।