Sunday, 08 November 2026
লগইন
ব্ৰেকিং

ভোটাৰ তালিকাত ১০ হাজাৰ লোকক অনিয়মেৰে অন্তৰ্ভুক্ত, দুই বিষয়াক নিলম্বন

উত্তৰ প্ৰদেশত আচৰিত ঘটনা !

নিউজ ডেস্ক : SIRৰ নামত উত্তৰ প্ৰদেশত ডাঙৰ ঘটনা । পিলভিট বিধানসভা সমষ্টিত ১০,৪৭০ লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অনিয়ম ধৰা পৰাৰ পিছত দুজন কৰ্মৰত আৰু প্ৰাক্তন নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে । লগতে এজন কম্পিউটাৰ সহকাৰীক বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিছে বুলি বৃহস্পতিবাৰে বিষয়াসকলে প্ৰকাশ কৰিছে।
উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনৱাৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এটা বিবৃতি অনুসৰি, এক বিশদ অনুসন্ধানত পোৱা গৈছে যে ভোটাৰ পঞ্জীয়ন কেন্দ্ৰৰ এজন কম্পিউটাৰ সহকাৰীয়ে ২০২৬ চনৰ ৩১ মে'ৰ পৰা ২৯ আগষ্টৰ ভিতৰত ভোটাৰৰ সবিশেষ সলনি কৰাৰ বাবে ১৩,৭৭৯ টা ফৰ্ম-৮ (Form-8) আবেদন অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰে ১০,৪৭০ টা আবেদন মঞ্জুৰ কৰা হৈছিল আৰু ৩,৩০৯ টা নাকচ কৰা হৈছিল।

বিবৃতিটোত কোৱা হৈছে যে এই প্ৰক্ৰিয়াৰ সৈতে জৰিত কোনো আবেদন পত্ৰ বা সহায়ক নথি-পত্ৰ কাৰ্যালয়ত পোৱা নাই । সেয়ে কৰ্তৃপক্ষই কম্পিউটাৰ সহকাৰীজন আৰু পৰীক্ষণৰ সময়ছোৱাত সমষ্টিটোত নিয়োজিত হৈ থকা দুজন নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ERO)ৰ বিৰুদ্ধে জনপ্ৰতিনিধিত্ব আইন, ১৯৫০-ৰ ধাৰা ৩২ আৰু ভাৰতীয় ন্যায় সংহিতাৰ প্ৰাসংগিক ধাৰাসমূহৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যবাহী ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়া হৈছে ।

বিবৃতিটোত কোৱা হৈছে যে সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলৰ ভূমিকাও পৰীক্ষা কৰি থকা হৈছে। পিলভিটৰ জিলা দণ্ডাধীশ আলোক কুমাৰে কয় যে বিষয়টোৰ প্ৰাৰম্ভিক তদন্তৰ পিছত মহকুমাধিপতি (SDM) ময়ংক গোস্বামী আৰু হেমন্ত চৌধুৰীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে।

বৃহস্পতিবাৰে সন্ধিয়া সাংবাদিকক সম্বোধন কৰি কুমাৰে কয় যে পৰীক্ষণৰ সময়ছোৱাত এই দুজন বিষয়া ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে দায়িত্বত আছিল। তেওঁলোকক জিলা সদৰ কাৰ্যালয়ত সংলগ্ন কৰা হৈছে। অনিল কুমাৰ নামৰ কম্পিউটাৰ অপাৰেটৰজনক বৰ্খাস্ত কৰা হৈছে বুলি তেওঁ জনায় ।

কংগ্ৰেছে অভিযোগ কৰিছিল যে পিলভিট সদৰ সমষ্টিৰ ১৩,১৫০ গৰাকী ভোটাৰৰ নাম আৰু পিতৃৰ নাম বেলেগ হোৱা স্বত্বেও তেওঁলোকৰ EPIC নম্বৰ একেই আছিল। সমাজবাদী পাৰ্টীয়েও অনুৰূপ উদ্বেগ প্ৰকাশ কৰিছিল।
##bigupdate #newsupdate #voterlist #uttarpradesh #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।