Saturday, 07 November 2026
লগইন
ব্ৰেকিং

বিৰাট কোহলিৰ ডাঙৰ ঘোষণা। খেলপথাৰত দেখিবলৈ নাপাব তাৰকা ক্ৰিকেটাৰগৰাকীক

খেলপথাৰত দেখিবলৈ নাপাব তাৰকা ক্ৰিকেটাৰগৰাকীক

ভাৰতৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে ২০২৭ চনৰ বিশ্বকাপৰ পূৰ্বে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া ২০২৭ চনৰ বিশ্বকাপখনেই ভাৰতৰ হৈ তেওঁৰ অন্তিমখন এদিনীয়া বিশ্বকাপ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। সেই প্ৰতিযোগিতাখন জয় কৰিবৰ বাবে তেওঁ সম্পূৰ্ণ ৰূপে সাজু বুলি ক্ৰিকেটাৰগৰাকীয়ে জনায়।

পূৰ্বৰে পৰা কেৱল এটা ফৰ্মেটত খেলি থকা ভাৰতৰ দুই অভিজ্ঞ ক্ৰিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই ২০২৭ চনৰ বিশ্বকাপ জয়ৰ বাবে অপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে, দেওবাৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ হ’ব ভাৰতৰ এদিনীয়া শৃংখলা। প্ৰথমখন ODI ৰ পূৰ্বে JioStar ক দিয়া এক সাক্ষাৎকাৰত কোহলিয়ে ৫০ অভাৰৰ বিশেষ তীব্ৰ চাপ আৰু তীব্ৰতাৰ কথা উল্লেখ কৰে।

কোহলিয়ে কয়, “৫০ অভাৰৰ বিশ্বকাপৰ তীব্ৰতা আন যিকোনো প্ৰতিযোগিতাতকৈ বেছি। এতিয়া T-20 ৰ দৰে তীব্ৰতাৰে ১০খন মেচ খেলাটো এতিয়া প্ৰধান বিষয়। কিন্তু আপুনি এদিনতে আঢ়ৈখন T-20 মেচৰ সমান ক্ৰিকেট খেলি আছে। ইমান বৃহৎ প্ৰতিযোগিতা আৰু বিশ্বকাপত ১০ খন মেচত সেই তীব্ৰতা বৰ্তাই ৰখাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা। তাৰোপৰি এইবাৰ বিদেশৰ মাটিত খেলিব লাগিব। এই সকলোবোৰে আপোনাৰ শৰীৰ আৰু মানসিক শক্তিৰ ওপৰত যথেষ্ট চাপ পেলায়।”

তাৰোপ‍ৰি কোহলিয়ে নিজৰ প্ৰেৰণাৰ বিষয়ে কয়,”মোৰ বাবে এয়া ভাৰতৰ হৈ খেলা প্ৰথমখন বিশ্বকাপ। সেইটোৱেই হৈছে মোৰ প্ৰেৰণা। মই নিজৰ সকলোখিনি উজাৰি দিব বিচাৰিছোঁ। অৱশ্যে লক্ষ্য এটাই- বিশ্বকাপ জয় কৰা। আৰু তাৰ বাবে যি কৰিব লাগে তাৰ বাবে মই সম্পূৰ্ণৰূপে সাজু।”

উল্লেখ্য যে, বিশ্বকাপৰ ইতিহাসৰ অন্যতম সফল বেটাৰ বিৰাট কোহলি। ODI বিশ্বকাপত তেওঁ ৩৭ খন মেচত ১,৭৯৫ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ বেটিং গড় হৈছে ৫৯.৮৩। বিশ্বকাপত কোহলিৰ নামত ৫টা শতক আৰু ১২ টা অৰ্ধশতক আছে। বিশ্বকাপত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১১৭ ৰান। সমগ্ৰ ODI কেৰিয়াৰত কোহলিয়ে ৩০২ টা ইনিংচত ১৪,৯৪১ ৰান সংগ্ৰহ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি তেও‍ঁৰ বেটিং গড় হৈছে ৫৮.৫৯। এই পৰ্যন্ত তেওঁৰ নামত ৫৪ টা শতক আৰু ৭৯ টা অৰ্ধশতক আছে। ODI ত কোহলিৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১৮৩ ৰান আৰু ষ্ট্ৰাইক ৰেট ৯৩.৯৫।

ইয়াৰ সমান্তৰালভাৱে T-20 বিশ্বকাপতো কোহলিৰ অভিলেখ লেখত ল’বলগীয়া। ৩৫ খন মেচত তেওঁ ১,২৯২ ৰান সংগ্ৰহ কৰিছে আৰু বেটিং গড় হৈছে ৫৮.৭৩। তেওঁৰ নামত ১৫ টা অৰ্ধশতক আছে, যিটো T-20 বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক। উল্লেখ্য যে, ২০১৪ আৰু ২০১৬ চনত কোহলি দুবাৰকৈ Player Of The Tournament হিচাপে নিৰ্বাচিত হৈছিল।
##lastestnews#bigupdate#sportsnews#ViratKoh#worldcup2027

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।