Saturday, 07 November 2026
লগইন
ব্ৰেকিং

WFF দক্ষিণ-পূব এছিয়া চেম্পিয়নশ্বিপত মেঘালয়ৰ খেলুৱৈ চেম্পিয়ন

মেঘালয়ৰ খেলুৱৈ চেম্পিয়ন

নিউজ ডেস্ক: ২৪-২৫ অক্টোবৰত থাইলেণ্ডৰ পাত্তায়াত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ফিটনেছ ফেডাৰেচন চমুকৈ WFF দক্ষিণ-পূব এছিয়া চেম্পিয়নশ্বিপত মেঘালয়ৰ খেলুৱৈ সাৱকানী লাকিয়াং আৰু প্ৰীতম সোণৰ পদক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ জোৱাইৰ পেপ পালেৰ বাসিন্দা সাৱকানী লাকিয়াঙে মহিলাৰ শাখাত ভাৰতৰ হৈ স্বৰ্ণ পদক অৰ্জন কৰে । আনহাতে, প্ৰীতম সোণাৰে পুৰুষৰ বডীবিল্ডিঙত সমগ্ৰ WFF দক্ষিণ-পূব এছিয়াৰ চেম্পিয়ন হোৱাৰ লগতে সন্মানীয় WFF ইণ্টাৰনেশ্যনেল প্ৰ' কাৰ্ড লাভ কৰে । ইয়াৰ উপৰিও তেওঁ পাৰফৰমেন্স বডীবিল্ডিঙত ৰূপৰ পদক জয় কৰে ।

সাৱকানীৰ এই সফলতাত আছে কষ্টৰল যাত্ৰা ৷ বিশেষকৈ মেঘালয় বডী বিল্ডিং এণ্ড ফিটনেছ এছ’চিয়েশ্যন (MBBFA) আৰু জোৱাইৰ পনালিয়াৰস্থিত বডী মাছ এণ্ড ফিটনেছ জিমত তেওঁৰ প্ৰশিক্ষক ইউছাৰ কাইঞ্জিঙৰ অধীনত কেইবা বছৰীয়া কঠোৰ প্ৰশিক্ষণৰ ফল । ইয়াৰ পূৰ্বে তেওঁ ৰাচীত অনুষ্ঠিত হোৱা ইষ্ট ইণ্ডিয়া জোনাল চেম্পিয়নশ্বিপত মিছ বিকিনি মডেলৰ খিতাপ দখল কৰিছিল । ৰাজস্থানত অনুষ্ঠিত হোৱা ১১ সংখ্যক ৰাষ্ট্ৰীয় বডীবিল্ডিং এণ্ড ফিটনেছ চেম্পিয়নশ্বিপতো তেওঁ দুটাকৈ ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিছিল । এই চেম্পিয়নশ্বিপত টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি উত্তৰ-পূব ভাৰতৰ অন্যান্য খেলুৱৈসকলেও সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে । অসমৰ অমিত তালুকদাৰে গ্ৰুপ চেম্পিয়নশ্বিপৰ লগতে এগজেকিউটিভ বডীবিল্ডিঙত সোণ আৰু পাৰফৰমেন্স বডীবিল্ডিঙত ব্ৰঞ্জৰ পদক লাভ কৰে ৷
##bigupdate #newsupdate #WFF #Southeastasiachampionship #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।