Thursday, 05 November 2026
লগইন
ব্ৰেকিং

সলনি হ'ব WhatsApp ৰ নিয়ম! মেছেজ কৰিলে ভৰিব লাগিব ধন!

সলনি হ'ব WhatsApp ৰ নিয়ম!

১ অক্টোবৰৰ পৰা সলনি হ'ব WhatsApp Buisnessৰ নিয়ম। কিছুমান মেছেজৰ ক্ষেত্ৰত কোম্পানীসমূহৰ পৰা প্ৰায় ১৪ পইচাকৈ লোৱা হ'ব। অৱশ্যে ইয়াৰ ফলত সাধাৰণ WhatsApp ব্যৱহাৰীসকলৰ ওপৰত কোনোধৰণৰ প্ৰভাৱ নপৰে। 

উল্লেখ্য যে, বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে কথা পতাৰ লগতে কোম্পানীত ব্যৱসায়ৰ ক্ষেত্ৰত গ্ৰাহকৰ সৈতে যোগাযোগ কৰিবলৈ, ব্যৱসায়ৰ তথ্য, ডেলিভাৰীৰ আপডেট আদি জনাবলৈ ব্যৱহাৰ কৰা এই WhatsAppৰ ক্ষেত্ৰত Meta য়ে WhatsApp Business Messaging ব্যৱস্থাত এটা বৃহৎ পৰিৱৰ্তন আনিবলৈ আগবাঢ়িছে।

১ অক্টোবৰ ২০২৬ৰ পৰা WhatsApp Business Platform ব্যৱহাৰ কৰা কোম্পানীসমূহে কিছুমান মেছেজ প্ৰেৰণ কৰাৰ বাবদ প্ৰতি মেছেজত ১৪ পইচাকৈ দিব লাগিব। বৰ্তমান নিৰ্ধাৰিত সময়ত পঠাব পৰা কিছুমান মেছেজৰ বাবেও এই চাৰ্জ প্ৰযোজ্য হ'ব। কিন্তু ইয়াৰ ফলত সাধাৰণ WhatsApp ব্যৱহাৰকাৰীসকলৰ ওপৰত কোনো প্ৰভাৱ নপৰে। 

তথ্য অনুসৰি, বৰ্তমান কোনো গ্ৰাহকে WhatsApp Business Platform ব্যৱহাৰ কৰা কোনো ব্যৱসায়ক মেছেজ কৰাৰ পিছত ২৪ ঘণ্টাৰ ভিতৰত ব্যৱসায়সমূহে কিছুমান Reply আৰু Utility Message বিনামূলীয়াকৈ পঠাব পাৰিব। ইয়াৰ ভিতৰত সামগ্ৰীৰ অৰ্ডাৰ নিশ্চিতকৰণৰ আৰু ডেলিভাৰী আপডেটৰ বাবে মেছেজ অন্যতম।

এতিয়াৰে পৰা ২৪ ঘণ্টাৰ ভিতৰত পঠোৱা Utlity Message ৰ বাবেও ধন গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে, প্ৰতিটো Business Phone Numberৰ ক্ষেত্ৰত গ্ৰাহকৰ সেৱাৰ উত্তৰ হিচাপে মাহত প্ৰথম ১,০০০ টা Service Message বিনামূলীয়া হ'ব। এই সীমা অতিক্ৰম কৰাৰ পাছত পঠিওৱা অতিৰিক্ত মেছেজৰ বাবে ধন পৰিশোধ কৰিব লাগিব।

Business Messaging ব্যৱস্থাৰ অন্তৰ্গত হৈছে Order Status, Delivery Updates আৰু OTPৰ দৰে মেছেজ। গ্ৰাহকে এই মেছেজসমূহ লাভ কৰাৰ বাবে কোনো ধন পৰিশোধ কৰিব নালাগে। সমান্তৰালভাৱে কোনো ব্যৱসায়িক একাউণ্টৰ সৈতে চেট কৰাৰ বাবেও গ্ৰাহকৰ পৰা কোনো চাৰ্জ লোৱা নহয়। 

জানিব পৰা মতে, ভাৰতত Meta য়ে Utility Messageৰ বাবে প্ৰতি Delivered Messageত ১১.৫ পইচা লয়। ইয়াৰ সৈতে ১৮% GST যোগ কৰিলে মুঠ ১৪ পইচা হয়। Marketing Message, যেনে- বিক্ৰীৰ ঘোষণা আৰু Promotional Offerৰ বাবে প্ৰতি মেছেজত প্ৰায় ₹0.8631 চাৰ্জ লাগে। Authentication Message , যাৰ ভিতৰত OTP-৩ টা থাকে তাৰ বাবেও প্ৰতি মেছেজত ₹0.115, অৰ্থাৎ ১১.৫ পইচা আৰু তাৰ সৈতে GST প্ৰযোজ্য হ'ব।

যদি আপুনি Regular WhatsApp ব্যৱহাৰকাৰী হয় তেন্তে কাৰোবালৈ মেছেজ পঠোৱাৰ ক্ষেত্ৰত কোনো চাৰ্জ দিব নালাগে আৰু কোনো Business Accountৰ সৈতে কথা পাতিলেও গ্ৰাহকে কোনো চাৰ্জ পৰিশোধ কৰিব নালাগে।

ইয়াৰোপৰি Facebook Pageৰ Click-to-WhatsApp Ads অথবা Call-to-Action Buttonৰ পৰা অহা মেছেজৰ ক্ষেত্ৰত বৰ্তমানৰ ৭২ ঘণ্টীয়া বিনামূলীয়া সময়সীমাও অব্যাহত থাকিব। এই সময়সীমাৰ ভিতৰত ব্যৱসায়সমূহে Metaক Messaging Charge পৰিশোধ কৰিব নালাগে।
##newsupdate#bigupdate#breakingnews#whatsapp#lastestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।