Thursday, 05 November 2026
লগইন
ব্ৰেকিং

টাইগাৰৰ গুলী চালনাৰ ঘটনাত এগৰাকী মহিলাক গ্ৰেপ্তাৰ, মুঠ ধৃতৰ সংখ্যা ১৩ জন

মহিলাক গ্ৰেপ্তাৰ, মুঠ ধৃত ১৩ লৈ বৃদ্ধি

নিউজ ডেস্ক : অভিনেতা টাইগাৰ শ্ৰফৰ গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাত মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাই হাৰিয়ানাৰ কৰ্ণালৰ পৰা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। ধৃত মহিলাগৰাকীৰ নাম সুনেহা পণ্ডিত। এই ঘটনাৰ মূল অভিযুক্ত বুলি দাবী কৰা অনিল পণ্ডিতৰ খুলশালীয়েক। তেওঁৰ গ্ৰেপ্তাৰৰ পিছত এই গোচৰটোত ধৃতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পালে।

মঙলবাৰে মুম্বাইৰ ‘মহাৰাষ্ট্ৰ কন্ট্ৰল অৱ অৰ্গানাইজড ক্ৰাইম এক্ট’ (MCOCA)ৰ বিশেষ আদালতত সুনেহাক হাজিৰ কৰাৰ কথা আৰক্ষীৰ। তেওঁক নিজৰ জিম্মাত লোৱাৰ বাবে আবেদন জনাব অপৰাধ দমন শাখাই। আৰক্ষীৰ অভিযানৰ সময়ত অনিল পণ্ডিতৰ ভাতৃ পলাই যায় বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি, ধৃতকেইটাৰ ওচৰলৈ টকা পঠিয়াবলৈ যি আৰ্থিক লেনদেনৰ মাধ্যম ব্যৱহাৰ কৰা হৈছিল, তাত সুনেহাৰ ভূমিকা থকা বুলি তদন্তকাৰীসকলে অনুমান কৰিছে। তেওঁ ঠিক কিমান টকা পঠিয়াইছিল, তদন্তকাৰীসকলে বৰ্তমান সেই কথা পৰীক্ষা কৰি আছে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, অভিযুক্ত অমৰ মুণ্ডেলাৰ বেংক একাউণ্টলৈ সুনেহাই ধন প্ৰেৰণ কৰিছিল। আনহাতে, গুলীচালনাৰ ঘটনাৰ পিছত বিষ্ণৈ গোটৰ তৰফৰ পৰা কেইবাজনো প্ৰভাৱশালী ব্যক্তিক ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে সেই ভাবুকিৰ বিষয়সমূহো পৰীক্ষা কৰি আছে। 

উল্লেখ্য যে, তদন্তকাৰীসকলৰ দাবী অনুসৰি, ছ’চিয়েল মিডিয়াত আগ্নেয়াস্ত্ৰৰ ছবি, গেংষ্টাৰসকলক লৈ প্ৰস্তুত কৰা গান আৰু বিদেশত ডাঙৰ অংকৰ দৰমহাৰ চাকৰিৰ প্ৰলোভন দেখুৱাই যুৱকসকলক সংগঠিত অপৰাধৰ জগতখনলৈ আকৰ্ষিত কৰিছে লৰেন্স বিষ্ণোই গোটে। টাইগাৰৰ ঘটনাৰ সন্দৰ্ভত মুম্বাই আৰক্ষীৰ শেহতীয়া চাৰ্জশ্বীট আৰু অভিযুক্তৰ সোধা-পোছাৰ নথি-পত্ৰ পৰীক্ষা কৰি এনে তথ্য পোহৰলৈ অহা বুলি দাবী কৰা হৈছে। অভিযোগ অনুসৰি, বিদেশত চাকৰিৰ প্ৰতিশ্ৰুতি দি আৰ্থিকভাৱে দুৰ্বল যুৱকসকলক দললৈ আকৰ্ষণ কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকক অপৰাধমূলক কাৰ্যকলাপত লিপ্ত কৰোৱা হৈছিল।

তথ্য অনুসৰি, অভিযুক্তকেইটাৰ বেছিভাগৰে বয়স ১৮ ৰ পৰা ২৪ বছৰৰ ভিতৰত। গুৰুতৰ অপৰাধত লিপ্ত থকাৰ পিছতো গোটটোৰ তৰফৰ পৰা তেওঁলোকক অতি সামান্য টকা দিয়া হৈছিল, আনকি কেতিয়াবা কোনো টকাই দিয়া হোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ জিম্মাত সোধা-পোছাৰ সময়ত কেইটামান অভিযুক্ত ভাঙি পৰে। তেওঁলোকৰ দাবী যে তেওঁলোকৰ বৃদ্ধ পিতৃ-মাতৃয়ে তীব্ৰ আৰ্থিক অনাটনৰ মাজত দিন কটাইছে।

২০২৪ চনত অভিনেতা চলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা, একেটা বছৰতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা চিদ্দিকীৰ হত্যা, চলিত বৰ্ষত পৰিচালক ৰোহিত শ্বেট্টীৰ ঘৰৰ বাহিৰত গুলীচালনা আৰু অতি সম্প্ৰতি টাইগাৰক লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাত এই গোটটো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। এই অপৰাধী গোটটোৰ নাম কেইবাটাও হাই-প্ৰফাইল অপৰাধৰ সৈতে সাঙোৰ খাই পৰিছে।

তথ্য অনুসৰি, এতিয়ালৈকে ছলমানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত ৬ জন, বাবা চিদ্দিকীৰ হত্যাকাণ্ডৰ ঘটনাত ২৭ জন, ৰোহিতৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত ১২ জন আৰু টাইগাৰৰ গাড়ী লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাত ১৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

 ১৮ অক্টোবৰ, দেওবাৰে, মুম্বাইৰ জুহু অঞ্চলৰ এটা ফুটবল ক্লাবৰ পৰা BMW ত উঠি ওলাই আহিছিল অভিনেতাগৰাকী। তেতিয়াই তেওঁৰ গাড়ীখনক লক্ষ্য কৰি গুলীচালনা কৰা হয়। চালকৰ কাষৰ আসনত বহি আছিল টাইগাৰ। অনুৰাগীসকলৰ দিশে তেওঁ হাত জোকাৰি আছিল। গাড়ী ক্লাবৰ গেটখন পাৰ হওতেই হঠাত এজন যুৱক টাইগাৰৰ গাড়ীৰ সন্মুখলৈ আহে। তেওঁ বন্দুক উলিয়াই গাড়ীৰ উইণ্ডস্ক্ৰিনলৈ লক্ষ্য কৰি একেৰাহে গুলী চলাবলৈ ধৰে। ইয়াৰ পিছত আন এজন যুৱকেও বন্দুক লৈ আগবাঢ়ি আহে আৰু টাইগাৰ গাড়ীৰ যিটো দিশত বহি আছিল, সেই দিশৰ খিৰিকীখনলৈ লক্ষ্য কৰি গুলী চলাবলৈ ধৰে। 

তাৰ পিছত দুয়োজনেই তৃতীয় এজন ব্যক্তিৰ বাইকত উঠি পলায়ন কৰে। ঘটনাৰ আকস্মিকতা শেষ হোৱাৰ পিছত টাইগাৰে দেখে যে তেওঁৰ চালকজনৰ গাত গুলি লাগিছে। ইয়াৰ পিছত অভিনেতাজনে আৰু এক মুহূৰ্তও পলম নকৰিলে। এক জাপতে তেওঁ আসন সলনি কৰিলে। চালকৰ আসনত বহি গাড়ী চলাবলৈ আৰম্ভ কৰিলে। আহত চালকজনক লৈ হাস্পতালৰ অভিমুখে ৰাওনা হয়।

এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে বিষ্ণোই গোটে। এই ঘটনাৰ পিছত ছ’চিয়েল মিডিয়াত এটা পোষ্ট যোগে অনিল পণ্ডিত আৰু অনিল হৰমন সন্ধুয়ে আক্ৰমণৰ আঁৰত থকাৰ কথা প্ৰকাশ কৰে। তেওঁলোক বিষ্ণোইৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে। হিন্দীত লিখা সেই পোষ্টটোত কোৱা হৈছে, “আমি তেওঁক ফোন কৰিছিলো, বুজাবলৈ চেষ্টা কৰিছিলো। কিন্তু তেওঁ বুজি পোৱা নাছিল। সেয়েহে আজি আমি তেওঁক সকলো কথা বুজাই দিম বুলি সিদ্ধান্ত লৈছোঁ। মুম্বাই চলচ্চিত্ৰ উদ্যোগৰ যিয়েই বা যিসকলেই আমাৰ কথা নু শুনে আৰু চলমান খানৰ সৈতে কাম কৰিব, তেওঁলোকেই হ’ব আমাৰ পৰৱৰ্তী লক্ষ্য। চাই থাকক।”
##bigupdate #newsupdate #tigershroff #mumbaipolice #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।