Saturday, 21 November 2026
লগইন

‘প্ৰদূষণ বৃদ্ধি পালে কি হ’ব, পুনৰ কমি যাব!’: যোগী আদিত্যনাথ

প্ৰদূষণে বৃদ্ধি পালে চিন্তাৰ প্ৰয়োজন নাই !

নিউজ ডেস্ক : দীপাৱলীত ফটকা ফুটোৱাক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আৰু উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথে একেই মন্তব্য প্ৰকাশ কৰে। প্ৰদূষণৰ উদ্বেগক ‘একাষৰীয়া কৰি’ দীপাৱলীত ফটকা ফুটোৱাক দুয়োগৰাকীয়ে সমৰ্থন জনায়। 

বুধবাৰে এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে আদিত্যনাথে। তাত দীপাৱলীত ফটকা ফুটোৱা আৰু প্ৰদূষণৰ বিষয়টো উত্থাপন হোৱাৰ পাছতে আদিত্যনাথে কয়, ‘‘বহুতে অভিযোগ উত্থাপন কৰিছে যে দীপাৱলীৰ বাবেই প্ৰদূষণ বৃদ্ধি পাইছে। সেয়ে মই কওঁ, যদি প্ৰদূষণ বৃদ্ধি পাইছেও, তেন্তে সেয়া পুনৰ কমিও যাব। ইমান চিন্তা কৰাৰ কি প্ৰয়োজন?’’

কেৱল সেয়াই নহয়, দীপাৱলীত ফটকা ফুটোৱাক সমৰ্থন জনাই আদিত্যনাথে কয় যে এই সন্দৰ্ভত তেওঁৰ চৰকাৰে কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে ওলোটাই প্ৰশ্ন কৰে যে কোনো উৎসৱ পালন কৰিলেই প্ৰদূষণক লৈ ইমান উদ্বেগ প্ৰকাশ কৰা হয় কিয়? দুৰ্নীতিৰ জৰিয়তে যেতিয়া সমগ্ৰ ব্যৱস্থাটো প্ৰদূষিত কৰা হয়, তেতিয়া কিন্তু কোনেও প্ৰশ্ন উত্থাপন নকৰে। ইয়াৰ পাছতে তেওঁ কয়, ‘‘দীপাৱলীত এদিন ফটকা ফুটালেই তাক প্ৰদূষণৰ অন্যতম বৃহৎ কাৰণ হিচাপে দাঙি ধৰা হয়। যদি প্ৰদূষণ হয়ো, তেন্তে সেয়া লাহে লাহে কমিও যাব। এয়া কোনো ডাঙৰ বিষয় নহয়।’

উল্লেখ্য যে, প্ৰদূষণে দিল্লীৰ পৰা উত্তৰপ্ৰদেশলৈকে জুৰুলা কৰিছে। দীপাৱলীৰ পূৰ্বৰে পৰাই দিল্লী, পঞ্জাব, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ প্ৰদূষণৰ ছবিখন সলনি হৈছে। কোনো ঠাইত বায়ুৰ গুণগত মান বেয়া, আন কোনো ঠাইত অতি বেয়া পৰ্যায়ত উপনীত হৈছে। আনকি এই প্ৰদূষণৰ ফলত ক’ৰবাত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰো সৃষ্টি হৈছে। প্ৰদূষণক লৈ পৰিৱেশবিদসকলে আশংকা আৰু উদ্বেগ প্ৰকাশ কৰি থকাৰ সময়তে এই মন্তব্য কৰে আদিত্যনাথে।

ঘটনাক্ৰমে, দীপাৱলীত ফটকা ফুটোৱাক লৈ একেই সুৰ শুনা গৈছিল মুখ্যমন্ত্ৰী শুভেন্দুৰ কণ্ঠতো। সোমবাৰে তেওঁ জানিবলৈ দিয়ে যে নিশা ১০ বজাৰ পাছতো ঠায়ে ঠায়ে ফটকা ফুটোৱা হৈছিল। আৰক্ষীয়েও এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ পৰিৱেশ প্ৰদূষিত হোৱাটো নিবিচাৰে। কিন্তু দীপাৱলীত মানুহে অলপ আনন্দ-উল্লাস কৰিলে তাত ইমান অসুবিধা কিহৰ বুলিও প্ৰশ্ন কৰে তেওঁ।

ইয়াৰ লগতে তেওঁ কটাক্ষ কৰি কয়, ‘‘সনাতনৰ জাগৰণ ঘটিছে, সেয়েহে একাংশ লোকৰ সমস্যা হৈছে। যিসকলে অভিযোগ উত্থাপন কৰিছে, তেওঁলোকে হিন্দুসকলৰ ধৰ্মীয় অনুষ্ঠানক সাংস্কৃতিক অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিছিল। শাস্ত্ৰক বাদ দি ধৰ্ম হ’ব নোৱাৰে।’’
##bigupdate #newsupdate #yogiadityanath #uttarpradesh #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।