Thursday, 05 November 2026
লগইন
ব্ৰেকিং

অভিনেতা টাইগাৰলৈ লক্ষ্য কৰি গুলীচালনা ঘটনাত দিল্লীত মহিলাসহ চাৰিজনক গ্ৰেপ্তাৰ

দিল্লীৰ পৰা চাৰিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক : অভিনেতা টাইগাৰ শ্ৰফৰ ওপৰত হোৱা আক্ৰমণৰ ষড়যন্ত্ৰৰ অভিযোগত দিল্লীৰ পৰা চাৰিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । মঙলবাৰে দিল্লীৰ চাইবাৰ চেল আৰক্ষীয়ে অভিযান চলাই দুগৰাকী মহিলাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, তিনিগৰাকী শ্বুটাৰক অস্ত্ৰ-শস্ত্ৰ যোগান আৰু পৰিবহণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ অভিযোগত মহিলাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, কুনাল, সুমিত, ৰাধা আৰু ববিতাক গ্ৰেপ্তাৰ কৰি মুম্বাই আৰক্ষীৰ হাতত অৰ্পণ কৰে।

অভিযোগ অনুসৰি কুনাল আৰু সুমিতে অস্ত্ৰ-শস্ত্ৰৰ যোগাৰ কৰিছিল আৰু ৰাধা তথা ববিতাই মুম্বাইৰ দাদৰলৈ গৈ সেই বন্দুকসমূহ তিনিজন ব্যক্তিক গতাই দিছিল ।

অভিনেতা শ্ৰফ দেওবাৰে সন্ধিয়া মুম্বাইৰ জুহু অঞ্চললৈ ফুটবল খেলিবলৈ গৈছিল। যেতিয়া অভিনেতাগৰাকী বিএমডব্লিউ (BMW) গাড়ীখন ওলাই আহিছিল, তেতিয়াই দুজন ব্যক্তিয়ে বাহনখনৰ সমুখৰ পৰা গুলীচালনা কৰিছিল । তেওঁলোকে প্ৰায় ৬-৭ জাঁই গুলী ফুটাইছিল।

আক্ৰমণকাৰী দুজনৰ এজন অভিনেতাগৰাকীৰ নিচেই কাষতে আছিল আৰু তেওঁ পোনপটীয়াকৈ অভিনেতাগৰাকীলৈ বন্দুক টোঁৱাইছিল । সৌভাগ্যক্ৰমে, যেতিয়া তেওঁ ট্ৰীগাৰত টিপা মাৰিছিল, তেতিয়া তেওঁৰ বন্দুকটো জাম (বিয়াৰিং বিকল) হৈ পৰে, যাৰ ফলত শ্ৰফ কোনো ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে । এই আক্ৰমণত অভিনেতাগৰাকীৰ চালক আৰু এজন পথচাৰী আহত হয়।

ঘটনাৰ বাবে বিহাৰৰ হৃতিক ওৰফে ৰোচন (২২) আৰু হাৰিয়ানাৰ ৰেহান (১৮) তথা ফুল সিং (১৮) নামৰ শ্বুটাৰ তিনিজনক নেপাললৈ পলাই যোৱাৰ পৰিকল্পনা কৰাৰ সময়তে ৰাজস্থানৰ কোটাত গ্ৰেপ্তাৰ কৰা হৈছিল । খবৰ অনুসৰি, এই তিনিজন ব্যক্তি লৰেঞ্চ বিষ্ণৈ গেঙৰ সৈতে জড়িত ।
#Tiger Shroff Shooting অভিনেতা টাইগাৰ শ্ৰফ দিল্লী আৰক্ষী Tiger Shroff

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।