নিউজ ডেস্ক : ঐতিহাসিক দীপাৱলীৰ সন্ধিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নূন্যতম ১১টা অগ্নিকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে, যাৰ ফলত তিনিগৰাকী ব্যক্তি আহত হোৱাৰ লগতে আৱাসিক সম্পত্তি, এজন ব্যৱসায়ীৰ গুদাম আৰু বুজন পৰিমাণৰ মৰাপাটৰ মজুত থকা সামগ্ৰীৰ ব্যাপক ক্ষতিসাধন হৈছে। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, ফটকা-বাজী, বৈদ্যুতিক শ্বৰ্ট ছাৰ্কিট আৰু জ্বলি থকা চাকিৰ বাবেই এই অগ্নিকাণ্ডসমূহ সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
এই ঘটনাকেইটা তামুলপুৰ, যোৰাবাট, মৰিগাঁও, শিলচৰ, মানকাচৰ, ৰূপহীহাট, বজালী, পলাশবাৰী, মঙলদৈ, লখিমপুৰ আৰু সৰুপথাৰৰ পৰা পোহৰলৈ আহিছে।
তথ্য অনুসৰি, তামুলপুৰত এক অন্যতম ভয়াৱহ ঘটনা সংঘটিত হৈছে, য’ত পৰিয়ালৰ লোকসকল ঘৰত নথকা অৱস্থাতে নামতি গাঁৱৰ বাসিন্দা স্বপন দাসৰ আৱাসগৃহত এক অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। শ্বৰ্ট ছাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। পৰৱৰ্তী সময়ত ঘৰৰ ভিতৰত থকা এটা গেছ ছিলিণ্ডাৰ বিস্ফোৰিত হোৱাত জুইৰ প্ৰকোপ আৰু অধিক বৃদ্ধি পায়।
অগ্নিশিখাই ঘৰটো, এখন মটৰচাইকেল, ঘৰুৱা সা-সামগ্ৰী, নগদ ধন আৰু সোণ ধ্বংস কৰে। জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰোঁতে দীপক দাস আৰু আজগৰ আলী নামৰ দুজন লোক আহত হয়। তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। স্থানীয় বাসিন্দা আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে অৱশেষত জুইকুৰা নিয়ন্ত্ৰণলৈ আনে।
আনহাতে যোৰাবাটৰ ১২ মাইল এলেকাৰ আমভেৰ গাঁৱত আন এক ডাঙৰ ঘটনা সংঘটিত হৈছে, য’ত এক অগ্নিকাণ্ডই এটা আৱাসিক গৃহ ধ্বংস কৰাৰ লগতে ৰতন শৰ্মা নামৰ এজন বৃদ্ধ লোকক আহত কৰে। শৰ্মা ঘৰৰ ভিতৰত থকা অৱস্থাতে এই জুই লাগে বুলি জানিব পৰা গৈছে। স্থানীয় বাসিন্দাসকলে বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধ জনক উদ্ধাৰ কৰে আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।
মৰিগাঁৱৰ নাওকটা গাঁৱত এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। সন্দেহ কৰা মতে, ফটকাৰ অৱশিষ্ট অংশ এটা শুকান মৰাপাটৰ খৰিৰ দ’মত পৰাৰ ফলতেই এই জুইৰ সূত্ৰপাত ঘটে। প্রত্যক্ষদৰ্শীৰ মতে, জুইৰ শিখা প্ৰায় ৫০ ফুট উচ্চতালৈকে উঠিছিল আৰু পৰৱৰ্তী সময়ত এই জুই কাষৰে ধান খেৰৰ দ’মলৈকো বিয়পি পৰে।
মৰিগাঁও অগ্নিনিৰ্বাপক বাহিনীয়ে স্থানীয় বাসিন্দা আৰু SDRF কৰ্মীসকলৰ সহযোগত জুইকুৰা ওচৰ-চুবুৰীয়া ঘৰলৈ বিয়পি পৰাৰ পূৰ্বেই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ওচৰৰ কোনো আৱাসিক সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।
লগতে শিলচৰৰ ৰংপুৰ অঞ্চলত কালী পূজাৰ নিশা ব্যৱসায়ী সুমন ধৰৰ এটা ভাড়া গুদামত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। উৰণীয়া ফটকাৰ ফিৰিঙতিৰ পৰাই এই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে, যাৰ ফলত গুদামটোৰ ভিতৰত মজুত থকা সকলো সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
ইয়াৰ পূৰ্বেও বিভিন্ন জিলাৰ পৰা আন কেইবাটাও অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ পোৱা গৈছিল।
মানকাচৰৰ মালাখোৱাত শ্বাহিদুৰ ৰহমান নামৰ এজন ব্যক্তিৰ বাসগৃহত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত প্ৰায় ১০০ কুইন্টল মৰাপাত আৰু অন্য সামগ্ৰী জাহ যায়। এই অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে ধ্বংস হয়।
ইফালে ৰূপহীহাটৰ বৰঘুলী ২ নম্বৰ গাঁৱত তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়, যাৰ ফলত আনুমানিক ৭ লাখতকৈও অধিক টকাৰ ক্ষয়-ক্ষতি হৈছে। এই ক্ষয়-ক্ষতিৰ ভিতৰত নগদ ৮০,০০০ টকাও আছিল।
বাজালীৰ ভট্টদেৱ নগৰৰ পৰা আন এক অগ্নিকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে, য’ত এটা দুমহলীয়া অট্টালিকাত জুই লাগে। ফটকা ফুটাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
পলাশবাৰী, মঙলদৈ, লক্ষীমপুৰ আৰু সৰুপথাৰৰ পৰাও সৰু সৰু অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।
পলাশবাৰীৰ সাৰাপাৰা গাঁৱত ভানু ঠাকুৰীয়া নামৰ এজন ব্যক্তিৰ অনুপস্থিতিত তেওঁৰ বাসগৃহত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। এগৰাকী ভাৰাতীয়ই জ্বলাই থৈ যোৱা এটা চাকিৰ পৰাই এই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।
তথ্য অনুসৰি, মঙলদৈৰ ১ নং গেৰিমাৰী গাঁৱত আতচবাজীৰ পৰা সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা এটা অগ্নিকাণ্ডত ললিতা মণ্ডল আৰু দীপক মণ্ডলৰ ঘৰ ভস্মীভূত হয়। স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ যুটীয়া প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়।
লখিমপুৰৰ শনি মন্দিৰৰ সমীপত থকা এটা চাইকেলৰ গুডামত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়, য’ত ফটকা বা আতচবাজীৰ পৰা এই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। শেহতীয়া খবৰ পোৱালৈকে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে জুই নিৰ্বাপন কৰিবলৈ আপ্রাণ চেষ্টা চলাই আছিল।
ইফালে সৰুপথাৰৰ ৯ নম্বৰ ৱাৰ্ডৰ বাসিন্দা শিশিৰ দে নামৰ এজন ব্যক্তিৰ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ কাৰণ লগে লগে জানিব পৰা হোৱা নাই।
এই ধাৰাবাহিক ঘটনাৰ ফলত সমগ্ৰ ৰাজ্যতে কেইবাটাও আৱাসিক আৰু বাণিজ্যিক সম্পত্তিৰ ক্ষতিসাধন হয়, য'ত প্ৰাথমিক পৰ্যালোচনাই ব্যাপক সম্পত্তিৰ লোকচানৰ ইংগিত বহন কৰে । অগ্নিকাণ্ডৰ কাৰণসমূহৰ ওপৰত বৰ্তমান তদন্ত অব্যাহত আছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।