নিউজ ডেস্ক : শুক্ৰবাৰে মহানগৰ আৰক্ষীয়ে এক বৃহৎ অভিযান চলাই ২২ গৰাকী তৃতীয় লিংগৰ লোকক গ্ৰেপ্তাৰ কৰে। মহানগৰীৰ পূব, পশ্চিম আৰু মধ্য আৰক্ষী জিলাত একেলগে এই অভিযান চলোৱা হয়। ধন দাবী, হাৰাশাস্তি আৰু ৰাজহুৱা স্থানত উপদ্ৰৱ সৃষ্টি কৰাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলায়। গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে আদালতত হাজিৰ কৰোৱা হয়।
প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ বিভিন্ন অঞ্চলৰ বাসিন্দাই ৰাজহুৱা স্থানত খোজকঢ়া লোক আৰু বাহনৰ গৰাকীক ভাবুকি প্ৰদান কৰি ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগসমূহৰ ভিত্তিতে গুৱাহাটী আৰক্ষীয়ে অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
গুৱাহাটী আৰক্ষীৰ সংশ্লিষ্ট উপ-আৰক্ষী আয়ুক্তসকলৰ তত্বাৱধানত মধ্য, পশ্চিম আৰু পূব আৰক্ষী জিলাত সমন্বিতভাৱে এই অভিযান চলোৱা হয়।
অভিযানত মধ্য আৰক্ষী জিলাৰ পৰা সৰ্বাধিক ১২ গৰাকী তৃতীয় লিংগৰ লোকক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে, পশ্চিম আৰক্ষী জিলাৰ পৰা ৯ গৰাকী আৰু পূব আৰক্ষী জিলাৰ পৰা এগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। এইদৰে তিনিওখন আৰক্ষী জিলাৰ পৰা মুঠ ২২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয়।
অভিযানৰ বাবে সংশ্লিষ্ট উপ-আৰক্ষী আয়ুক্তসকলে নিজ নিজ এলেকাত পৃথক পৃথক আৰক্ষীৰ দল গঠন কৰিছিল। এই অভিযান সন্দৰ্ভত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰি আৰক্ষীৰ পদক্ষেপৰ কাৰণ আৰু প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰে।
আৰক্ষী বিষয়া অংকুৰ জৈনে জানিবলৈ দিয়ে যে কোনো ব্যক্তিৰ লিংগ বা পৰিচয় নিৰ্বিশেষে অপৰাধমূলক কাৰ্যকলাপ কোনো কাৰণতে সহ্য কৰা নহ'ব। লগতে উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায় আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে (MHA) শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত এই অভিযান চলোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।