নিউজ ডেস্ক : ১৩ নৱেম্বৰৰ কাজিৰঙাৰ ৰঙাজানত সংঘটিত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা উদ্ধাৰ কৰা ১৮ মহীয়া শিশু দেৱ গোৱালাৰ বাওঁ ভৰিখন ভঙা বুলি ধৰা পৰে।
আহত পিতৃ-মাতৃক সাক্ষাৎ কৰোৱাৰ উদ্দেশ্যে ২১ নৱেম্বৰত শিশুটিক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ (JMCH) নিয়া হৈছিল। তাত পিতৃ-মাতৃৰ চিকিৎসা চলি আছে। কিন্তু শিশুটিয়ে থিয় হ’ব নোৱাৰা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকসকলে চিকিৎসকৰ পৰামৰ্শ লয়। চিকিৎসকৰ পৰীক্ষাত শিশুটিৰ বাওঁ ভৰিত ফ্ৰেকচাৰ ধৰা পৰে।
পৰৱৰ্তী সময়ত এক্স-ৰে পৰীক্ষাত শিশুটিৰ বাওঁ ভৰিত ফ্ৰেকচাৰ ধৰা পৰে। ইয়াৰ লগে লগে দুৰ্ঘটনাটোত শিশুটিয়ে পোৱা আন এক আঘাতৰ কথা পোহৰলৈ আহে।
তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা পূৰ্বে শিশুটিক উদ্ধাৰ কৰা হৈছিল আৰু ঘটনাৰ পিছৰে পৰা শিশুটি পৰিয়ালৰ লোকসকলৰ সৈতে আছিল। দুৰ্ঘটনাটোত শিশুটিৰ ভৰিত ফ্ৰেকচাৰ ধৰা পৰাৰ পিছতে দুৰ্ঘটনাটোত শিশুটিয়ে পোৱা আঘাতসমূহক লৈ উদ্বেগ বৃদ্ধি পাইছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।