Saturday, 21 November 2026
লগইন

বনভোজলৈ যোৱাৰ পূৰ্বে বাহনৰ ব্ৰেক, টায়াৰ, লাইট আৰু অন্যান্য পৰীক্ষা কৰক: মু্খ্যমন্ত্ৰী

বনভোজলৈ যোৱা পূৰ্বে সাৱধান

নিউজ ডেস্ক : ৰাজ্যত আৰম্ভ হৈছে বনভোজৰ বতৰ । কিন্তু বনভোজলৈ যোৱাৰ পৰিকল্পনা কৰাৰ বাবে সতৰ্কতা অৱলম্বন কৰক । যাতে শোকৰ কাৰণ হৈ নপৰে, তাৰ বাবে ৰাইজক বিশেষ সতৰ্কবাণী প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সামাজিক মাধ্যম যোগে কয়,’’বনভোজলৈ যোৱাত বাধা দিয়াৰ উদ্দেশ্য নহয় । বৰং যাত্ৰাপথত সম্ভাৱ্য দুৰ্ঘটনা ৰোধ কৰাটোহে গুৰুত্বপূৰ্ণ । বনভোজৰ বতৰত ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰৱণতা দেখা যায় । বহুতে দূৰৈৰ বনভোজস্থলীত সোনকালে উপস্থিত হোৱাৰ উদ্দেশ্যে নিশাৰ ভাগত অথবা পুৱতি নিশাতে যাত্ৰা আৰম্ভ কৰে। বিশেষকৈ পুৱতি নিশা ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত এনে যাত্ৰাৰ প্ৰৱণতা অধিক দেখা যায়।”

তেওঁ লগতে কয়,”শীতকালত পুৱতি নিশাৰ সময়ছোৱাত কুঁৱলীৰ বাবে পথৰ দৃশ্যমানতা যথেষ্ট হ্ৰাস পায়। এনে পৰিস্থিতিত সামান্য অসাৱধানতা, অত্যধিক গতি অথবা চালকৰ টোপনিয়ে ভয়াৱহ পথ দুৰ্ঘটনাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰি বনভোজৰ আনন্দত মদ্যপান কৰি বাহন চলোৱা, নিৰ্ধাৰিত গতিসীমা অতিক্ৰম কৰা, বাহনৰ অনুমোদিত আসনসংখ্যাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়া আৰু যান-বাহন আইন উলংঘা কৰাও দুৰ্ঘটনাৰ অন্যতম কাৰণ ।”

তেওঁ লগতে কয়,”বনভোজলৈ যোৱাৰ পূৰ্বে বাহনৰ ব্ৰেক, টায়াৰ, লাইট আৰু অন্যান্য যান্ত্ৰিক ব্যৱস্থা পৰীক্ষা কৰিব লাগে । বাহনৰ অনুমোদিত আসনসংখ্যাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিনিবলৈ, কুঁৱলীৰ সময়ত গতি হ্ৰাস কৰিবলৈ আৰু আন বাহনৰ পৰা পৰ্যাপ্ত দূৰত্ব বজাই ৰাখিব লাগে ।”

দৃশ্যমানতা অত্যন্ত কম হ’লে নিৰাপদ স্থানত বাহন ৰখাই বতৰ উন্নত হোৱালৈ অপেক্ষা কৰা, দীঘলীয়া যাত্ৰাৰ মাজত চালকক পৰ্যাপ্ত জিৰণি দিয়া আৰু গাড়ী চলোৱাৰ সময়ত ম’বাইল ফোন ব্যৱহাৰ নকৰিবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।