Saturday, 21 November 2026
লগইন

গুৱাহাটীৰ চান্দমাৰীত কেব’ল মেৰামতি কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

নিউজ ডেস্ক : গুৱাহাটীৰ চান্দমাৰীৰ গোস্বামী ছাৰ্ভিচত সংঘটিত হয় এক শোকাৱহ ঘটনা। কেব’ল মেৰামতি কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন যুৱকৰ হয়।

নিহত যুৱকজনক পাঠশালাৰ বাসিন্দা সোণমণি বৰুৱা বুলি চিনাক্ত কৰা হৈছে। 

প্ৰাপ্ত খবৰ অনুসৰি, কেব’ল মেৰামতিৰ কাম কৰি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। জখলাৰে ওপৰলৈ উঠি থকা অৱস্থাত তেওঁ বিদ্যুতৰ সংস্পৰ্শলৈ আহে আৰু ফলত বিদ্যুৎস্পৃষ্ট হয়। 

শেহতীয়াকৈ এই শোকাৱহ ঘটনাই অঞ্চলটোত উদ্বেগৰ সৃষ্টি কৰিছে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতি সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।
##bigupdate #newsupdate #assam #guwahati #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।