Friday, 20 November 2026
লগইন

ৰাজ্যত নতুনকৈ পৌৰসভা গঠন আৰু অ-ৰাজনৈতিক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ বৃহৎ অনুমোদন কেবিনেটৰ

হিমন্ত চৰকাৰৰ বৃহৎ সিদ্ধান্ত

নিউজ ডেস্ক : বৃহস্পতিবাৰে অসম কেবিনেট বৈঠকত নগৰ শাসন ব্যৱস্থা, ভূমি আবণ্টন, কৃষি, শিক্ষা, আইনগত পৰিমাপ বিজ্ঞান (Legal Metrology) আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ পাৰিতোষিক সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনোৱা হয়।

কেবিনেটৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, মটক স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ সংশোধনৰ অনুমোদন জনোৱা হয়। ইয়াৰ জৰিয়তে এই তিনিখন স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদৰ নিৰ্বাচন কোনো ৰাজনৈতিক দলৰ প্ৰতীক বা দলীয় ভিত্তি অবিহনে অনুষ্ঠিত কৰাৰ পথ প্ৰশস্ত হ’ব।

ছখন নতুন পৌৰসভা গঠন

কেবিনেটে ৰাজ্যত নতুনকৈ ছখন পৌৰসভা গঠনৰ অনুমোদন জনাইছে। এই পৌৰসভাকেইখন লালুক, হাৰমতী-বান্দৰদেৱা, ঘিলামৰা, মাজুলী, উদাৰবন্দ আৰু মিৰ্জা-বিজয়নগৰত গঠন কৰা হ’ব।

ইয়াৰোপৰি ৰাজ্যৰ ২৩খন বৰ্তমানৰ নগৰীয়া স্থানীয় নিকায়ৰ এলেকা সম্প্ৰসাৰণ আৰু ৱাৰ্ড পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনাইছে। এই পৌৰসভাসমূহ হৈছে— সোণাই, বদৰপুৰ, বৰপেটা, উত্তৰ লখিমপুৰ, পলাশবাৰী, ৰঙিয়া, বিশ্বনাথ চাৰিআলি, গহপুৰ, সোণাৰি, মৰাণ, পাঠশালাকুছি, গোলাঘাট, সৰুপথাৰ, কামপুৰ, নলবাৰী, টিহু, শিৱসাগৰ, আমগুৰি, নাজিৰা, শিমলুগুৰি, ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ।

IARI আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ক ভূমি আবণ্টন

ধেমাজিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (IARI) স্থাপনৰ বাবে ১,৫৬৮ বিঘা চৰকাৰী ভূমি আবণ্টনৰ প্ৰস্তাৱত কেবিনেটে অনুমোদন জনায়। লগতে প্ৰতিৰক্ষা মন্ত্ৰালয়ক শোণিতপুৰ জিলাৰ ৭৪ বিঘা ভূমি হস্তান্তৰ কৰাৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনায়। 

মিছন বসুন্ধৰা ৪.০ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলক বৃহৎ পৰিমাণৰ ভূমি আবণ্টনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে চহৰৰ সীমাৰ পৰা এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ অঞ্চলকহে নগৰীয়া অঞ্চল হিচাপে গণ্য কৰাৰ সিদ্ধান্তত কেবিনেটে অনুমোদন জনাইছে। অৱশ্যে, এই সিদ্ধান্ত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

৭৫ শতাংশ ৰাজসাহায্যত কৃষি যন্ত্ৰ বিতৰণ

কৃষিৰ বহুমুখীকৰণক উৎসাহিত কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমত ২,৩১৩টা কৃষি যন্ত্ৰ ৭৫ শতাংশ চৰকাৰী ৰাজসাহায্যত বিতৰণৰ প্ৰস্তাৱত কেবিনেটে অনুমোদন জনায়।

উচ্চ শিক্ষাত উদ্ভাৱন আৰু ষ্টাৰ্টআপ নীতি

উচ্চ শিক্ষানুষ্ঠানসমূহক উৎকৰ্ষৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা আৰু ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী তথা সম্ভাৱ্য ষ্টাৰ্টআপ আবেদনকাৰীসকলৰ নতুন ধাৰণাসমূহক বাস্তৱসন্মত উৎপাদিত সামগ্ৰীলৈ ৰূপান্তৰিত কৰাত সহায় কৰাৰ লক্ষ্যৰে ‘উদ্ভাৱন আৰু ষ্টাৰ্টআপ নীতি’ প্ৰণয়নত কেবিনেটে অনুমোদন জনায়। 

কম বিপদাশংকাপূৰ্ণ ওজন আৰু পৰিমাপৰ ক্ষেত্ৰত স্ব-প্ৰমাণীকৰণ ব্যৱস্থা

কেবিনেটে ‘অসম আইনগত পৰিমাপ বিজ্ঞান (বলৱৎকৰণ) (দ্বিতীয় সংশোধনী) বিধি, ২০২৬’ত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে কম বিপদাশংকাপূৰ্ণ ওজন আৰু পৰিমাপক স্ব-প্ৰমাণীকৰণ ব্যৱস্থাৰ অধীনত পৰীক্ষণ আৰু মোহৰ মাৰিব পৰা ব্যৱস্থা কৰা হ’ব।

পঞ্চায়ত প্ৰতিনিধিসকলৰ পাৰিতোষিক বৃদ্ধি

ইয়াৰ উপৰি, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাহিলি পাৰিতোষিক বৃদ্ধিৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনায়। সংশোধিত মাহিলি পাৰিতোষিকৰ পৰিমাণ হ’ব—

স্তৰ পদবী মাহিলি পাৰিতোষিক

জিলা পৰিষদ সভাপতি ১৫,০০০ টকা

জিলা পৰিষদ উপ-সভাপতি ১০,০০০০ টকা

জিলা পৰিষদ সদস্য ৫,৫০০ টকা

পঞ্চায়ত সভাপতি ১০,০০০ টকা

আঞ্চলিক উপ-সভাপতি ৭,০০০ টকা
পঞ্চায়ত 

আঞ্চলিক সদস্য ৬,০০০ টকা
পঞ্চায়ত 

গাওঁ পঞ্চায়ত সভাপতি ৬,৫০০ টকা

গাওঁ পঞ্চায়ত উপ-সভাপতি ৪,০০০ টকা

গাওঁ পঞ্চায়ত সদস্য ২,৬০০ টকা

উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তসমূহ ঘোষণা কৰা হয়।
##assam #cabinetmeeting #severaldecision #HimantaBiswaSarma

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।