Saturday, 21 November 2026
লগইন
ব্ৰেকিং

জুবিন গাৰ্গৰ প্ৰিয় বাহন ৰেঞ্জ ৰোভাৰখন বিক্ৰী, সোণমণিয়ে ক্ৰয় কৰিলে জুবিনৰ প্ৰিয় বাহনখন

জুবিন গাৰ্গৰ প্ৰিয় বাহন ৰেঞ্জ ৰোভাৰখন বিক্ৰী

নিউজ ডেস্ক : সামাজিক মাধ্যমত ব্যাপক চৰ্চা, বিক্ৰী কৰা হল নেকি হাৰ্টথ্ৰব জুবিন গাৰ্গ মৰম বাহন ৰেঞ্জ ৰোভাৰ (Range Rover) খন । ২০২৪ জনত ক্ৰয় কৰা ৰেঞ্জ ৰোভাৰ (Range Rover) বাহনখন আজাৰাৰ সোণমণি দাস নামৰ এজান যুৱকে ক্ৰয় কৰিছে বুলি সামাজিক মাধ্যমত চৰ্চা হৈছে ।

উল্লেখ্য জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ সময়তে গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছিলে যে, ৰেঞ্জ ৰোভাৰ (Range Rover)খন ঋণত লোৱা হৈছিল বুলি । কিন্তু সামাজিক মাধ্যমত একাংশই উল্লেখ কৰিছে যে, ৰেঞ্জ ৰোভাৰ (Range Rover)খন কোনো ঋণত লোৱ নাছিল । নগদ ধন দি ক্ৰয় কৰিছিল বাহনখন ।

ইফালে সামাজিক মাধ্যমত চলিত বিষয়টোৰ সন্দৰ্ভত কোনো স্পষ্টিকৰণ প্ৰকাশ কৰা নাই জুবিন গাৰ্গৰ পৰিয়ালে । জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা ভাল নোহোৱাৰ বাবে সংবাদ মাধ্যম বা সামাজিক মাধ্যমৰ পৰা আঁতৰি আছে । সামাজিক মাধ্যমত চলিত বিষয়টো কিমান সঁচা কিমান মিছা সেয়া জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা গম পোৱা যাব । 

আনহাতে জুবিন গাৰ্গে এক সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰি কৈছিল, যোৰহাটৰ পৰা যাওঁতে এখন চাইকেলেৰে ওলাই গৈছিলো । কিন্তু আজি ৰেঞ্জ ৰোভাৰ লৈ যোৰহাট আহিছো বুলি ।

জুবিন গাৰ্গৰ প্ৰিয় সেই ৰেঞ্জ ৰোভাৰখন প্ৰকৃততে বিক্ৰী কৰা হৈছে, তেতিয়া হ’লে কিয় বিক্ৰী কৰা হল ? আৰ্থিক সমস্যাৰ বাবে গৰিমাই এই পদক্ষেপ গ্ৰহণ কৰিলে নেকি ? এই বিষয়টোক লৈ ৰাজ্যৰ জুবিন অনুৰাগীৰ মাজত ব্যাপক চৰ্চা চলিছে ।

ইফালে দুলু আহমেদে কয়,"কিয় বিক্ৰী কৰিলে জুবিন গাৰ্গৰ সপোনৰ বাহন RANGE ROVER? যিখন বাহনক লৈ জুবিনে গৌৰৱ কৰিছিল সেই বাহন কিয় আনক দিব লাগে ? মই যুৱকজনক RANGE ROVER খন ঘূৰাই দিবলৈ অনুৰোধ কৰিছো । প্ৰয়োজনত আমি সকলোৱে মিলি সহায় কৰিম বাহনখন সংৰক্ষণৰ ক্ষেত্ৰত ।"
##ZubeenGarg #Zubeen'sRangeRovercar #RangeRovercar

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।