নিউজ ডেস্ক : বৃহস্পতিবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদৰ কণ্ঠ ৰোধ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে, ৰাইজে নিজৰ দাবী উত্থাপন কৰিলেই বিজেপিয়ে দুৰ্ব্যৱহাৰ আৰু গ্ৰেপ্তাৰৰ দৰে পদক্ষেপ গ্ৰহণ কৰে। শাসকীয় দলটোৱে প্ৰতিবাদী কণ্ঠ শুনিবলৈ মুঠেই ইচ্ছুক নহয় বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে।
দিল্লীত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে , যুৱপ্ৰজন্ম, Gen Z আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে ৰাজনৈতিক নেতাসকলৰ পৰা সততা আৰু সত্যনিষ্ঠা আশা কৰে। কিন্তু তেওঁলোকৰ উদ্বেগ আৰু সমস্যাৰ কথা শুনাৰ পৰিৱৰ্তে প্ৰশ্ন উত্থাপন কৰাসকলক প্ৰায়ে লক্ষ্য কৰি লোৱা হয়।
তেওঁ অভিযোগ কৰে যে , প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলক ‘খালিস্তানী’ বুলি অভিহিত কৰা হয়, শিক্ষাৰ সৈতে জড়িত সমস্যা উত্থাপন কৰা ছাত্ৰ-ছাত্ৰীসকলক ‘পাকিস্তানী’ আখ্যা দিয়া হয়। আনহাতে, নিজৰ অধিকাৰৰ দাবীত সৰৱ হোৱা নিবনুৱা যুৱক-যুৱতী আৰু শ্ৰমিকসকলক ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হয়।
ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ প্ৰয়োগৰ প্ৰসংগ উল্লেখ কৰি গৌৰৱ গগৈয়ে অভিযোগ কৰে যে , উত্তৰ প্ৰদেশৰ লগতে দেশৰ আন কেইবাটাও স্থানত শ্ৰমিক আৰু প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
“কেৱল কথা কোৱাটো এটা কথা, কিন্তু সমাজৰ কোনো শ্ৰেণীৰ লোকে যেতিয়া চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে মত প্ৰকাশ কৰে আৰু নিজৰ দাবী উত্থাপন কৰে, তেতিয়া প্ৰধানমন্ত্ৰীৰ দলটোৱে তেওঁলোকক কেৱল দুৰ্ব্যৱহাৰ আৰু গ্ৰেপ্তাৰৰ সন্মুখীন কৰায়,” বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে।
ছোনিয়া গান্ধীৰ স্মৃতিগ্ৰন্থৰ সমৰ্থনত গৌৰৱ গগৈ
ভিডি সাভাৰকাৰৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ সোনিয়া গান্ধীৰ স্মৃতিগ্ৰন্থৰ পৃষ্ঠা ফালি পেলোৱা শিৱসেনাৰ সদস্যসকলৰ কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। তেওঁ গ্ৰন্থখনৰ সমৰ্থনত মন্তব্য কৰি কয় যে , এই স্মৃতিগ্ৰন্থখন অনুপ্ৰেৰণাৰ লগতে দেশপ্ৰেমৰ এক উৎস।
তেওঁ কয় যে , এই স্মৃতিগ্ৰন্থখনত সোনিয়া গান্ধীয়ে কেনেদৰে ব্যক্তিগত শোক আৰু মানসিক আঘাত অতিক্ৰম কৰি দেশৰ সেৱা অব্যাহত ৰাখিছিল, পৰিয়ালটোক একত্ৰিত কৰি ৰাখিছিল আৰু মুখত হাঁহি বজাই ৰাখিছিল, সেই কথাবোৰ প্ৰতিফলিত হৈছে।
গৌৰৱ গগৈয়ে কয় যে , গ্ৰন্থখন পঢ়িলে পাঠকসকলে সোনিয়া গান্ধীৰ জীৱন আৰু অভিজ্ঞতাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব। লগতে স্মৃতিগ্ৰন্থখনত আপত্তিজনক কোনো বিষয় নাই বুলিও গগৈয়ে মন্তব্য কৰে ।
প্ৰশ্নৰ সন্মুখীন হ’বলৈ বিজেপি ভয় কৰে বুলি অভিযোগ কংগ্ৰেছৰ
কলম্বিয়া বিশ্ববিদ্যালয়ত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ বিজেপিয়ে সমালোচনা কৰাৰ প্ৰত্যুত্তৰত গগৈয়ে শাসকীয় দলটোক গণতান্ত্ৰিকভাৱে প্ৰশ্ন উত্থাপন কৰাটো সহ্য কৰিব নোৱাৰা বুলি অভিযোগ কৰে।
তেওঁ অভিযোগ কৰে যে , বিজেপিয়ে জনসাধাৰণৰ কণ্ঠস্বৰক ভয় কৰে আৰু চৰকাৰক প্ৰশ্ন কৰাৰ তেওঁলোকৰ অধিকাৰ দমন কৰিব বিচাৰে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।