Friday, 20 November 2026
লগইন

অসম চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলৰ বাবে বিবাহ সন্দৰ্ভত জাৰি কৰা পৰামৰ্শক লৈ তীব্ৰ বিতৰ্ক

“ৰেছিডেন্সি, ব্ৰহ্মচৰ্য পালনৰ প্ৰতিজ্ঞা নহয়”

নিউজ ডেস্ক : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে (AMCH) ইয়াৰ সাধাৰণ চিকিৎসা বিভাগৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলক (PGT) ৰেছিডেন্সি সম্পূৰ্ণ নোহোৱালৈকে বিবাহৰ দৰে ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়ে। মহাবিদ্যালয়খনৰ এই পৰামৰ্শক লৈ চিকিৎসক সন্থাৰ মাজত তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে।

তথ্য অনুসৰি, মঙলবাৰে চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত দিহিঙীয়াই জাৰি কৰা এক কাৰ্যালয়ী নিৰ্দেশনাত সকলো স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীক ৰেছিডেন্সি কালছোৱাত ক্লিনিকেল কৰ্তব্য, ৰোগীৰ চিকিৎসা সেৱা, শৈক্ষিক কাৰ্যকলাপ আৰু গৱেষণাৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনোৱা হৈছে।

নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে, “সাধাৰণ চিকিৎসা বিভাগৰ সকলো স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীৰ (PGT) জ্ঞাতাৰ্থে জনোৱা হৈছে যে, সকলো প্ৰশিক্ষাৰ্থীক তেওঁলোকৰ ৰেছিডেন্সিৰ সময়সীমা সফলতাৰে সম্পূৰ্ণ নোহোৱালৈকে বিবাহৰ দৰে ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।”

ইয়াৰোপৰি প্ৰশিক্ষাৰ্থীসকলে এই পৰামৰ্শ মানি চলিব বুলি আশা প্ৰকাশ কৰা হৈছে বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

এই নিৰ্দেশনাক লৈ ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছ’চিয়েচন (FAIMA)-এ তীব্ৰ সমালোচনা কৰে আৰু নিৰ্দেশনাটো তাৎক্ষণিকভাৱে প্ৰত্যাহাৰৰ দাবী জনায়।

“FAIMA-ই এই অযুক্তিকৰ পৰামৰ্শৰ তীব্ৰ গৰিহণা দিছে আৰু ইয়াক তাৎক্ষণিকভাৱে প্ৰত্যাহাৰৰ দাবী জনাইছে। সন্মানীয় প্ৰশাসকসকল, আৱাসিক চিকিৎসকসকলৰ কৰ্তব্যৰ সময়সীমা নিয়ন্ত্ৰণ কৰক, তেওঁলোকৰ ব্যক্তিগত জীৱন নহয়। ৰেছিডেন্সি হৈছে এক স্নাতকোত্তৰ পাঠ্যক্ৰম, ব্ৰহ্মচৰ্য পালনৰ কোনো প্ৰতিজ্ঞা নহয়!” X-ত এটা পোষ্টযোগে চিকিৎসক সন্থাটোৱে এইদৰে উল্লেখ কৰে।

উল্লেখ্য যে, এই পৰামৰ্শই স্নাতকোত্তৰ চিকিৎসা প্ৰশিক্ষণৰ সময়ছোৱাত আৱাসিক চিকিৎসকসকলৰ ওপৰত জাপি দিয়া কৰ্তব্য আৰু চাপৰ লগতে প্ৰতিষ্ঠানসমূহৰ নিয়মে তেওঁলোকৰ ব্যক্তিগত জীৱন কিমান দূৰলৈকে নিয়ন্ত্ৰণ কৰিব লাগে, সেই সন্দৰ্ভত চলি থকা বিতৰ্কক পুনৰ চৰ্চালৈ আনিছে।
##bigupdate #newsupdate #amch #dibrugarh #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।