Saturday, 07 November 2026
লগইন

সহজতে বনাওক এই ৩ বিধ স্বাস্থ্যকৰ , তৃপ্তিকৰ খাদ্য

ৰাতি ভাত খোৱা নিষেধ, ৰুটিও বেয়া পায়! এতিয়া কি কৰিব?

নিউজ ডেস্ক: ওজন বাঢ়িব বুলি ভাবি ৰাতি ভাত খাবলৈ নিবিচাৰে। ইফালে ৰুটিও খাবলৈ ভাল নাপায়। সদায়নো ছুপ বা সিজোৱা শাক-পাচলি খাই থাকিব পাৰিনে? তেন্তে উপায় কি?

ৰাতি এনে কিবা খাব লাগিব, যিটো পাতল, স্বাস্থ্যকৰ অথচ সোৱাদযুক্তও হ’ব। বাঙালীসকল সাধাৰণতে ভাত বা ৰুটি খাই অভ্যস্ত। তেনে ক্ষেত্ৰত ডায়েটৰ বাবে সকলোবোৰ বন্ধ কৰি দিলে খোৱা-বোৱাত অনীহা আহিবলৈ বাধ্য। একঘেয়ামিৰ ফলত জাংক ফুডৰ প্ৰতি আসক্তিও আৰু বাঢ়িব। সেয়েহে, সোৱাদযুক্ত অথচ স্বাস্থ্যকৰ এনে কিছুমান খাদ্য প্ৰস্তুত কৰাৰ পদ্ধতি জানি লওক।

প্ৰায় ২৫০ গ্ৰাম চিকেন সৰু সৰু টুকুৰা কৰি কাটি লওক। ইয়াৰ সৈতে নিজৰ পছন্দৰ শাক-পাচলিও মিহলাব পাৰে। গাজৰ, কেপচিকাম আৰু ব্ৰকলি সৰু সৰুকৈ কাটি লওক। গাজৰ পাতলকৈ কাটিব। চিকেন আৰু শাক-পাচলিবোৰ কাটি ভালদৰে ধুই ৰাখক।

আন এটা বাটিত এচামুচ ছয়া ছছ, আদা-নহৰুৰ পেষ্ট, নিমখ আৰু জালুকৰ গুড়ি মিহলাই ৰাখক। এইবাৰ কেৰাহীত দুচামুচ তেল দি কম জুইত চিকেনৰ টুকুৰাবোৰ পাতলকৈ মুগা বৰণ ধৰা পৰ্যন্ত ভাজি লওক। তাৰ পিছত সকলো শাক-পাচলি দি লৰাই থাকক।

বাটিত ৰখা মিশ্ৰণখিনি দি জুই বঢ়াই চিকেন আৰু শাক-পাচলিবোৰ ভালদৰে ভাজি লওক। নমোৱাৰ আগতে অলপ জালুকৰ গুড়ি ছটিয়াই নমাই লওক। ৰুটিৰ ভিতৰত পুৰ ভৰাই ৰেপ (Wrap) কৰি খালে বৰ সোৱাদযুক্ত হ’ব।

নেমু আৰু নহৰুৰে ৰোষ্ট কৰা কাঠফুলা

কাঠফুলাবোৰ সৰু সৰু টুকুৰা কৰি কাটি লওক। নহৰু কুটি লওক আৰু মাখন, নেমুৰ ৰস, পাৰ্ছলি পাত বা কটা ধনিয়া পাত লৈ লওক। কেৰাহীত অলপ মাখন বা অলিভ অইল দি কটা নহৰু পাতলকৈ ভাজি লওক। এইবাৰ তাত কাঠফুলাৰ টুকুৰাবোৰ দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজক। শেষত নিমখ, জালুকৰ গুড়ি, যথেষ্ট পৰিমাণে নেমুৰ ৰস আৰু কটা ধনিয়া পাত দি নমাই লওক।

পালেঙৰ সৈতে বেক কৰা কণী 

স্বাস্থ্যকৰ আৰু প্ৰ’টিনসমৃদ্ধ খাদ্য। কম সময়ৰ ভিতৰতে এই খাদ্যবিধ প্ৰস্তুত কৰিব পাৰি। ইয়াৰ বাবে লাগিব ২-৪টা কণী, একাপ কুটি লোৱা পালেং শাক, এটা মধ্যমীয়া আকাৰৰ পিঁয়াজ, ২ চামুচ গাখীৰ আৰু অলপ মাখন বা অলিভ অইল। বগা তেলেও এই ব্যঞ্জনবিধ ৰান্ধিব পাৰি।

কেৰাহীত মাখন বা তেল গৰম কৰি কুটি লোৱা নহৰু আৰু পিঁয়াজখিনি পাতল সোণালী বৰণ ধৰালৈকে ভাজি ল’ব। তাৰ পিছত পালেং শাক দি ভালদৰে ৰান্ধিব। সৰু বেকিং ডিছ এখনত অলপ মাখন সানি লৈ তাত ৰন্ধা পালেং শাকখিনি দিব। মাজত কণীকেইটা ফেটি দি ওপৰৰ পৰা চিজ ছটিয়াই দিব পাৰে। এইবাৰ ১৫-২০ মিনিট বেক কৰিলেই খাদ্যবিধ প্ৰস্তুত হৈ যাব।
##bigupdate #newsupdate #lifestyle #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।