Friday, 06 November 2026
লগইন

শীতৰ পূৰ্বে ঋতু সলনি হ’লে শৰীৰত কি কি প্ৰভাৱ পৰিব পাৰে?

আপুনি এইসমূহ লক্ষণত আক্ৰান্ত নেকি?

নিউজ ডেস্ক: দিনত গৰম, কিন্তু পুৱতি নিশা আৰু ৰাতিৰ ফালে বতাহত শিৰশিৰণি অনুভৱ হয়। ছালতো টান ধৰা আৰম্ভ হৈছে। হেমন্তৰ বতৰ এনেকুৱাই। কেইদিনমান পিছতেই আহি পৰিব শীত। তাৰ আগতে ঋতু সলনিৰ এই সময়ছোৱাত সাৱধান থকাটো অত্যন্ত জৰুৰী।

তাপমাত্ৰাৰ উঠা-নমাৰ বাবে এই সময়ত জ্বৰ, চৰ্দি-কাহ আদি লাগিয়েই থাকে। প্ৰদূষণৰ ফলত হাঁপানিৰ সমস্যাও বৃদ্ধি পায়। ঋতু সলনিৰ সৈতে কেনেকৈ মোকাবিলা কৰিব?

চৰ্দি, কাহ আৰু জ্বৰ: দিনত ৰ’দ আৰু ৰাতি শিৰশিৰণি বতাহ—এই সময়ত তাপমাত্ৰা ক্ৰমান্বয়ে কমি অহাৰ বাবে ঠাণ্ডা-গৰমৰ প্ৰভাৱত জ্বৰ, চৰ্দি আৰু কাহৰ প্ৰকোপ বৃদ্ধি পায়। ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্ৰমণো বৃদ্ধি হয়। ইনফ্লুৱেঞ্জাও দেখা দিব পাৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰিলে এই সমস্যাবোৰৰ পৰা হাত সাৰিব পৰা যায়। খাদ্য তালিকাত ভিটামিন ‘চি’ অন্তৰ্ভুক্ত কৰাটো অত্যন্ত জৰুৰী। সতেজ ফল-মূল, শাক-পাচলি, মাছ আৰু কণী খালে শৰীৰ সুস্থ থাকিব।

পানীৰ অভাৱ: তাপমাত্ৰা কমি অহাৰ লগে লগে পানীৰ পিয়াহো কমি যায়। তদুপৰি, শিৰশিৰণি বতৰত চাহ-কফিত চুমুক দিলেই আৰাম অনুভৱ হয়। কিন্তু বাৰে বাৰে চাহ-কফি খালে শৰীৰত পানীৰ অভাৱ হ’ব পাৰে।

খাদ্য তালিকাত সতেজ ফলৰ ৰস, শাক-পাচলি আৰু মাংসৰ ছুপ অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত শৰীৰত পানীৰ যোগান বজাই থকাৰ লগতে ভিটামিন আৰু খনিজ পদাৰ্থও লাভ কৰিব।

এলাৰ্জি: হেমন্তৰ সময়ৰ পৰাই বতাহত আৰ্দ্ৰতাৰ মাত্ৰা কমিবলৈ ধৰে। প্ৰদূষণৰ মাত্ৰাও যথেষ্ট বৃদ্ধি পায়। ফলত এলাৰ্জিৰ সমস্যা দেখা দিয়ে। হাঁপানি বা চিঅ’পিডি (COPD) থাকিলে শ্বাসকষ্ট বাঢ়িব পাৰে।

যিসকলৰ এনে সমস্যা আছে, তেওঁলোকে বাহিৰলৈ যাতায়াত কৰাৰ সময়ত মাস্ক ব্যৱহাৰ কৰিব পাৰে। আগতেই চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিলে এই সময়ত হোৱা কষ্টৰ পৰা হাত সাৰিব পৰা যায়।

হজম আৰু গেছৰ সমস্যা: কম পানী খোৱা, তুলনামূলকভাৱে গধুৰ কাপোৰ পিন্ধা আৰু বিভিন্ন ধৰণৰ খাদ্য খোৱাৰ ফলত বদহজম আৰু গেছৰ সমস্যাও ক্ৰমান্বয়ে বৃদ্ধি পাব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো অত্যন্ত জৰুৰী।

ছালৰ যত্ন: বতাহত আৰ্দ্ৰতাৰ মাত্ৰা কমি অহাৰ লগে লগে ছালতো টান ধৰে। গোটেই বছৰজুৰি ব্যৱহাৰ কৰা ময়েশ্চাৰাইজাৰে ঋতু সলনিৰ সময়ত সদায় ছালক যথেষ্ট সুৰক্ষা দিব নোৱাৰে।

এই সময়ত ক্ৰীম বা তেলীয় ময়েশ্চাৰাইজাৰ, শ্বিয়া বা কোকো বাটাৰযুক্ত ক্ৰীম বাছি লোৱাটো ভাল। নিয়মীয়াকৈ নাৰিকল তেল বা অলিভ অইল ব্যৱহাৰ কৰিলেও ছালৰ উজ্জ্বলতা বজাই ৰখাত সহায় হয়।
##bigupdate #newsupdate #lifestyle #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।