সামাজিক মাধ্যম ‘আস্ক মি এনিথিং’ নামৰ প্ৰশ্নোত্তৰ অনুষ্ঠানত এগৰাকী নেটিজেনে তেওঁক প্ৰশ্ন কৰিছিল, দাম্পত্য জীৱন সুখৰ কৰি তুলিবলৈ কি কৰা উচিত? তাৰ উত্তৰত বলীউডৰ বাদশ্বাহে কয়, ‘‘এজনে আনজনৰ ৰঙেৰে ৰঙীন হৈ উঠক। ইজনে সিজনক সুখী কৰি তুলিবলৈ দুয়োজনে অলপ-অচৰপ মিলামিছা কৰি চলক।’’ পুনৰ এবাৰ অনুৰাগীৰ মন জয় কৰিলে বলীউডৰ ‘কিং’ শ্বাহৰুখ খানে।
সঁচাকৈয়ে, দুয়োজনে যদি ভাৱে যে, ‘একণমানো ঠাই এৰি নিদিওঁ’, তেন্তে সম্পৰ্ক কেনেকৈ বৰ্তি থাকিব? সেয়েহে কিছুমান ক্ষেত্ৰত আপোচ কৰাটো জৰুৰী। অৱশ্যে, তাৰো এক নিৰ্দিষ্ট সীমা আছে। কিন্তু শ্বাহৰুখ খানৰ এই বক্তব্যৰ সৈতে একাধিক মনোবিজ্ঞানী কিয় একমত?
একেলগে থাকিবলৈ হ’লে দুয়োৰে জীৱন-যাপনৰ ধৰণ কিছু পৰিমাণে সলনি হ’বই পাৰে। কাৰোবাৰ সংগীয়ে হয়তো অকলে কিছু সময় কটাবলৈ ভাল পায়, আনজনে হয়তো সদায় কথা পাতি থাকিব বিচাৰে। কোনোবাই সপ্তাহৰ শেষৰ দিনকেইটাত বাহিৰলৈ ফুৰিবলৈ ভাল পায়, আনহাতে আনজনে ঘৰত থাকিয়েই স্বাচ্ছন্দ্য অনুভৱ কৰে। এনে সৰু-সুৰা পাৰ্থক্যৰ ক্ষেত্ৰত ইজনে সিজনৰ পছন্দক গুৰুত্ব দিয়াটো জৰুৰী।
কিন্তু মানি চলা আৰু নিজৰ সকলো ইচ্ছা, প্ৰয়োজন অথবা পৰিচয় বিসৰ্জন দিয়া—এই দুটা একে কথা নহয়। সম্পৰ্কৰ ক্ষেত্ৰত পৰিৱৰ্তন তেতিয়াহে স্বাস্থ্যকৰ হয়, যেতিয়া দুয়োজনে ইজনে সিজনৰ বাবে ঠাই সৃষ্টি কৰে। এটা সম্পৰ্কত সদায় এজনেহে মানি চলিব আৰু আনজনে কেৱল নিজৰ সুবিধা ল’ব—এনে সমীকৰণে সম্পৰ্কত ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে।
সম্পৰ্কৰ পৰিস্থিতি অনুসৰি কেতিয়াবা এজন সংগীয়ে আনজনতকৈ অধিক দায়িত্ব ল’বলগীয়া হ’ব পাৰে। অসুস্থতা, কৰ্মক্ষেত্ৰৰ চাপ অথবা জীৱনৰ কঠিন সময়ত এই ভাৰসাম্য সাময়িকভাৱে সলনি হ’ব পাৰে। কিন্তু সেয়া সদায়ৰ বাবে হ’ব নোৱাৰে।
দুজন মানুহে দীৰ্ঘদিন একেলগে থাকিলে স্বাভাৱিকভাৱেই এজনৰ প্ৰভাৱ আনজনৰ ওপৰত পৰে। কথা কোৱাৰ ধৰণ, পছন্দৰ খাদ্য, সৰু সৰু অভ্যাস, উৎসৱ পালন কৰাৰ পদ্ধতি অথবা আজৰি সময় কটোৱাৰ ধৰণতো সেই প্ৰভাৱ দেখা যায়। তেনে ক্ষেত্ৰতে শ্বাহৰুখ খানৰ উত্তৰটো গুৰুত্বপূৰ্ণ হৈ পৰে— ‘‘এজনে আনজনৰ ৰঙেৰে ৰঙীন হৈ উঠক।’’ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এটা ৰঙে আনটো ৰংক ঢাকি পেলাব। কোনো এটা ৰঙেই যাতে নিজৰ উজ্জ্বলতা হেৰুৱাই নেপেলায়, বৰঞ্চ দুয়োটা ৰং মিলি যাতে আৰু অধিক সুন্দৰ এটা ৰঙৰ সৃষ্টি হয়, শ্বাহৰুখে সেই কথাই ক’ব বিচাৰিছে। আৰু সুখী দাম্পত্য জীৱনৰ বাবে এইটোৱেই অধিক জৰুৰী।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।