চিনেমাত এনে দৃশ্য বিৰল নহয়। কেতিয়াবা নায়কৰ দেউতাক বুকুত হাত থৈ অসুস্থ হৈ পৰে, তীব্ৰ তৰ্ক সহ্য কৰিব নোৱাৰে, বা কেতিয়াবা কোনোবাই নিজৰ সন্তানৰ মৃত্যুৰ খবৰ পাই অজ্ঞান হৈ পৰে।ৰূপালী পৰ্দাত যি দেখুওৱা হৈছে সেয়াই কাহিনী। কিন্তু বাস্তৱত এনেকুৱা হোৱাটো সম্ভৱনে?
চিকিৎসা বিজ্ঞানে কয় যে, এইটো কোনো সজা কথা নহয়, বাস্তৱতো গভীৰ মানসিক আঘাতে এনে কিছুমান শাৰীৰিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, যিয়ে হাৰ্ট এটেক (হৃদৰোগৰ আক্ৰমণ)ৰ আশংকা বৃদ্ধি কৰে। বিশেষকৈয ৰোগীজনৰ যদি আগৰে পৰাই হৃদযন্ত্ৰৰ সমস্যা বা উচ্চ ৰক্তচাপ থাকে, তেন্তে আকস্মিক বেয়া খবৰ বা কোনো কাৰণত হোৱা তীব্ৰ উত্তেজনাই বিপদ মাতি আনিব পাৰে। হাৰিয়ানাৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ অভিজ্ঞ চিকিৎসক অসীম ঢল্লই এটা সাক্ষাৎকাৰত জনাইছে যে, আকস্মিক আৰু তীব্ৰ মানসিক আঘাতে হাৰ্ট এটেক ঘটাব পাৰে, বিশেষকৈ যিসকলৰ আগৰে পৰাই হৃদৰোগ আছে।
আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ জাৰ্নেল ‘চাৰ্কুলেশ্যন’ত প্ৰকাশিত এক গৱেষণা অনুসৰি অত্যাধিক মানসিক চাপ আৰু অতিৰিক্ত শাৰীৰিক পৰিশ্ৰম হাৰ্ট এটেকৰ নেপথ্য অনুঘটক হিচাপে কাম কৰিব পাৰে। আচম্বিতে হোৱা মানসিক চাপে এক ঘণ্টাত হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা দুগুণ পৰ্যন্ত বৃদ্ধি কৰাৰ লগতে পূৰ্বৰে পৰা ধমনীত ব্লক থাকিলে হাৰ্ট এটেক ঘটাব পাৰে।
হঠাৎ বেয়া খবৰ আহিলে শৰীৰত কি পৰিৱৰ্তন ঘটে?
"হঠাৎ কোনো বেয়া বা শোকাৱহ খবৰ আহিলে মগজুৱে তাক লগে লগে এটা ডাঙৰ বিপদ বুলি গণ্য কৰে। ইয়াৰ ফলত এড্ৰেনেলিনৰ দৰে ষ্ট্ৰেছ হৰমনৰ মাত্ৰা বৃদ্ধি পায়। যাৰ বাবে হৃদস্পন্দন আৰু ৰক্তচাপ দ্ৰুতগতিত বাঢ়ি যায়। তেজ কঢ়িওৱা নলীসমূহো সাময়িকভাৱে সংকুচিত হৈ পৰিব পাৰে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে আৰু তেজৰ চলাচল ব্যাহত হ’ব পাৰে।
ধমনীত বন্ধ হৈ পৰা
যিসকলৰ কৰোনেৰী ধমনীত আগৰে পৰাই চৰ্বি বা প্লাক,জমা হৈ থাকে, তেওঁলোকৰ বাবে এইধৰণৰ মানসিক আঘাত অতি বিপজ্জনক হৈ পৰিব পাৰে। ধমনীত তেজৰ প্ৰবাহ হঠাতে ইফাল-সিফাল হ’লে, চাপৰ বাবে ৰক্তনলীৰ সেই প্লাক ফাটি যাব পাৰে। যাৰ ফলত ডাঙৰ বিপদ হ’ব পাৰে।
'ব্ৰোকেন হাৰ্ট চিনড্ৰম'
তীব্ৰ মানসিক চাপৰ বাবে হোৱা হৃদযন্ত্ৰৰ যিকোনো সমস্যাই কিন্তু হাৰ্ট এটেক নহয়। চিকিৎসকৰ মতে, চৰম মানসিক আঘাতৰ বাবে বহু লোকৰ ক্ষেত্ৰত ‘ব্ৰ’কেন হাৰ্ট চিনড্ৰম’দেখা দিব পাৰে। আঘাত পোৱা বা মন ভাঙি যোৱাৰ চৰকাৰী বা পোছাকী নাম হ’ল ‘ব্ৰ’কেন হাৰ্ট চিনড্ৰম’ বা ‘তাকোৎছুব’ চিনড্ৰম’।
হাৰ্ট এটেক হ’লে তেজ চলাচল কৰা ৰক্তনলী বন্ধ হৈ পৰে, কিন্তু ব্ৰ’কেন হাৰ্ট চিনড্ৰমত হৃদযন্ত্ৰৰ পেশীসমূহ সাময়িকভাৱে দুৰ্বল হৈ পৰে। অৱশ্যে, দুয়োটা ক্ষেত্ৰতে লক্ষণসমূহ প্ৰায় একে হোৱাৰ বাবে, কোনো মানসিক আঘাত বা ধাক্কা পোৱাৰ পিছত বুকুত বিষ হ’লে তাক কেৱল মানসিক চাপ বুলি উলাই কৰাটো একেবাৰেই উচিত নহয়।
কোনে সৰ্বাধিক বিপদত পৰিছে?
যিসকলৰ ধমনীত অৱৰোধ আছে, উচ্চ ৰক্তচাপ, বহুমূত্ৰ আৰু উচ্চ কলেষ্টেৰল আছে, তেওঁলোকৰ আশংকা আটাইতকেই বেছি। বয়স কম হ’লেও বা কোনো ৰোগ নাথাকিলেও গুৰুত্বৰ লক্ষণসমূহক অৱহেলা কৰা উচিত নহয়।
কি কি লক্ষণৰ বাবে সাৱধানতাৰ প্ৰয়োজন?
দুঃসংবাদ বা অত্যধিক মানসিক চাপৰ খবৰ পোৱাৰ পিছত বুকুত অস্বস্তি, অস্বাভাৱিকভাৱে ঘাম ওলোৱা বা উশাহ-নিশাহ লোৱাত কষ্ট হ’লে ইয়াক কোনো কাৰণতে অৱহেলা কৰা উচিত নহয়, কাৰণ এইবোৰ হৃদৰোগ বা হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। যেনে-
· বুকুৰ চাপ বা প্ৰচণ্ড বিষ
· উশাহ-নিশাহত কষ্ট পোৱা আৰু ঘামচি ওলোৱা।
· বমি অথবা মূৰ ঘূৰোৱা
· অস্বাভাৱিক দুৰ্বলতা
· বুকুৰ বিষ হাত, কান্ধ, পিঠি, ডিঙি বা চোলালৈ বিয়পি পৰে

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।