নিউজ ডেস্ক: মানুহৰ দৈনন্দিন খাদ্যাভ্যাসত দাইল এক অতি গুৰুত্বপূৰ্ণ খাদ্য। মগু, মাটি মাহ, ৰহৰ বা মচুৰ—যি নামৰ দাইলেই নহওক কিয়, প্ৰতিবিধ দাইলৰ নিজস্ব পুষ্টিগুণ আৰু সুকীয়া উপকাৰিতা আছে। দাইল প্ৰ’টিনৰ অন্যতম উৎকৃষ্ট উৎস। সেয়েহে কিডনীৰ ৰোগ হ’লেই বহুতে ভাবি লয় যে দাইল খোৱাটো ক্ষতিকাৰক! সঁচাকৈয়ে কিডনীৰ সমস্যা থাকিলে দাইল খাব নালাগে নেকি?
মানুহৰ খাদ্যৰ পাতত দাইল নাথাকিলে যেন খোৱাই সম্পূৰ্ণ নহয়। অৱশ্যে কিডনীৰ ৰোগীসকলে দাইল খাব লাগিব সাৱধানে আৰু পৰিমাণ বুজি, এই মত পুষ্টিবিদ শ্ৰেয়া চক্ৰৱৰ্তীৰ। তেওঁৰ মতে, দাইলত প্ৰ’টিনৰ লগতে কিছু পৰিমাণে পটাছিয়াম, ভিটামিন আৰু খনিজ পদাৰ্থও থাকে। বহুতে ভাবে যে কিডনীৰ ৰোগত প্ৰ’টিন মানেই ক্ষতিকাৰক, সেয়েহে দাইল খাব নোৱাৰি। কিন্তু এই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয়।
কোনবিধ দাইল খাব পাৰিব?
পুষ্টিবিদগৰাকীৰ মতে, কিডনীৰ ৰোগীসকলে মগু দাইল, ৰহৰ দাইল আৰু মাটি মাহৰ দাইল খাব পাৰিব। অৱশ্যে পৰিমাণৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব। সম্পূৰ্ণৰূপে দাইল খোৱা বন্ধ কৰাৰ প্ৰয়োজন নাই, বৰং পৰিমিত পৰিমাণে খালেই হ’ব। ইয়াৰ উপৰি দাইল খাবলৈ হ’লে কিডনীৰ ৰোগীসকলে কেইটামান নিয়ম মানি চলিবলৈও পৰামৰ্শ দিয়ে পুষ্টিবিদগৰাকীয়ে।
১. এদিনত এবিধ প্ৰ’টিনহে খাব: দাইল যেনেকৈ প্ৰ’টিনৰ উৎস, ঠিক তেনেকৈ মাছ-মাংসতো প্ৰ’টিন থাকে। যিদিনা মাছ বা মাংস খাব, সেইদিনা দাইল খোৱাৰ পৰা বিৰত থাকক। দুয়োবিধ খাদ্য একেলগে খালে শৰীৰত প্ৰ’টিনৰ মাত্ৰা বৃদ্ধি পাব পাৰে। সেয়েহে প্ৰ’টিনৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ এই কথাটো মনত ৰখা উচিত।
২. তিয়াই লৈ ৰান্ধক: দাইল ৰন্ধাৰ আগতে ভালদৰে তিয়াই থৈ তাৰ পিছত পানীখিনি পেলাই দিয়ক। ইয়াৰ ফলত দাইলত থকা অতিৰিক্ত পটাছিয়ামৰ পৰিমাণ বহু পৰিমাণে কমি যায়, যিটো কিডনীৰ ৰোগীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ।
পুষ্টিবিদৰ পৰামৰ্শ অনুসৰি, দাইলক লৈ আতংকিত নহৈ কিমান পৰিমাণৰ দাইল খালে শৰীৰৰ ক্ষতি নহ’ব, সেই বিষয়ে কিডনীৰ ৰোগীসকলে নিজৰ চিকিৎসক বা পুষ্টিবিদৰ পৰা জানি লোৱা উচিত। সঠিক পৰিমাণে দাইল খালে শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ কৰিব আৰু কিডনীৰ ওপৰতো অতিৰিক্ত চাপ নপৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।