কিন্তু নাৰ্জী ফুলৰ মালাৰ পৰিৱৰ্তে আপুনি আপোনাৰ ভিতৰৰ অংশটো বেলেগ ধৰণে সজাব পাৰে। গোলাপৰ পৰা পদুম আৰু অৰ্কিডলৈকে যিকোনো ফুল কেনেকৈ ব্যৱহাৰ কৰিব?
পদুম
বগা পদুম, ৰঙা পদুম, হাজাৰ পাহিৰ পদুম- বিভিন্ন ধৰণৰ পদুম ফুল যোগাৰ কৰিব পাৰিলে সেইবোৰেৰেই ঘৰখন সজাই তোলক। বহা কোঠাৰ মেজৰ ওপৰত বা ঘৰৰ চুকত থকা টুল এখনৰ ওপৰত পিতলৰ এটা ডাঙৰ ধুনীয়া পাত্ৰ ৰাখক। তাত পানী ভৰাই ২-৩ টা পদুম ফুল ওপঙাই দিয়ক। মাজভাগত এটা ওপঙি থকা চাকি জ্বলাই দিয়ক। অতি সহজ চিন্তা, কিন্তু দেখিবলৈ একেবাৰে চকুতলগা লাগিব।
বোতাম, হালধীয়া, বগা আদি বিভিন্ন ৰঙৰ জাৰবেৰা ফুল সহজেই পোৱা যায়। কাঁচ, পিতল বা মাৰ্বলৰ ফুলদানীত বিভিন্ন ৰঙৰ জাৰবেৰা একোছা সজাই ৰাখক। শোৱা কোঠা, বহা কোঠা, যিকোনো ঠাইতে ই খাপ খাই পৰিব। কাঁচৰ ধুনীয়া ডাঙৰ পাত্ৰ এটাত ফুল সজোৱা কাঁটাত ফুলৰ ঠাৰিডাল লগাই দিয়ক। সেইটো পাত্ৰটোত ৰাখি এমুঠি ৱাটাৰ বল বাকি দিয়ক। ইয়াৰ দ্বাৰা কাঁটাডাল ঢক খাই পৰিব। ওপৰৰ পৰা পানী দিয়ক। ফুলটো পানীৰ তলত থাকিব। ওপৰত এটা ওপঙি থকা চাকি জ্বলাই দিয়ক।
গোলাপ
গোলাপ ফুলদানিত সজাই থব পাৰি। কিন্তু দীপাৱলীৰ ঘৰৰ সাজ-সজ্জা অলপ ব্যতিক্ৰমী হওক। এটা স্বচ্ছ কাঁচৰ ফুলদানি লওক। ঠাৰি বা বৃন্তসহ পাঁচটা ফুল একেবাৰে তলৰ অংশত সজাই দিয়ক। তাৰ পিছত তাত পানীৰ তলত ডুবাই ৰাখিব পৰা পোহৰৰ চেইন দিয়ক। কিছু গোলাপৰ পাপৰি ছতিয়াই দিয়ক। ইয়াৰ সৈতে পানীত ফুলি উঠা স্বচ্ছ বাবল বা ক্ৰিষ্টেল বল (water beads) যোগ কৰক। । বহুতবোৰ বাবল দি, ঠাৰিৰে সৈতে গোলাপ ফুলটো থিয়কৈ গুজি দিয়ক। আকৌ অলপ বাবল দিয়ক। শেষত পানী ঢালি দিয়ক। এতিয়া পোহৰখিনি জ্বলাই দিয়ক। ফুলদানিটোৰ সৌন্দৰ্য দেখি আপুনি নিজেই আচৰিত হৈ যাব।
অৰ্কিড
এটা স্পঞ্জত কেইটামান বিভিন্ন ৰঙৰ অৰ্কিড ফুল গুজি লওক। সৰু ঘূৰণীয়া ফুলদানী এটাত গছৰ সেউজীয়া পাতবোৰ ধুনীয়াকৈ ভৰাই দিয়ক। তাৰ মাজত স্পঞ্জটো সোমাই দিয়ক। অৰ্কিড ফুলবোৰ সুন্দৰভাৱে সজ্জিত হৈ থাকিব।
কাৰ্নেচন
দীঘল ঠাৰি ৰাখি ফুলবোৰ কাটি লওক। একে ৰঙৰ সলনি বিভিন্ন ৰঙৰ বা বাৰে-বৰণীয়া ফুলাও ব্যৱহাৰ কৰিব পাৰে। এটা ধুনীয়া ফুলদানীত সজাই ৰাখিলেই ঘৰখন ধুনীয়া দেখাব। ফুলবোৰত লাইটৰ চেইন মেৰিয়াই দিয়ক।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।