Monday, 09 November 2026
লগইন

পুনৰ নাও দুৰ্ঘটনা হৈ ৩০ জনৰ মৃত্যু,বহু লোকক উদ্ধাৰ

নাও দুৰ্ঘটনা হৈ ৩০ জনৰ মৃত্যু

নিউজ ডেস্ক : উত্তৰ-পশ্চিম ছেনেগালৰ উপকূলত প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থী কঢ়িয়াই নিয়া এখন সৰু নাও ডুবি যোৱাৰ ফলত প্ৰায় ৩৪ জন লোকৰ মৃত্যু হৈছে । ছেনেগালৰ গৃহ মন্ত্ৰালয়ে দেওবাৰে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি এজন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। 'অ্যাকচন ফৰ হিউমেন ৰাইটচ এণ্ড ফ্ৰেণ্ডশ্বিপ' (ADHA)-ই জাৰি কৰা এক বিবৃতিতো APS-এ প্ৰকাশ কৰা মৃতকৰ সংখ্যা নিশ্চিত কৰিছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, শনিবাৰে ডাকাৰ আৰু উত্তৰৰ চহৰ চেইণ্ট-লুইছৰ মাজৰ কেবেমাৰ বিভাগৰ লুম্পুল বালিয়াৰিৰ (Loumpoul dunes) উপকূলত এই দুৰ্ঘটনা হয় । 'লে চোলিল' (Le Soleil) নামৰ বাতৰি কাকতখনে প্ৰকাশ কৰিছে যে ভুক্তভোগীসকলৰ সৰহ সংখ্যকেই লিওনা আৰু থিয়েপে জিলাৰ বাসিন্দা আছিল।
প্ৰব্ৰজনকাৰীৰ অধিকাৰ সুৰক্ষা গোট 'ৱাকিং বৰ্ডাৰ্চ' (Walking Borders)-ৰ তথ্য অনুসৰি, শেহতীয়া বছৰবোৰত পশ্চিম আফ্ৰিকাৰ পৰা স্পেইনৰ কেনাৰী দ্বীপপুঞ্জত প্ৰৱেশ কৰাৰ প্ৰয়াস কৰি হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত চলিত বৰ্ষৰ প্ৰথম পাঁচ মাহতে ৬৩৫ জন লোকৰ মৃত্যু হৈছে।

প্ৰব্ৰজনকাৰী কঢ়িয়াই অনা নাৱৰ আগমন হঠাত বৃদ্ধি পোৱাৰ পিছত শনিবাৰে স্পেনিছ কৰ্তৃপক্ষই কেনাৰী দ্বীপপুঞ্জৰ এল হিয়েৰ’ত (El Hierro) জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। এল হিয়েৰ’ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, নৱেম্বৰ মাহৰ আৰম্ভণিৰে পৰা প্ৰায় ৩০ খন নাৱত ৩,৩০০ তকৈও অধিক লোক তাত উপস্থিত হৈছে।
##bigupdate #newsupdate #tragicincident #st.louis #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।