Monday, 09 November 2026
লগইন

দেৱালী অনুষ্ঠানত উগ্র দক্ষিণপন্থী কৰ্মীয়ে দেখালে হিন্দু বিৰোধী প্লেকাৰ্ড। ঘটনাৰ লৈ উত্তেজনা

দিপাৱলী অনুষ্ঠানত অথন্তৰ!

নিউজ ডেস্ক : আমেৰিকাৰ ছিয়াটলত দীপাৱলী উদযাপনত বিঘিনি ঘটোৱাৰ চেষ্টা চলাইছিল উগ্ৰ দক্ষিণপন্থী গোষ্ঠীয়ে। স্থানীয় সময় অনুসৰি শনিবাৰে উক্ত অনুষ্ঠানত বৰ্ণবিদ্বেষী প্লেকাৰ্ড হাতত লৈ দল-বলসহ প্ৰৱেশ কৰি বিশৃংখলতা সৃষ্টিৰ চেষ্টা চলায় কট্টৰ দক্ষিণপন্থী মাৰ্কিন সমাজকৰ্মী জেক লেঙে। তেওঁলোকৰ হাতত থকা প্লেকাৰ্ডত কপালত ফোঁট বা তিলক লোৱা ভাৰতীয় আৰু হিন্দুসকলক উদ্দেশ্যি অপমানজনক শব্দ (‘ডট হেডছ’) ব্যৱহাৰ কৰি সকলোকে দেশৰ পৰা বিতাড়িত কৰাৰ দাবী জনোৱা হৈছিল। অৱশ্যে অনুষ্ঠানস্থলীত উপস্থিত থকা লোকসকলেই তেওঁলোকক বাধা দি খেদি পঠিয়ায়।

ঘটনাটোৰ পাছতেই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত সেই বিশৃংখলতাৰ ছবি প’ষ্ট কৰি হিন্দুসকলক উদ্দেশ্যি অশ্ৰাব্য গালি-গালাজ কৰে লেঙে। টেক্সাছত ডেম’ক্ৰেটসকলৰ বিজয়ৰ আঁৰত হিন্দুসকলেই দায়ী বুলি তেওঁ অভিযোগ তোলে। নিজৰ প’ষ্টত লেঙে লিখে, “চিয়েটলৰ দীপাৱলী উৎসৱত কেইবাডজনো এণ্টিফা (বাওঁপন্থী ফেচিবাদ-বিৰোধী গোট) আৰু হিন্দুৱে আমাৰ ওপৰত জঁপিয়াই পৰিছিল! মোৰ ধাৰণা, আমাৰ প্লেকাৰ্ডবোৰ সিহঁতৰ পছন্দ হোৱা নাছিল! হিন্দুসকলেই টেক্সাছক ‘নীলা’ কৰিছে।”

উল্লেখ্য যে, সদ্যসমাপ্ত মাৰ্কিন মিডটাৰ্ম বা মধ্যৱৰ্তীকালীন নিৰ্বাচনত টেক্সাছত ছিনেট আৰু গৱৰ্ণৰ— দুয়োটা আসনতে জয়লাভ কৰিছে ডেম'ক্ৰেটসকলে। ছিনেট আসনত জয়ী হৈছে জেমছ টালাৰিকো আৰু গৱৰ্ণৰ হৈছে জিনা হিনোজোছা। কানছাছ আৰু টেক্সাছৰ দৰে প্ৰদেশত ডেম'ক্ৰেটসকলৰ এই উত্থানৰ পাছতেই ভোটত কাৰচুপি হোৱাৰ অভিযোগ তুলিছে ল্যাঙে। ২০২১ চনৰ ৬ জানুৱাৰীৰ মাৰ্কিন কেপিটল আক্ৰমণৰ বৰ্ষপূৰ্তিৰ ঠিক আগমুহূৰ্তত, অহা বছৰৰ ৩ জানুৱাৰীত এই নিৰ্বাচনী ফলাফলৰ প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰতিবাদত তেওঁ ৱাশ্বিংটন ডিচিৰ কেপিটল ভৱন অভিযানৰ আহ্বান জনায়।

তথ্য অনুসৰি, 'হোৱাইট ৰিপ্লেচমেণ্ট' নামৰ এটা সংগঠনৰ মুৰব্বী এই জেক লেং ২০২১ চনৰ ৬ জানুৱাৰীত আমেৰিকাৰ কেপিটলত হোৱা আক্ৰমণৰ অন্যতম অভিযুক্ত আছিল। সেই ঘটনাত চাৰি বছৰ কাৰাবাস খাটাৰ পাছত ২০২৫ চনত ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা প্ৰথম দিনটোতেই তেওঁক ক্ষমা কৰি দিয়ে।

গুৰুত্বপূৰ্ণভাৱে ছিয়েটলৰ এই ঘটনাটোৰ কিছুদিন আগতেই চিকাগোৰ ওচৰৰ এটা হিন্দু মন্দিৰত নিৰ্বিচাৰ গুলীচালনাৰে গণহত্যা সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত আলেকজেণ্ড্ৰ'ছ পাপোৰাকিছ নামৰ এজন ১৯ বছৰীয়া যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নাজী মতাদৰ্শত বিশ্বাসী এই সোঁপন্থী যুৱকজনে মন্দিৰটোত আক্ৰমণৰ এক বিশদ পৰিকল্পনা প্ৰস্তুত কৰিছিল বুলি অভিযোগ উঠিছে। ইটোৰ পিছত সিটোকৈ ঘটা এনে ঘটনাসমূহে প্ৰবাসী ভাৰতীয়সকলৰ নিৰাপত্তাক লৈ উদ্বেগৰ সৃষ্টি কৰিছে।

যদিও ছিয়াটলৰ এই অপ্ৰীতিকৰ ঘটনাৰ ঠিক আগতেই হোৱাইট হাউছৰ অ’ভেল অফিচত প্ৰবাসী ভাৰতীয় প্ৰযুক্তি উদ্যোগপতি বিশাল গোণ্ডাল, ৰান্ধনী (শ্বেফ) বিকাশ মেহতা আৰু অন্যান্যসকলৰ সৈতে চাকি জ্বলাই দীপাৱলী উদযাপন কৰে স্বয়ং মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অনুষ্ঠানটোত ট্ৰাম্পৰ হাতত ‘হনুমান চালিছা’ৰ এটা প্ৰতিলিপিও তুলি দিয়া হয়।

আনহাতে ৱাশ্বিংটন প্ৰদেশৰ গৱৰ্ণৰ বব ফাৰ্গুছনেও অলিম্পিয়াৰ প্ৰাদেশিক বিধানসভা ভৱনত ভাৰতীয় কনছাল জেনেৰেল আৰু ছিনেটৰ মানকা ধিংৰাৰ সৈতে দীপাৱলী উদযাপন কৰে। ফাৰ্গুছনে ‘এক্স’ (X)-ত জনায় যে, চলিত দেওবাৰৰ দিনটোক তেওঁ ৱাশ্বিংটন প্ৰদেশত আনুষ্ঠানিকভাৱে ‘পোহৰৰ উৎসৱ দীপাৱলী’ হিচাপে ঘোষণা কৰিছে। যোৱা এটা দশকত তেওঁলোকৰ প্ৰদেশতেই ভাৰতীয় মূলৰ আমেৰিকান নাগৰিকৰ সংখ্যা দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুত হাৰত বৃদ্ধি পাইছে আৰু প্ৰদেশখনৰ উন্নয়নত তেওঁলোকৰ বিপুল অৱদান আছে বুলিও গৱৰ্ণৰগৰাকীয়ে গৌৰৱ প্ৰকাশ কৰে।
##bigupdate #newsupdate #diwali #america #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।