নিউজ ডেস্ক : উগ্র সোঁপন্থী আদৰ্শৰ দ্বাৰা সম্ভৱতঃ প্ৰভাৱিত এজন পোলেণ্ডৰ বন্দুকধাৰীয়ে দক্ষিণ চহৰ ক্ৰাকোৰ মূল চ’কত ছয়জন লোকক গুলীয়াই হত্যা কৰে আৰু তাৰ পাছত আৰক্ষীয়ে তেওঁক গুলীবিদ্ধ কৰি গ্ৰেপ্তাৰ কৰে। বিষয়াৰ মতে, তেওঁৰ ঘৰৰ পৰা আন তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি শনিবাৰে জানিবলৈ দিয়ে।
পোলেণ্ডৰ অন্যতম প্ৰধান পৰ্যটনস্থলীৰ ঐতিহাসিক কেন্দ্ৰস্থলত তেজ আৰু মৃতদেহ সিঁচৰতি হৈ থকা দৃশ্যই এনে এখন দেশক স্তম্ভিত কৰি তুলিছে, যিয়ে অতীতত এনে আক্ৰমণৰ সাক্ষী হোৱা পশ্চিম ইউৰোপৰ চুবুৰীয়া দেশসমূহতকৈ নিজকে দীৰ্ঘদিন ধৰি অধিক সুৰক্ষিত বুলি গণ্য কৰি আহিছিল।
উল্লেখ্য যে, অভূতপূৰ্ব পৰিসৰৰ এই গণ গুলীচালনাৰ ঘটনাই অক্টোবৰ মাহত সংঘটিত হোৱা ধাৰাবাহিক বিদ্যালয়ত ছুৰীকাঘাতৰ ঘটনাবোৰৰ ফলত সৃষ্টি হোৱা অস্বস্তিৰ পৰিৱেশটোক আৰু অধিক বৃদ্ধি কৰিছে, যিবোৰ অনলাইনত থকা হিংসাত্মক আৰু উগ্ৰপন্থী সমলৰ দ্বাৰা প্ৰভাৱিত হৈছিল বুলি কৰ্তৃপক্ষই উল্লেখ কৰে।
গৃহমন্ত্ৰী মাৰ্চিন কিয়েৰউইনস্কিয়ে এক সংবাদমেলযোগে কয়, "সকলো কথাই এইটোৱেই ইংগিত দিয়ে যে গুলীচালনাকাৰীজন অতি-সোঁপন্থী (far-right) মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিল, যিটো বিষয়ৰো তদন্ত কৰা হ'ব।"
তেওঁ কয়, "আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত থকাৰ লগতে আভ্যন্তৰীণ নিৰাপত্তা সংস্থাৰএজেণ্টসকলো ইয়াত ঘটনাস্থলীত আৰু ব্যক্তিজনৰ পৈতৃক গৃহত উপস্থিত আছে।"
আৰক্ষীয়ে জনোৱা মতে এতিয়ালৈকে চিনাক্ত কৰা মৃত লোকসকলৰ এজন ব্ৰিটিছ নাগৰিক আছিল।
আনহাতে গৃহ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই জনায় যে, গুলীচালনাত আহত হোৱা পাঁচজন বিদেশী নাগৰিক অষ্ট্ৰিয়া, জাৰ্মানী, পৰ্তুগাল, ৰাছিয়া আৰু ব্ৰিটেইনৰ আছিল।
পোলেণ্ডৰ কৰ্তৃপক্ষই পূৰ্বে কৈছিল যে মৃতসকলৰ ভিতৰত চাৰিগৰাকী মহিলা আৰু দুজন পুৰুষ আছিল আৰু দুজন আৰক্ষী বিষয়া আহত হৈছিল।
বন্দুকধাৰীৰ ঘৰত মৃতদেহ উদ্ধাৰ
প্ৰধানমন্ত্ৰী ড'নাল্ড টাস্কে জনায় যে, ক্ৰাকভৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ উত্তৰে অৱস্থিত অ’ষ্ট্ৰ’ভিয়েক শ্বেয়েত’ক্ৰাইছকিৰ অভিযুক্ত আক্ৰমণকাৰীজনৰ ঘৰৰ পৰা দুজনী মহিলা আৰু এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
টাস্কে এখন জৰুৰীকালীন বৈঠকত কয় যে, মৃতদেহকেইটা তেওঁৰ নিকট পৰিয়ালৰ সদস্য বুলি যথেষ্ট ইংগিত পোৱা গৈছে। তেওঁ কয় যে সম্ভাব্য নিৰাপত্তাজনিত ভাবুকিৰ বাবে বন্দুকধাৰীজনৰ ঘৰৰ ভিতৰলৈ চাবলৈ এটা ড্ৰোন ব্যৱহাৰ কৰা হৈছিল।
"আমি জানো যে ঘৰটোৰ ভিতৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ থাকিব পাৰে" বুলি বৈঠকত উল্লেখ কৰে।
অষ্ট্ৰ’ৱিয়েক শ্বিয়েট’ক্ৰজিছকিৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰে যে বন্দুকধাৰীজনে বাস কৰা অট্টালিকাটোৰ পৰা বাসিন্দাসকলক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছে আৰু সন্ত্ৰাসবাদ বিৰোধী বাহিনীৰ বিষয়াসকলে অট্টালিকাটোত প্ৰৱেশ কৰে।
প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতি বিশেষ সেৱাসমূহৰ সমন্বয়ক মন্ত্ৰী টমাছ ছিমোনিয়াকে কয় যে পোলেণ্ডৰ আভ্যন্তৰীণ নিৰাপত্তা সংস্থা (ABW) আৰু সামৰিক কাউণ্টাৰ ইণ্টেলিজেন্স সেৱাই (SKW) এই তদন্তত সহায় কৰি আছে।
সামৰিক শৈলীৰ কাপোৰ
স্থানীয আৰক্ষীৰ এগৰাকী মুখপাত্ৰ কাটাৰজিনা চিছলোৱে কয়, "আক্ৰমণকাৰীজনে সামৰিক বাহিনীৰ দৰে কাপোৰ পিন্ধি আছিল আৰু সামৰিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁৰ বাহনখনতো বহুতো অস্ত্ৰ আৰু গোলাবাৰুদ পোৱা গৈছিল।"
আৰক্ষীৰ মুখপাত্ৰ আন্দ্ৰেজ ফিজোলেকে এটা ব্যক্তিগত সম্প্ৰচাৰক জনায় যে আক্ৰমণকাৰীজনে এটা এআৰ-১৫ (AR-15) ৰাইফল ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ ওচৰত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছিল।
আৰক্ষীৰ মতে, অভিযুক্ত বন্দুকধাৰীজন এজন ২৪ বছৰীয়া পোলেণ্ডৰ নাগৰিক। ঘটনাটোৰ একমাত্ৰ জ্ঞাত অপৰাধীজন আৰক্ষীৰ জিম্মাত আছে। তেওঁলোকে এই গুলীচালনাৰ কোনো উদ্দেশ্য উল্লেখ কৰা নাই। তেওঁলোকে এক্স (X)-ৰ এটা প’ষ্টত উল্লেখ কৰে।
আৰক্ষীয়ে জনোৱা মতে, আবেলি প্ৰায় ৩ বজাত (১৪০০ জি এম টি) তেওঁলোকে খবৰ লাভ কৰিবলৈ আৰম্ভ কৰে যে পোলেণ্ডৰ দ্বিতীয় বৃহত্তম তথা জনপ্ৰিয় পৰ্যটনস্থলী চহৰখনৰ চকটোত এজন আক্ৰমণকাৰীয়ে এখন গাড়ীৰ পৰা গুলীচালনা কৰি তাত থকা লোকসকলৰ ওপৰত নিৰ্বিচাৰে গুলী চলাইছিল।
ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা অপ্ৰমাণিত ফুটেজত গুলীৰ শব্দ আৰু আৰক্ষীৰ ছাইৰেন বাজি থকাৰ মাজতে মানুহবোৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰা দেখা গৈছিল। আন এটা ভিডিঅ’ত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা শিলৰ পথত দুজন লোক পৰি থকা আৰু ওচৰতে থকা লোকসকলে তেওঁলোকক বচাবলৈ চেষ্টা চলাই থকা দেখা গৈছিল। ওচৰতে আন এজন লোক নিথৰ হৈ মাটিত পৰি আছিল।
"ড্ৰাইভাৰৰ ফালৰ খিৰিকীৰ পৰা গুলী চলোৱা মই দেখিছিলোঁ আৰু তাৰ পৰা ধোঁৱা ওলাই আছিল। মই মূল বজাৰ চৌহদত থকা আৰক্ষী থানালৈ দৌৰি গৈছিলোঁ; যেতিয়া মই ভিতৰত সোমাই গ’লোঁ, তেতিয়া তাত বহুত মানুহ মজিয়াত লুকাই থকা দেখিছিলোঁ," গুলীচালনাৰ ঘটনা প্ৰত্যক্ষ কৰা আৰু নিজৰ নাম কেৱল কনৰাড বুলি পৰিচয় দিয়া এজন লোকে এটা সংবাদ ৱেবছাইটত এইদৰে উল্লেখ কৰে।
জুলেক নামৰ এজন ৬৭ বছৰীয়া লোকে ৰয়টাৰ্ছক জনায় যে তেওঁ হঠাৎ এখন ক'লা ৰঙৰ গাড়ী আহি থকা দেখিছিল, আৰু তাৰ পিছতে গাড়ীখনৰ চালকজনে এদল লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পৰা পলাই যায়।
তেওঁ কয়, "যদি আমি দুই মিনিট আগতে আহিলোঁহেঁতেন, তেন্তে আমাক হয়তো গুলীয়াই দিলেহেঁতেন।"
ছ'চিয়েল মিডিয়াত প্ৰচাৰিত অসত্য বা সত্যতা নিৰূপণ নোহোৱা ভিডিঅ'ত দেখা গৈছে যে পৰ্যটকৰ মাজত জনপ্ৰিয় পৰম্পৰাগত ঘোঁৰাৰ গাড়ীসমূহ মেইন মাৰ্কেট স্কোৱেৰৰ মাজেৰে পাৰ হৈ যোৱা বা ওচৰতে ৰখাই থোৱা অৱস্থাতে তাত গুলীচালনা সংঘটিত হৈছিল।
তথ্য অনুসৰি, এজন মানুহক সুন্দৰ চ’কটোৰ কাষত থকা বহুতো ৰেষ্টুৰেণ্ট আৰু কেফেৰ এখনত আশ্ৰয় লোৱা দেখা গৈছিল।
ৰাজ্যিক শোক
কিয়েৰউইনস্কিয়ে অভিযুক্তক কৰায়ত্ত কৰা বিষয়াসকলৰ বীৰত্বক প্ৰশংসা কৰে। তেওঁ কয় যে আৰক্ষীয়ে এক বহুত ডাঙৰ হত্যাকাণ্ড ৰোধ কৰিলে, যিটো অন্যথা সংঘটিত হ’ব পাৰিলেহেঁতেন। খবৰ পোৱাৰ মাত্ৰ তিনি মিনিটৰ পাছতে তেওঁলোকে আক্ৰমণকাৰীলৈ গুলীচালনা কৰে।
ৰাষ্ট্ৰপতি কাৰোল নাৱৰোকিৰ এগৰাকী মুখপাত্ৰই কয় যে তেওঁ ৮ আৰু ৯ নৱেম্বৰত ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা কৰিব।
উল্লেখ্য যে, নৱৰকিয়ে X ত লিখে, "মোৰ সমবেদনা ভুক্তভোগীসকল, আহতসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে আছে
ইতিমধ্য়ে ইউৰোপৰ বিভিন্ন প্ৰান্তৰ পৰা স্তম্ভিত হোৱাৰ খবৰ আৰু শোকবাৰ্তাৰ সোঁত ব'বলৈ ধৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এই গুলীচালনাৰ ঘটনাক "স্তম্ভিতকাৰী" বুলি অভিহিত কৰে। তেওঁ X ত লিখে, "ইউক্ৰেইনৰ জনসাধাৰণৰ হৈ আৰু ব্যক্তিগতভাৱে মই ভুক্তভোগীসকলৰ পৰিয়ালবৰ্গ তথা আপোনজনলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।"

ইউৰোপীয় বৈদেশিক নীতিৰ মুৰব্বী কাজা কাল্লাছে ইয়াক 'পোলেণ্ডৰ বহু বাহিৰতো অনুভৱ কৰিবলগীয়া 'এক দুখজনক ঘটনা' বুলি অভিহিত কৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।