Monday, 09 November 2026
লগইন
ব্ৰেকিং

নেতানিয়াহুক ক্ষমতাচুত্য কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পথত আইজেনকোটক

আইজেনকোটক ইজৰাইলৰ প্ৰধানমন্ত্ৰী হোৱা পথত

নিউজ ডেস্ক: কোন হ'ব ইজৰাইলৰ প্ৰাধনমন্ত্ৰী ? যিহেতুকে যোৱা নিৰ্বাচনত কোনো এটা মিত্ৰজোঁটেই স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ পিছত, ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে (Isaac Herzog) দেশখনৰ পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে প্ৰাক্তন সেনা প্ৰধান তথা 'যশৰ' (Yashar) দলৰ মুৰব্বী গাদী আইজেনকোটক (Gadi Eisenkot) দায়িত্ব অৰ্পণ কৰিছে । ইয়াৰ ফলত ক্ষমতা ধৰি ৰখাৰ ক্ষেত্ৰত বেঞ্জামিন নেতানিয়াহুৰ (Benjamin Netanyahu) প্ৰচেষ্টাই এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।

দাবী কৰা অনুসৰি, ৬৭ গৰাকী সাংসদৰ সমৰ্থন থকা আইজেনকোটে এতিয়া এটা মিত্ৰজোঁট চৰকাৰ গঠন কৰিবলৈ আৰু ইজৰাইলৰ আটাইতকৈ দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰীগৰাকীক ক্ষমতাচ্যুত কৰিবলৈ ২৮ দিন সময় লাভ কৰিছে । ইজৰাইলৰ ১২০ খন আসনযুক্ত সংসদ 'নেছেট'ৰ (Knesset) দলসমূহৰ সৈতে বৈঠক মিলিত হোৱাৰ পিছত ৰাষ্ট্ৰপতি হাৰ্জগে এই সিদ্ধান্ত গ্ৰহণ কৰে । 

২৭ অক্টোবৰৰ নিৰ্বাচনত দেশখনত এক বিভাজিত ফলাফল দেখা গৈছিল আৰু কোনো এটা মিত্ৰজোঁটেই সংখ্যাগৰিষ্ঠতাৰ ওচৰ চাপিব পৰা নাছিল । আইজেনকোটে এতিয়া মিত্ৰজোঁট চৰকাৰ গঠনৰ প্ৰথম সুযোগ পাইছে, আৰু ইয়াৰ সৈতে ইজৰাইলৰ ৰাজনীতিত নেতানিয়াহুৰ দীৰ্ঘদিনীয়া নিয়ন্ত্ৰণৰ অন্ত পেলোৱাৰো এক সম্ভাৱনা সৃষ্টি হৈছে ।

দেওবাৰে, স্থানীয় সময় অনুসৰি আবেলি ৫ বজাত জেৰুজালেমস্থিত ৰাষ্ট্ৰপতিৰ বাসভৱনত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত এই চৰকাৰ গঠনৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ'ব। ৰাষ্ট্ৰপতি হাৰ্জগে এই সিদ্ধান্ত লোৱাৰ পূৰ্বে নেতানিয়াহু আৰু আইজেনকোট উভয়ৰে সৈতে কথা পাতিছিল আৰু তেওঁ আইজেনকোটকে বাচনি কৰাৰ পৰিকল্পনা কৰা বুলি দুয়োকে জনাইছিল। 

দলসমূহৰ সৈতে কৰা আলোচনাৰ পাছত ৬৭ গৰাকী সাংসদে আইজেনকোটক সমৰ্থন কৰাৰ বিপৰীতে ৪৬ গৰাকীয়ে নেতানিয়াহুক সমৰ্থন কৰে । আনহাতে ৭ গৰাকী সাংসদে কাৰো নাম পৰামৰ্শ কৰা নাছিল । আইজেনকোটক সমৰ্থন কৰা ৬৭ গৰাকী সাংসদৰ বিভাজন এনেধৰণৰ: 'চেঞ্জ ব্লক'ৰ (Change Bloc) পৰা ৪৮ গৰাকী, আৰব দল 'ৰা আম'ৰ (Ra'am) পৰা ৭ গৰাকী আৰু 'জয়েন্ট লিষ্ট'ৰ (Joint List) পৰা ১২ গৰাকী ।
##Israelpresident #Eisenkot #PMBenjaminNetanyahu #GadiEisenkot

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।