নিউজ ডেস্ক : ফ্ৰান্সত একেৰাহে চতুৰ্থটো সপ্তাহটো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । শনিবাৰে দেশখনত জীৱন ধাৰণৰ ক্ৰমবৰ্ধমান ব্যয়ৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰায় ১,৪৬,০০০ লোকে সমদল উলিয়ায়, যাৰ ভিতৰত পেৰিছতে ৪৬,০০০ লোক আছিল বুলি গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।
ট্ৰেড ইউনিয়নে সমগ্ৰ দেশতে প্ৰতিবাদকাৰীৰ সংখ্যা ২, ৫০,০০০ আৰু ৰাজধানীত ৭৫,০০০ বুলি দাবী কৰিছে। ট্ৰেড ইউনিয়নসমূহে আয়োজন কৰা এটা সমদলত প্ৰায় ৫,৭৫,০০০ লোকে অংশগ্ৰহণ কৰাৰ মাত্ৰ কেইদিনমান পিছতে এই প্ৰতিবাদসমূহ দেখা গৈছে। শনিবাৰে সমগ্ৰ দেশতে প্ৰায় ৭০,০০০ নিৰাপত্তাকৰ্মী মোতায়েন কৰা হৈছিল আৰু গৃহমন্ত্ৰী লৰেণ্ট নুনেজে সতৰ্ক কৰি দিছিল যে, হিংসাত্মক বা লুটপাটত লিপ্ত হোৱা যিকোনো লোকৰ বাবে কৰ্তৃপক্ষ "সষ্টম আৰু সাজু" হৈ থাকিব।
পূৰ্বৰ সপ্তাহবোৰৰ তুলনাত এইবাৰ লোকৰ উপস্থিতি কম আছিল যদিও ৰাজধানী পেৰিছত আৰক্ষী আৰু একাংশ প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। চিএলপ্ৰেছ (CLPRESS) সংবাদ সংস্থাই অনলাইনত প্ৰকাশ কৰা ভিডিঅ'ত দেখা গৈছে যে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ ব্যৱহাৰ কৰিছে আৰু তেওঁলোকৰ ওপৰত জপিয়াই পৰিছে। এজন আৰক্ষী বিষয়াই প্ৰতিবাদকাৰী এজনক লাঠীৰে কোবোৱাও দেখা গৈছে।
এএফপি (AFP) সংবাদ সংস্থাৰ মতে, পেৰিছৰ এখন স্কোৱাৰত জাবৰৰ ডাবাত জুই লগোৱা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ সময়ত ২০০ জনীয়া এটা দলে আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় বুলি আৰক্ষীয়ে জনায়

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।