নিউজ ডেস্ক : দেওবাৰে পুৱাই ৫.৭ প্ৰাথমিক প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় জাপানত । যাৰ ফলত কৰ্তৃপক্ষই জৰুৰীকালীন সঁহাৰি ব্যৱস্থা সক্ৰিয় কৰিবলৈ বাধ্য হয় । জাপানী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই জোকাৰণিত প্ৰায় ২০ লোক আহত হৈছে ।
জাপান বতৰ বিজ্ঞান সংস্থা (JMA)ৰ উদ্ধৃতি দি জাপানী দৈনিক ‘দ্য মেইনিচি’য়ে প্ৰকাশ কৰা অনুসৰি, স্থানীয় সময় অনুসৰি পুৱা ১:০৪ বজাত প্ৰায় ৪০ কিলোমিটাৰ গভীৰতাত শ্বিজুওকা প্ৰেফেকচাৰৰ পশ্চিম অংশত অভিকেন্দ্ৰসহ এই ভূমিকম্পটো সংঘটিত হয়।
ইফালে, জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা য়ে নিশ্চিত কৰিছে যে চিতা চহৰত তীব্ৰ জোকাৰণি ৰেকৰ্ড কৰা হৈছে আৰু ছুনামীৰ কোনো ভাবুকি নাই বুলি কয় ।
এক্স (X)-ত টাকায়ে লিখে, "আজি পুৱা প্ৰায় ১:০৪ বজাত পশ্চিম শ্বিজুওকা প্ৰেফেকচাৰত অভিকেন্দ্ৰ থকা এটা ভূমিকম্পই জোকাৰি যায় আৰু আইচি প্ৰেফেকচাৰৰ চিতা চহৰত জাপানী ভূমিকম্পৰ তীব্ৰতা জুখিব পৰা স্কেলত সৰ্বাধিক ৫’ তীব্ৰতাৰ জোকাৰণি ৰেকৰ্ড কৰা হয় । ছুনামিৰ কোনো আশংকা নাই ।"
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে পৰিস্থিতি নিৰীক্ষণ আৰু সঁহাৰিৰ বাবে সমন্বয় ৰক্ষা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সংকট ব্যৱস্থাপনা কেন্দ্ৰত এটা লিয়াজো কাৰ্যালয় (যোগাযোগ কাৰ্যালয়) স্থাপন কৰিছে। প্ৰভাৱিত অঞ্চলৰ বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনাই তেওঁ লগতে কয়, "তীব্ৰ জোকাৰণি অনুভৱ কৰা অঞ্চলৰ সকলোকে একে প্ৰাবল্যৰ আন এটা ভূমিকম্পৰ সম্ভাৱনাক লৈ সতৰ্ক হৈ থাকিবলৈ মই অনুৰোধ জনাইছো ।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।