নিউজ ডেস্ক : গুৱাহাটীৰ বামুণীমৈদামত চাঞ্চল্যকৰ ঘটনা । এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰই মাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । গীতানগৰৰ গুৰুকুল স্কুলৰ ছাত্ৰ বুলি জানিব পৰা কিশোৰগৰাকী । ইফালে এই ঘটনাৰ পাছতে মহানগৰীৰ এবিচি (ABC) অঞ্চলৰ এটা অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে ছাত্ৰজনে ।
প্ৰাৰম্ভিক খবৰ অনুসৰি, ১৩ নৱেম্বৰৰ সন্ধিয়া গুৱাহাটীৰ বামুণীমৈদামৰ হালধি মিল এলেকাৰ পূব জ্যোতিনগৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। ছাত্ৰগৰাকীয়ে চোকা অস্ত্ৰৰে মাতৃক আক্ৰমণ কৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। কি পৰিস্থিতিত এই ঘটনা সংঘটিত হ'ল, সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।
আহত মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান তেওঁ ICU চিকিৎসাধীন হৈ আছে। প্ৰতিবেদন অনুসৰি, মাতৃক আক্ৰমণ কৰাৰ পিছতে ছাত্ৰগৰাকীয়ে নিজৰ বিদ্যালয়ৰ গ্ৰুপত ঘটনাটোৰ বিষয়ে উল্লেখ কৰিছিল।
গীতানগৰৰ গুৰুকুল স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে পিছত গুৱাহাটীৰ এবিচি অঞ্চলৰ এটা অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। তেওঁৰ মৃত্যুৰ পূৰ্বৰ পৰিস্থিতি বা কি কাৰণত মাতৃক আক্ৰমণ কৰিলে, সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য পোৱা হোৱা নাই।
ছাত্ৰগৰাকীয়ে জঁপিওৱা অট্টালিকাটোৰ নামক লৈ প্ৰাৰম্ভিক তথ্যত কিছু বিসংগতি দেখা গৈছে। কিছুমান প্ৰাৰম্ভিক প্ৰতিবেদনত অট্টালিকাটোৰ নাম 'ময়ূৰ হাইটছ' বুলি উল্লেখ কৰা হৈছিল যদিও পিছৰ তথ্যত এবিচি অঞ্চলৰ 'ময়ূৰ গাৰ্ডেন' বুলি কোৱা হৈছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।