এই দলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ সৈতে কাম কৰা লোকসকলৰ আত্মীয় আৰু অন্ততঃ এজন সমকামী ব্যক্তি অন্তৰ্ভুক্ত আছে, যিয়ে আফগানিস্তানলৈ ঘূৰাই পঠিয়ালে গুৰুতৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে। ৩ গৰাকী U.S বিষয়াই এটা সংবাদ সংস্থাক জনোৱা মতে, প্ৰথমখন বিমান ২ নৱেম্বৰতে যাত্ৰা কৰিব পাৰে য’ত আৱদ্ধ লোকসকলক আফগানিস্তানৰ সীমান্ত পাৰ কৰি পঠিওৱাৰ পূৰ্বে প্ৰথমতে পাকিস্তানলৈ স্থানান্তৰ কৰা হ’ব।
তথ্য অনুসৰি, প্ৰস্তাৱিত অভিযানটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আফগানসকলৰ এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ একক বহিষ্কাৰ বা দেশান্তৰকৰণ হিচাপে চিহ্নিত হ’ব পাৰে। ট্ৰাম্প প্ৰশাসনে এই অভিযানৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰা নাই। অৱশ্যে, বিষয়াসকলে এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাক জনায় যে, এই দেশান্তৰকৰণৰ প্ৰকৃত উদ্দেশ্য হৈছে বন্দীসকলক পুনৰ আফগানিস্তানলৈ ঘূৰাই পঠোৱা। কিছুমান প্ৰব্ৰজনকাৰীক আমেৰিকাৰ ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টৰ তৰফৰ পৰাও ইতিমধ্যে অৱগত কৰা হৈছে যে তেওঁলোকক তালৈ পঠিয়াই থকা হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন গণ বহিষ্কাৰ পৰিকল্পনাই কেনেকৈ কাম কৰিব
পাকিস্তানৰ মাজেৰে যোৱা এই পথটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনক আফগানসকলক পোনপটীয়াকৈ তেওঁলোকৰ গৃহভূমিলৈ দেশান্তৰ কৰাৰ অসুবিধাটো অতিক্ৰম কৰাৰ এটা উপায় দিছে। ৱাশ্বিংটনৰ তালিবান চৰকাৰৰ সৈতে কোনো কূটনৈতিক সম্পৰ্ক নাই আৰু সেইবাবেই স্বাভাৱিক কূটনৈতিক মাধ্যমেৰে এই বহিষ্কাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব নোৱাৰে।
উল্লেখ্য যে, আমেৰিকাত থকা কিছুসংখ্যক আফগান নাগৰিকে আমেৰিকাৰ আদালতৰ পৰা আইনী সুৰক্ষাও লাভ কৰিছে। ইয়াৰ কাৰণ হিচাপে দৰ্শোৱা হৈছে যে তেওঁলোকক যদি পুনৰ আফগানিস্তানলৈ ঘূৰাই পঠোৱা হয় তেন্তে তেওঁলোকে তাত নিৰ্যাতনৰ সন্মুখীন হ’ব লগীয়া হ’ব পাৰে।
তথ্য অনুসৰি, অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰব্ৰজন কেন্দ্ৰৰ পৰা আটক কৰি ৰখা লোকসকলক লুইজিয়ানাৰ ডিটেনশ্যন চেণ্টাৰলৈ স্থানান্তৰ কৰা হৈছে। আদালতৰ নথি-পত্ৰ অনুসৰি, নৱেম্বৰৰ প্ৰথম সপ্তাহত লুইজিয়ানাৰ আলেকজেণ্ড্ৰিয়াৰ পৰা ৰাওনা হ’বলগীয়া এখন বিশেষভাৱে চাৰ্টাৰ্ড কৰা বিমানৰ যাত্ৰীৰ তালিকাত অন্ততঃ এজন আফগান প্ৰব্ৰজনকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
তালিবান শাসনলৈ উভতি অহাৰ আশংকাত এগৰাকী আফগান সমকামী পুৰুষে চৰম ভয় তথা নিৰাপত্তাহীনতাত ভুগিছে
বহিষ্কাৰৰ সন্মুখীন হোৱা লোকসকলৰ ভিতৰত ৪৭ বছৰীয়া আফগান প্ৰব্ৰজনকাৰী মহম্মদো অন্যতম, যিয়ে তেওঁৰ জীৱনৰ বেছিভাগ সময় আমেৰিকাত কটাইছে। তেওঁ সদৰী কৰে যে, বিগত বছৰ তেওঁৰ বৈদ্যুতিক গাড়ীখন চাৰ্জ কৰি থকা অৱস্থাত ফেডাৰেল এজেণ্টসকলে তেওঁক আটক কৰিছিল।
মহম্মদৰ মতে, ১৯৮১ চনত ছোভিয়েট আক্ৰমণৰ পিছত তেওঁ মাত্ৰ দুবছৰ বয়সতে তেওঁৰ পৰিয়ালে আফগানিস্তান এৰি পলাই আহিছিল। চৰকাৰী নথি-পত্ৰ অনুসৰি, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত ডাঙৰ-দীঘল হৈছিল যদিও ২০০৩ চনত ডকাইতি আৰু এখন বিদ্যালয়ক ভাবুকি প্ৰদানৰ সৈতে জৰিত দুটা গুৰুতৰ অপৰাধৰ বাবে তেওঁ নিজৰ স্থায়ী বাসিন্দাৰ মৰ্যাদা হেৰুৱায়।
উল্লেখ্য যে, তেওঁ প্ৰায় তিনি বছৰ কাৰাগাৰত কটাইছিল আৰু পিছলৈ অনুপ্ৰৱেশ কৰ্তৃপক্ষৰ ওচৰত নিয়মীয়াকৈ হাজিৰা দি নিজৰ জীৱনটো পুনৰ গঢ়ি তুলিছিল। লগতে তেওঁ কয় যে তেওঁ নিজৰ যৌন পৰিচয়ক স্বীকাৰ কৰি লৈছে আৰু ২০২০ চনত এজন আমেৰিকান পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।
আফগানিস্তানলৈ উভতি গ’লে তেওঁৰ জীৱন বিপন্ন হ’ব পাৰে, কিয়নো তালিবান শাসনৰ অধীনত সমকামিতাক কঠোৰ শাস্তি দিয়া হয়।
বহিষ্কাৰৰ সন্মুখীন হোৱা আন এজন আফগান ব্যক্তিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আদালতক জনায় যে, তেওঁৰ পত্নী আফগানিস্তানৰ পূৰ্বৰ চৰকাৰৰ সৈতে জড়িত থকাৰ বাবেই ২০২৩ চনত তালিবানে তেওঁক গ্ৰেপ্তাৰ কৰি নিৰ্যাতন চলাইছিল। তেওঁৰ পত্নীয়ে আফগান সেনা আৰু মহিলা আৰক্ষী বাহিনীত সেৱা আগবঢ়াইছিল, যাৰ দুয়োটা বাহিনীকেই তালিবান ক্ষমতালৈ ঘূৰি অহাৰ পিছত প্ৰতিশোধৰ লক্ষ্য কৰি লোৱা হৈছিল।
তথ্য অনুসৰি, ব্যক্তিজনে ২০২৪ চনত অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিছিল আৰু গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা ICEৰ জিম্মাত আছে। তেওঁৰ অধিবক্তাই সংবাদ পত্ৰখনৰ সৈতে ভাগ-বতৰা কৰা আদালতৰ নথি-পত্ৰ অনুসৰি, এজন আমেৰিকান ন্যায়াধীশে তেওঁৰ আশ্ৰয়ৰ আবেদন নাকচ কৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।