Monday, 23 November 2026
লগইন
ব্ৰেকিং

হোজাইত হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে ভুৱা মেট্ৰিক উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ ব্যৱহাৰ অভিযোগ !

ভুৱা মেট্ৰিক উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰই কঁপাইছে ৰাজ্যত

নিউজ ডেস্ক : ৰাজ্যৰ শিক্ষাখণ্ডত জোকাৰি যোৱা এক ভয়ংকৰ কাণ্ড, নগাঁৱৰ পাছত হোজাইত চাঞ্চল্যকৰ ঘটনা । ভুৱা মেট্ৰিক উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰৰে নামভৰ্তি কৰিলে হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে । প্ৰায় ১১৩৩গৰাকী শিক্ষাৰ্থীৰ মেট্ৰিক উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰই ওলাল ভুৱা বুলি সন্দেহ কৰা হৈছে । যাৰ বাবে হোজাইৰ ৩৩খন বিদ্যালয়ৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

উল্লেখ্য যে হোজাইৰ প্ৰায় ৬৩খন বিদ্যালয়ত ধৰা পৰিছে এই বৃহৎ অনিয়ম । ঘটনাৰ সন্দৰ্ভ ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ত বৰ্তমান অব্যাহত আছে তদন্ত । সেয়ে এসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ দিয়া হৈছে নিৰ্দেশ । সমগ্ৰ ঘটনা সন্দৰ্ভত CID-ৰ জৰিয়তেও তদন্ত চলোৱাৰ কথা জানিব পৰা গৈছে।

ইতিমধ্যে এই গুৰুতৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হোজাই জিলা প্ৰশাসনে । উল্লেখ্য যে, নগাঁৱৰ ভুৱা প্ৰমাণ-পত্ৰৰ ঘটনাৰ তদন্ত চলি থকাৰ মাজতে হোজাইত পোহৰলৈ অহা এই নতুন ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে উদ্বেগৰ।

প্ৰশ্ন উত্থাপন হৈছে ভুৱা প্ৰমাণ-পত্ৰৰ এই বৃহৎ ছিণ্ডিকেট কোনে চলাইছে ? কেনেদৰে চলি আছে এই চক্ৰৰ নেটৱৰ্ক ? হোজাইৰ ১১৩৩গৰাকী শিক্ষাৰ্থীৰ বিৰুদ্ধে উত্থাপন হোৱা ভুৱা প্ৰমাণ-পত্ৰৰ ব্যৱহাৰৰ সন্দৰ্ভত প্ৰকৃত তথ্য পোহৰলৈ আহিব নে ?
##nagaon #hojai #assam #fake marksheet #fake marksheet in assam #hojai fake marksheet

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।