Monday, 23 November 2026
লগইন
ব্ৰেকিং

কোকৰাঝাৰত অনুষ্ঠিত মেগা মাৰাথন ৰেলী। ৰেলীত ৩,০০০-ৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

মেগা মাৰাথন ৰেলী

নিউজ ডেস্ক : একতা, অনুশাসন আৰু সহনশীলতাৰ বাৰ্তা প্ৰচাৰৰ উদ্দেশ্যে ২২ নৱেম্বৰৰ পুৱতি নিশা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'ন (BTR)-ৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত এক মেগা মাৰাথন ৰেলীৰ আয়োজন কৰা হয়, য'ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩,০০০ৰো অধিক এন চি চি (NCC) কেডেট আৰু অংশগ্ৰহণকাৰীয়ে অংশ লয়।

ৰাষ্ট্ৰীয় কেডেট কৰ্পছ (NCC)-ৰ উদ্যোগত তথা BTC প্ৰশাসন আৰু জেনেছিছ ইভেণ্ট মেনেজমেণ্টৰ সহযোগত আয়োজিত এই মাৰাথন দৌৰটো পুৱা ৪:৩০ বজাত কোকৰাঝাৰ চহৰৰ তিতাগুৰিৰ কঠালগুৰিস্থিত ছাই ষ্টেডিয়ামৰ পৰা আৰম্ভ হয়।

NCCৰ উত্তৰ-পূব অঞ্চলৰ অতিৰিক্ত সঞ্চালক প্ৰধান অনুৰাগ ভিজ, বিটিচিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী, অভিনেত্ৰী নিশিতা গোস্বামী আৰু বিআৰপিএলৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এন কে বৰুৱাই ৰেলীটোৰ ফ্লেগ অফ কৰে।

উল্লেখ্য যে, প্ৰতিযোগীসকলে চাৰিটা শাখাত অংশগ্ৰহণ কৰিছিল -৪২ কিলোমিটাৰ পূৰ্ণ মাৰাথন, ২১ কিলোমিটাৰ অৰ্ধ মাৰাথন, ১০ কিলোমিটাৰ দৌৰ আৰু ৫ কিলোমিটাৰ ফান ৰান। পূৰ্ণ মাৰাথন পুৱা ৪:৩০ বজাত আৰম্ভ হৈছিল, ইয়াৰ পিছত পুৱা ৪:৪৫ বজাত অৰ্ধ মাৰাথন, পুৱা ৫:০০ বজাত ১০ কিলোমিটাৰ দৌৰ আৰু পুৱা ৫:১৫ বজাত ফান ৰান আৰম্ভ হৈছিল।

উত্তৰ-পূৰ্বাঞ্চল আৰু আন কেইবাখনো ৰাজ্যৰ প্ৰতিযোগীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, যাৰ পুৰস্কাৰৰ মুঠ ধনৰাশি ১৬ লাখ টকাতকৈও অধিক আছিল।
##bigupdate #newsupdate #megamarathan #kokrajhar #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।