নিৰ্বাচনটোৰ ৰিটাৰ্ণিং বিষয়া তথা জ্যেষ্ঠ অধিবক্তা উত্তম সৰকাৰে কয় যে, পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ শৃংখলাবদ্ধ আৰু অনুশাসিতভাৱে বিয়লি ৫ বজাত সামৰণি পৰে।
তথ্য অনুসৰি, পঞ্জীয়নভুক্ত ৭১৯ গৰাকী অধিবক্তা ভোটাৰৰ ভিতৰত ৬৫৫ গৰাকীয়ে ভোটদান কৰে, যাৰ ফলত ভোটদানৰ হাৰ প্ৰায় ৯১.১ শতাংশ হয়।
জ্যেষ্ঠ অধিবক্তা আমিনুৰ ৰহমান আহমেদ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে জমছেৰ তালুকদাৰে সম্পাদকৰ পদ লাভ কৰে। চৌকত আলী আহমেদ আৰু আব্দুছ ছামাদ মিয়া উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়, আনহাতে তৌফিকুল আহমেদ আৰু এছ. এছ. গনি সহকাৰী সম্পাদক হিচাপে নিৰ্বাচিত হয়। আগন্তুক কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহক সমিতিলৈ আন পোন্ধৰজন সদস্যও নিৰ্বাচিত হয়।
প্ৰথমবাৰৰ বাবে এই বছৰ কোষাধ্যক্ষৰ পদটো কেৱল মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা হৈছিল। অধিবক্তা মহুৱা দাস এই পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।
ৰিটাৰ্নিং বিষয়া উত্তম সৰকাৰৰ মতে, শনিবাৰে সন্ধিয়া ৬:৩০ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছিল আৰু ২২ নৱেম্বৰৰ পুৱতি নিশা চূড়ান্ত ফলাফল ঘোষণা কৰা হয়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।