Monday, 23 November 2026
লগইন

২০২৭ চনত সম্পূৰ্ণ হ'ব প্ৰস্তাৱিত অসম SAT প্ৰকল্পটো , ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমে শীঘ্ৰে পাব নিজাববীয়াকৈ চেটেলাইট

নিউজ ডেস্ক : প্ৰস্তাৱিত ‘অসম SAT’ (Earth Observation Satellite Constellation) সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই প্ৰকল্পৰ জৰিয়তে বাণিজ্যিক উপগ্ৰহৰ পৰা তথ্য সংগ্ৰহৰ ক্ষেত্ৰত অসমৰ নিৰ্ভৰশীলতা যথেষ্ট হ্ৰাস পোৱাৰ লগতে শাসন ব্যৱস্থা, দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰাকৃতিক সম্পদৰ নিৰীক্ষণ অধিক উন্নত হোৱাৰ সম্ভাৱনা আছে ।

Xত এটা পোষ্টযোগে মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি, বৰ্তমান অসম চৰকাৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা উপগ্ৰহৰ তথ্য ক্ৰয় কৰাৰ বাবে পাঁচ বছৰত প্ৰায় ১,৭৭৫ কোটি টকা ব্যয় কৰে। আনহাতে, প্ৰস্তাৱিত অসম SAT প্ৰকল্পটো ৰূপায়ণৰ বাবে পাঁচ বছৰত আনুমানিক ৬০০ কোটি টকা ব্যয় হ’ব। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা হিচাপ অনুসৰি, ইয়াৰ ফলত উপগ্ৰহৰ তথ্য ক্ৰয়ৰ ক্ষেত্ৰত প্ৰায় ৬৬ শতাংশ ব্যয় হ্ৰাস কৰিব পৰা যাব।

ইয়াৰ উপৰি, উপগ্ৰহৰ তথ্য আৰু ইয়াৰ সৈতে জড়িত সেৱা প্ৰদানৰ জৰিয়তে পাঁচ বছৰত প্ৰায় ৯০০ কোটি টকা ৰাজহ সংগ্ৰহৰ সম্ভাৱনাও আছে। অৰ্থাৎ, এই প্ৰকল্পই ভৱিষ্যতে ৰাজ্যখনৰ বাবে ৰাজহ উপাৰ্জনৰ এক নতুন উৎস হিচাপেও কাম কৰিব পাৰে।

অসমSAT-এ বানপানীৰ আগজাননী আৰু নিৰীক্ষণ, শস্যৰ মূল্যায়ন, ডিজিটেল কৃষি, নগৰ পৰিকল্পনা, বনাঞ্চল আৰু জলাশয় সংৰক্ষণ, সীমান্তৱৰ্তী অঞ্চলৰ মানচিত্ৰ প্ৰস্তুত আৰু নিৰীক্ষণৰ লগতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰ্যবেক্ষণৰ দৰে বিভিন্ন ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে।

এই উপগ্ৰহ ব্যৱস্থাৰ জৰিয়তে বানপানীত বুৰ যোৱা অঞ্চলসমূহ নিৰীক্ষণ, বানৰ সময়ত বিপদাপন্ন স্থান চিনাক্তকৰণ, কৃষিভূমিৰ অৱস্থা মূল্যায়ন, নগৰাঞ্চলৰ সম্প্ৰসাৰণৰ তথ্য সংগ্ৰহ, পৰিৱেশগত পৰিৱৰ্তন চিনাক্তকৰণ আৰু নদীৰ গতিপথ সলনি হোৱাৰ ফলত সৃষ্টি হোৱা গৰাখহনীয়া নিৰীক্ষণ কৰাটো অধিক সহজ হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই পদক্ষেপৰ মূল লক্ষ্য হৈছে মহাকাশ প্ৰযুক্তিক চৰকাৰী কাম-কাজ আৰু জনকল্যাণৰ সৈতে ব্যৱহাৰিকভাৱে সংযুক্ত কৰা। ইয়াৰ ফলত তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণৰ লগতে দুৰ্যোগৰ সময়ত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰাটো সম্ভৱ হ’ব।

উল্লেখ্য যে, প্ৰস্তাৱিত অসমSAT প্ৰকল্পটো ২০২৭ চনত উৎক্ষেপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
##assam #bigupdate #newsupdate #himantabiswasarma #SATproject #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।