নিউজ ডেস্ক: ৰাজ্যখনৰ জলাশয়সমূহ যাক ‘বিল’ বুলি জনা যায় সেইসমূহৰ পুনৰুদ্ধাৰ আৰু জলাশয়ৰ ওপৰত নিৰ্ভৰশীল মাছমৰীয়া সমাজৰ জীৱিকাৰ মান উন্নত কৰাৰ লক্ষ্যৰে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰে ‘আসাম ছাষ্টেইনেবল ৱেটলেণ্ড এণ্ড ইণ্টিগ্ৰেটেড ফিছাৰিজ ট্ৰেন্সফৰ্মেচন’ (SWIFT) প্ৰকল্পটো মুকলি কৰে।
এছিয়ান উন্নয়ন বেংকৰ ৭১.৯ নিযুত আমেৰিকান ডলাৰৰ ঋণৰ দ্বাৰা সমৰ্থিত এই প্ৰকল্পটোৱে ৰাজ্যখনৰ কমেও ১০২ খন বিলৰ পুনৰুদ্ধাৰ আৰু সমাজ-ভিত্তিক ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।
অসম চৰকাৰৰ মীন বিভাগৰ অতিৰিক্ত মুখ্য সচিব কে চি ছামৰিয়াই গুৱাহাটীৰ এৰিয়াছ ছ’চাইটিৰ (ARIAS Society) সন্মিলন কক্ষত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰে। উল্লেখযোগ্য যে, যোৱা ২ নৱেম্বৰ, ২০২৬ তাৰিখে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু এছিয়া উন্নয়ন বেংকৰ মাজত এই ঋণ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত এই প্ৰকল্পটো মুকলি কৰা হৈছে।
SWIFT প্ৰকল্পটোৱে মীন পালনৰ উন্নয়নক অসমৰ জলাশয়সমূহৰ পৰিৱেশতাত্ত্বিক স্বাস্থ্যৰ সৈতে সংযুক্ত কৰিছে। প্ৰতিখন বিলৰ প্ৰয়োজনীয়তা অনুসৰি পুনৰুদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, যাৰ ভিতৰত পলস আঁতৰোৱা, অপতৃণ নিৰ্মূল কৰা আৰু বৰ্তমানৰ সুঁতিসমূহৰ জৰিয়তে পানীৰ প্ৰবাহ উন্নত কৰা আদি অন্তৰ্ভুক্ত থাকিব পাৰে।
এই ব্যৱস্থাসমূহৰ মূল উদ্দেশ্য হৈছে জলাশয়ৰ পৰিৱেশ তন্ত্ৰ পুনৰুজ্জীৱিত কৰা আৰু মাছৰ উৎপাদন বৃদ্ধি কৰা । এই প্ৰকল্পটোৰ এটা অন্যতম মুখ্য বৈশিষ্ট্য হৈছে জলাশয়ৰ সম্পদসমূহৰ সমাজ-ভিত্তিক ব্যৱস্থাপনা আৰু মালিকীস্বত্বৰ ওপৰত দিয়া গুৰুত্ব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।