নিউজ ডেস্ক : দুৰ্গাপূজাৰ উছাহ মাৰ নৌযাওঁতেই আহি গ'ল কোজাগৰী লক্ষ্মীপূজা। এই পূজাৰ সৈতে আল্পনা ওতপ্ৰোতভাৱে জড়িত। জনশ্ৰুতি অনুসৰি, লক্ষ্মী মায়ো চাই কোনটো গৃহত তেওঁৰ ভক্তই বন্তি জ্বলাই দুৱাৰ মেলি তেওঁৰ বাবে অপেক্ষা কৰিছে আৰু তেওঁ সেই গৃহতহে প্ৰৱেশ কৰে। সেইবাবেই ঘৰৰ চোতাল আৰু দুৱাৰমুখত দেৱীৰ পদচিহ্নৰ আল্পনা অঁকা হয়। বিশ্বাস কৰা হয় যে, এই পদচিহ্ন অনুসৰণ কৰিয়েই মা লক্ষ্মীয়ে ভক্তৰ গৃহত প্ৰৱেশ কৰে।
কেৱল খোজৰ চিন্দ্বই নহয়, লক্ষ্মী পূজাত মজিয়া আৰু দুৱাৰমুখ বিভিন্ন ধৰণৰ নক্সাৰে সজাই তোলা হয়। আগতে যি আল্পনা চাউলৰ পিঠাগুৰিৰে দিয়া হৈছিল, এতিয়া তাত এক্ৰিলিক ৰং ব্যৱহাৰ কৰা হয়। এইধৰণৰ ৰং ব্যৱহাৰ কৰাৰ ফলত, আলপনাবোৰ মজিয়াত বছৰ বছৰ ধৰি থাকি যায়।
অৱশ্যে ইয়াৰ স্থায়িত্বৰো এটা সময় থাকে। ৰঙটো ধুনীয়া দেখা গ’লেও যেতিয়া ৰংটো অসমানভাৱে বিচৰিত হ’বলৈ আৰম্ভ কৰে তেতিয়া আৰু ধুনীয়া নলগা হয়। নতুন ৰং এটা ৰং কৰিব বিচাৰিলেও মজিয়া পৰিষ্কাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰে। কিন্তু এই ধৰণৰ ৰং ইচ্ছা কৰিলেও আঁতৰাব নোৱাৰি। তেতিয়া কি কৰা উচিত?
টাৰপিন তেল
আল্পনাৰ নক্সা টাৰপিন তেলত অলপ সময় তিয়াই থৈ দিয়ক। তাৰ পিছত কাপোৰেৰে ঘঁহি লওক। ৰঙা বা ক'লা চিমেন্টৰ মজিয়া হ'লে, কেৰাহী চাফা কৰা স্ক্ৰাৱাৰেৰে ঘঁহিব। লাহে লাহে ৰং এৰাই যাব।
গৰম পানী আৰু তৰল চাবোন
আলপনা যদি এক্ৰিলিক ৰঙৰ হয়, তেন্তে এই উপায়টো কামত আহিব পাৰে। কিছু পৰিমাণৰ গৰম পানীত বাচন ধোৱা জুলীয়া চাবোন মিহলাই লওক। এই মিশ্ৰণটো পুৰণি আল্পনাখিনৰ ওপৰত ঢালি দি অন্ততঃ ১০–১৫ মিনিট তিতি থাকিবলৈ দিয়ক। যেতিয়া ৰংখিনি কোমল হৈ পৰিব, তেতিয়া এডাল ছোবৰা বা তিতা কাপোৰেৰে ঘঁহি দিলেই দাগবোৰ লাহে লাহে এৰাই যাব। ৰঙা বা ক'লা ৰঙৰ চিমেন্টৰ মজিয়াত এই পদ্ধতিটো বিশেষভাৱে উপযোগী হ’ব।
বেকিং সোডা আৰু বগা ভিনেগাৰ
যদি আল্পনা বহুত পুৰণি হয় আৰু মজিয়াত বহি যায়, তেন্তে বগা ভিনেগাৰ আৰু বেকিং ছ’ডাৰ মিশ্ৰণেৰে সেয়া উঠাবলৈ চেষ্টা কৰক। প্ৰথমে মজিয়াখনৰ ওপৰত অলপ বেকিং ছ’ডা ছতিয়াই দিয়ক, তাৰ পিছত তাৰ ওপৰত সামান্য ভিনেগাৰ ঢালিব।
ইয়াৰ ফলত বুৰবুৰণিৰ সৃষ্টি হ’ব। এই মিশ্ৰণটো আলপনাৰ ওপৰত ৫–১০ মিনিট সময় ৰাখি এটা কোমল ব্ৰাছেৰে পাতলকৈ ঘঁহি লওক। ইয়াৰ পিছত এখন তিতা কাপোৰেৰে মচি পেলাওক। একবাৰতে যদি সম্পূৰ্ণকৈ নুঠে, তেন্তে দুই-তিনিবাৰ এই উপায়টো প্ৰয়োগ কৰিলে লাহে লাহে পুৰণি আলপনা উঠি যাব।
নেলপলিচ ৰিমুভাৰ
বহুতে আল্পনা দীৰ্ঘস্থায়ী কৰিবলৈ ষ্টেইনাৰ বা তেল ৰং মিহলাই আলপনা দিয়ে, যিটো সহজে উঠিব নিবিচাৰে। এটা কপাহৰ বল বা কাপোৰত পৰ্যাপ্ত পৰিমাণৰ নেইলপলিছ ৰিমুভাৰ বা আইচ’প্ৰপাইল এলকহল লৈ আলপনাৰ ওপৰত কেইমিনিটমান হেঁচা মাৰি ধৰি ৰাখক। ৰং উঠিবলৈ আৰম্ভ কৰিলে লাহে লাহে মচি পেলাওক।
হাইড্রোজেন পাৰঅক্সাইড
মাৰ্বল বা টাইলছৰ মজিয়াত বহু সময়ত আলপনা (ৰং) উঠি যোৱাৰ পিছত হালধীয়া বা পাতল দাগ থাকি যায়। আলপনা উঠোৱাৰ পিছত সেই ঠাইখিনিত সামান্য হাইড্ৰ’জেন পেৰক্সাইড পানীত মিহলাই মচি লওক। ইয়াৰ দ্বাৰা মজিয়াখনৰ উজ্জ্বলতা ঘূৰি আহিব।
মনত ৰখাটো জৰুৰী
এচিড বা ভিনেগাৰ ব্যৱহাৰ কৰাৰ পিছত মজিয়াখন নিশ্চয়কৈ পৰিষ্কাৰ পানীৰে মচি ল’ব লাগে। বিশেষকৈ মাৰ্বলৰ মজিয়াৰ ক্ষেত্ৰত এচিডযুক্ত উপাদান বেছি সময়লৈ পেলাই থৈ দিলে মজিয়াখনৰ ক্ষতি হ’ব পাৰে। আল্পনা আঁতৰাবলৈ ভুলতেও ছুৰী, ব্লেড বা ঝামা ব্যৱহাৰ নকৰিব। ইয়াৰ দ্বাৰা মজিয়াৰ পালিচ নষ্ট হ’ব পাৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।