নিউজ ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্ৰত চিকাগোৰ ইলিনয়স্থিত অৰ’ৰা অঞ্চলৰ এটা হিন্দু ধৰ্মীয় উপাসনা স্থলীক লক্ষ্য কৰি আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত এজন ১৯ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। নথিপত্ৰ অনুসৰি, এজন গণ গুলীবৰ্ষণৰ পৰিকল্পনাৰ অভিযোগত তদন্ত চলোৱাৰ পিছত পেলেটিনৰ বাসিন্দা এলেক্সানড্ৰোছ পাপোৰাকিছক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ ওচৰৰ পৰা এক ইস্তাহাৰ উদ্ধাৰ কৰা হৈছে, য’ত শ্বেতাংগ আধিপত্যবাদী মতাদৰ্শ প্ৰকাশ পোৱাৰ লগতে "ভাৰতীয় মূলৰ" লোকসকলৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপৰ উল্লেখ আছিল।
নৱৰাত্ৰিৰ সৈতে হিন্দু উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ মাজতে এই গ্ৰেপ্তাৰৰ ঘটনাটো ঘটিছে। ইয়াৰে ঠিক দুসপ্তাহ পূৰ্বে অ’হাইঅ’ৰ ৰিচমণ্ড হাইটছত অৱস্থিত শ্ৰী স্বামীনাৰায়ণ ৱাড়তাল ধাম হিন্দু মন্দিৰত তোৰণ-ভাঙা তথা ধ্বংসাত্মক কাৰ্য চলোৱা হৈছিল।
তথ্য অনুসৰি, পাপোৰাকিছক বুধবাৰে ৰোলিং মেড’জত থকা কুক কাউণ্টি থাৰ্ড মিউনিচিপেল ডিষ্ট্ৰিক্ট আদালতত হাজিৰ কৰোৱা হয়, য’ত এজন বিচাৰকে তেওঁক জিম্মাত ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁৰ পৰৱৰ্তী শুনানি ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব।
তদন্ত
পেলাটাইনৰ ‘টাকো বেল’ৰ কেচিয়াৰ পেপোৰাকিছৰ বিৰুদ্ধে আন এজন ব্যক্তিয়ে গণ গুলীচালনাৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তকাৰীসকলে জনোৱা মতে, পেপোৰাকিছে তেওঁক ৰিপৰ্ট কৰা ব্যক্তিজনৰ সৈতে এটা নথি শ্বেয়াৰ কৰিছিল, য’ত এটা গণ গুলীচালনাৰ পৰিকল্পনাৰ ৰূপৰেখা স্পষ্ট হৈছিল। ইয়াৰ লগতে তেওঁ এটা ৰাইফল, ৰাইফলৰ মেগাজিন, বডী আৰ্মাৰ আৰু অন্যান্য যুদ্ধোপকৰণ তথা আনুসংগিক সঁজুলিৰ ছবিও সেই ব্যক্তিজনৰ সৈতে আদান-প্ৰদান কৰিছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, "তদন্তৰ সময়ত লাভ কৰা তথ্যৰ ভিত্তিত ডিটেকটিভসকলে বিশ্বাস কৰে যে, পাপোৰাকিছে ১১ অক্টোবৰত এটা আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল, য’ত সম্ভাৱ্যভাৱে অৰোৰা অঞ্চলৰ এটা হিন্দু উপাসনা স্থলক লক্ষ্য কৰি লোৱা হৈছিল।" ইয়াৰ লগতে তেওঁলোকে কয় যে, তেওঁৰ প্ৰকৃত লক্ষ্যস্থান কি আছিল, সেই বিষয়ে এতিয়াও তদন্ত চলি আছে।
সন্দেহযুক্ত ব্যক্তিজনে তেওঁৰ ট’কো বে’লৰ সহকৰ্মীসকলক কয় যে, দেওবাৰটো এটা "বিশেষ দিন" হ’ব। তদন্তকাৰীসকলৰ মতে, পেপোৰাকিছে দেওবাৰৰ দিনটোতে এজন সহকৰ্মীক ফোন কৰি কৈছিল যে তেওঁৰ বন্দুকটো জাম হৈছিল আৰু তেওঁ কোনোৱে নেদেখাকৈ "অতি সোনকালে" গুচি গৈছিল।
"এই তথাকথিত ভাবুকিৰ গুৰুত্বক কোনো কাৰণতে কম কৰি দেখুৱাব নোৱাৰি" বুলি পেলাটাইন আৰক্ষী প্ৰধান উইলিয়াম নৰ্ডে এইদৰে উল্লেখ কৰাৰ লগতে যোগ দিয়ে যে, উপাসনা স্থলীবোৰ সুৰক্ষিত কৰাটো আইন প্ৰয়োগকাৰী সংস্থাৰ এক অগ্ৰাধিকাৰ।
পেলেটাইন আৰক্ষীৰ ডিটেক্টিভসকলে ইলেক্ট্ৰনিক যোগাযোগ আৰু পেপৰাকিলচৰ দ্বাৰা লিখিত বুলি ধাৰণা কৰা "Why I Fought: A.K.A." নামৰ এটা নথি পৰীক্ষা কৰিছিল, য'ত "শ্বেতাংগ আধিপত্যবাদী আৰু উগ্ৰপন্থী মতাদৰ্শ প্ৰকাশ কৰা বক্তব্য আছিল, যাৰ ভিতৰত দক্ষিণ এছীয় ঐতিহ্যৰ লোকসকলৰ, বিশেষকৈ ভাৰতীয় বংশোদ্ভৱ লোকসকলৰ প্ৰতি হিংসাৰ উল্লেখ আছিল।"
উল্লেখ্য যে, পেলাটাইন আৰু মাউণ্ট প্ৰচপেক্ট আৰক্ষী বিভাগৰ বিষয়াসকলে তাৎক্ষণিকভাৱে এক যৌথ পদক্ষেপ গ্ৰহণ কৰে, আৰু তেওঁলোকৰ সন্মিলিত প্ৰচেষ্টাৰ ফলত, ১১ অক্টোবৰৰ সন্ধিয়া পাপোৰাকিছক তেওঁৰ নিজা বাসভৱনৰ পৰা ওলাই অহাৰ সময়তে বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰা হয়।
পৰৱৰ্তী তদন্তৰ অংশ হিচাপে, পালাটাইন আৰক্ষীৰ ডিটেকটিভসকলে পাপোৰাকিছৰ বাসস্থানত তালাচী চলাই এটা ৰাইফল, কেইবাটাও ভৰ্তি হৈ থকা ৰাইফলৰ মেগাজিন, শ শ ৰাউণ্ড অতিৰিক্ত ৰাইফলৰ গুলী, যুদ্ধক্ষেত্ৰত ব্যৱহৃত সঁজুলি আৰু তদন্তৰ সৈতে প্ৰাসংগিক বুলি গণ্য কৰা অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে। ইয়াৰ উপৰি তেওঁলোকে এটা টেকটিকেল ভেষ্ট উদ্ধাৰ কৰে, য’ত বডী আৰ্মাৰ আৰু শ্বেতাংগ আধিপত্যবাদী উগ্ৰবাদৰ সৈতে জড়িত প্ৰতীক থকা এটা পেচ আছিল।
ভাবুকি
পালেটাইন আৰু মাউণ্ট প্ৰস্পেক্ট—এই দুয়োটা আৰক্ষী বিভাগে তেওঁলোকৰ এলেকাৰ অধীনত থকা হিন্দু উপাসনা স্থলসমূহৰ সৈতে ব্যাপকভাৱে যোগাযোগ কৰাৰ লগতে সেইবোৰৰ ওপৰত হ’বলগীয়া আক্ৰমণৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল, আৰু ইয়াৰ সমান্তৰালভাৱে তেওঁলোকে সম্ভাৱ্য ভাবুকিৰ বিষয়ে অ’ৰ’ৰা আৰক্ষী বিভাগকো অৱগত কৰিছিল।
পাপোৰাকিলৰ বিৰুদ্ধে এটা সন্ত্ৰাসবাদী ভাবুকি প্ৰদান কৰা আৰু এটা অবৈধভাৱে অস্ত্ৰ ৰখাৰ অভিযোগ উত্থাপন কৰা হৈছে।
তথ্য অনুসৰি, পেলেটাইন আৰক্ষী বিভাগে প্ৰকাশ কৰে যে, এই তদন্ত প্ৰক্ৰিয়াটো বৰ্তমানো সক্ৰিয় হৈ থকাৰ বাবে তেওঁলোকে FBI ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে, যাৰ ভিতৰত সম্ভাৱ্য অতিৰিক্ত অভিযোগসমূহৰ পৰ্যালোচনাও অন্তৰ্ভুক্ত হৈ আছে।
ইয়াৰ উপৰিও এই ঘটনাৰ সৈতে জড়িত কেনেবাকৈ সৰ্বসাধাৰণ ৰাইজৰ ওপৰত কোনো ধৰণৰ বিপদ বা ভাবুকি থকাৰ কথা প্ৰশাসনে বৰ্তমানলৈকে জানিব পৰা নাই।
পেলাটাইন আৰক্ষী প্ৰধান উইলিয়াম নৰ্ডে কয়, "এই তথাকথিত ভাবুকিৰ গুৰুত্বক কোনো কাৰণতে কম কৰি দেখুৱাব নোৱাৰি। তথ্যৰ তাৎক্ষণিক আদান-প্ৰদান আৰু প্যালাটাইন তথা মাউণ্ট প্ৰচপেক্ট আৰক্ষী বিভাগৰ সমন্বিত প্ৰচেষ্টাৰ বাবেই বিষয়া পৰ্যায়ৰ কৰ্মীসকলে সন্দেহযুক্ত ব্যক্তজনক চিনাক্ত কৰিবলৈ আৰু জিম্মাত ল'বলৈ সক্ষম হয়।"
ৰাইজৰ প্ৰতিক্ৰিয়া
এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিন্দু আমেৰিকান ফাউণ্ডেচনে এক্স (X)-ৰ এটা পোষ্টত উল্লেখ কৰে, "আমি দ্ৰুত পদক্ষেপৰ বাবে আইন প্ৰয়োগকাৰী সংস্থাক প্ৰশংসা কৰিছোঁ।"

"আমি লগতে সমাজক সতৰ্ক হৈ থাকিবলৈ আৰু যিকোনো সম্ভাৱ্য ভাবুকিৰ বিষয়ে জনাবলৈ অনুৰোধ জনাইছো। প্ৰতিটো সম্প্ৰদায়ৰে কোনো ভয় নোহোৱাকৈ উপাসনা কৰাৰ অধিকাৰ আছে" বুলি পোষ্টটোত উল্লেখ কৰা হৈছে।
আনুপাতিকভাৱে ক’বলৈ গ’লে, আন এটা পোষ্টত ফাউণ্ডেচনে দাবী কৰে যে, ভীষণভাৱে সশস্ত্ৰ হৈ থকা পাপোৰাকিছ ইতিমধ্যে হিন্দু মন্দিৰটোত উপস্থিত হৈছিল আৰু গুলীচালনা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁৰ বন্দুকটো জাম হৈ পৰিছিল।
"মানুহজনে নিজকে 'এজন সমাজবিৰোধী, শ্বেতাংগ আধিপত্যবাদী আৰু ঘৃণাৰে ভৰি থকা এজন নব্য-নাজী , যিয়ে প্ৰায় প্ৰতিদিনেই গণহত্যাৰ কল্পনা কৰে' বুলি বৰ্ণনা কৰিছিল" বুলি ফাউণ্ডেটনটোৱে দাবী কৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।