Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ইৰানৰ পৰমাণু ঘাটি নষ্ট কৰিবলৈ আমেৰিকাই পুনৰ ইৰানত আক্ৰমণ চলাব

ট্ৰাম্পৰ হুংকাৰ,সাৱধান ইৰান

নিউজ ডেস্ক : ইৰাণৰ দুটা গুৰুত্বপূৰ্ণ স্থান দখলৰ লক্ষ্য কৰিছে আমেৰিকাই । ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শনিবাৰে কৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়াও ইৰানৰ এটা বা দুটা লক্ষ্যস্থান "চম্ভালিব" (take care of) লগা আছে । আনহাতে দেশখনৰ সৰ্বোচ্চ নেতা মোজটাবা খামেনেইয়ে আমেৰিকা আৰু ইজৰাইলক নতুন আক্ৰমণৰ সকীয়নি দিছে।

শনিবাৰে ফ্ল’ৰিডাস্থিত নিজৰ বাসগৃহত ট্ৰাম্পে সাংবাদিকসকলক কয়, "আমি তেওঁলোকৰ পৰমাণু ক্ষমতা ধ্বংস কৰিছো । মই ক’ম যে আমি এতিয়াও এটা বা দুটা স্থান চম্ভালিব লগা আছে, কিন্তু আমি সেই কাম ১০ মিনিটতে কৰিব পাৰো ।"

ইৰানৰ পৰমাণু কাৰ্যসূচীৰ সৈতে জড়িত এটা স্থানৰ কথা উল্লেখ কৰি তেওঁ কয়, "আপুনি সম্ভৱতঃ পিকেক্স মাউণ্টেইনলৈ (Pickaxe Mountain) চাব পাৰে, আৰু আপুনি সেইটো চম্ভালিব লাগিব। আমি সেই সকলোবোৰ অতি খৰতকীয়াকৈ কৰিব পাৰো ।"
আমেৰিকা যুক্তৰাষ্ট্ৰই এই সপ্তাহতে ইৰানৰ ওপৰত সম্ভাৱ্য আক্ৰমণ চলাব নেকি বুলিও তেওঁক সোধা হৈছিল। "আপুনি কিয় এনেকুৱা এটা মূৰ্খামিভৰা প্ৰশ্ন সুধিছে? ধৰি লওক মই কৰিলোহেঁতেন, মই আপোনাক ক’লোহেঁতেন নেকি ?" ট্ৰাম্পৰ উত্তৰ ।

অৱশ্যে তেওঁ জোৰ দি কয় যে ইৰানৰ সৈতে আলোচনা "ভালেই চলি আছে কিন্তু আপুনি জানেই যে তেওঁলোক বৰ বেছি বিশ্বাসযোগ্য নহয়।" আমেৰিকা-ইজৰাইলৰ বিমান আক্ৰমণত পিতৃ আয়াতুল্লাহ আলী খামেনেই নিহত হোৱাৰ পিছত যোৱা মাৰ্চ মাহত দায়িত্ব গ্ৰহণ কৰাৰ পৰা বৰ্তমানলৈকে সাৰ্বজনীনভাৱে দেখা নোযোৱা মোজটাবা খামেনেইয়ে যিকোনো ভাবুকিৰ "তাৎক্ষণিক" প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সতৰ্ক কৰি দিয়াৰ পিছতেই ট্ৰাম্পৰ এই বক্তব্য প্ৰকাশ পাইছে।
##bigupdate #newsupdate #internationalnews #america #iran #donaldtrump #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।