Saturday, 21 November 2026
লগইন

বিদ্যুতৰ খুঁটাত খুন্দা যাত্ৰীবাহী টাটা এছ বাহনৰ। সংকটজনক অৱস্থাত কেইবাজনো

পুনৰ ভয়ংকৰ দুৰ্ঘটনা

নিউজ ডেস্ক : কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাৰ ঘটনা মাৰ নাযাওতেই ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।এইবাৰ চৰাইদেউ জিলাৰ সোণাৰীৰ বৰহাটত সংঘটিত এক পথ দুৰ্ঘটনাত কমেও ২১জন লোক আহত হয়। যাত্ৰীবাহী সামগ্ৰী কঢ়িওৱা এখন টাটা এছ বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এই ঘটনা সংঘটিত হয়। আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, মুকলি মালবাহী অংশত যাত্ৰী কঢ়িয়াই নিয়া বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এডাল বিদ্যুতৰ খুঁটাত খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ ফলত ২১গৰাকী যাত্ৰী আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে ৰাজাপুখুৰী জিলা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

আহতসকলৰ ভিতৰত সংকটজনক অৱস্থাত থকা ১২গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (AMCH)লৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, এই দুৰ্ঘটনাই পুনৰ এবাৰ অসমত মালবাহী বাহনত যাত্ৰী কঢ়িওৱাৰ প্ৰথা আৰু পথ সুৰক্ষা সম্পৰ্কীয় নিয়মসমূহৰ কাৰ্যকৰী ৰূপায়ণক লৈ উদ্বেগৰ সৃষ্টি কৰিছে।
##bigupdate #newsupdate #horrificaccident #chairaideu #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।