Saturday, 21 November 2026
লগইন

আয়ুষ্মান অসম আঁচনিৰ বাবে ২০০ কোটি টকা মুকলিত অনুমোদন কেবিনেটৰ

২০০ কোটি টকাৰ অনুমোদন

নিউজ ডেস্ক : মঙলবাৰে অসম কেবিনেটে জনকল্যাণমূলক কেইবাটাও সিদ্ধান্তত অনুমোদন জনায়। ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা অব্যাহত ৰখাৰ বাবে ২০০ কোটি টকা আবণ্টন, কৰ্মৰত অৱস্থাত মৃত্যু হোৱা সমগ্ৰ শিক্ষা আঁচনিৰ কৰ্মচাৰীৰ পৰিয়াললৈ প্ৰদান কৰা এককালীন এক্সগ্ৰেচিয়া সাহায্যৰ পৰিমাণ ৫ লাখ টকাৰ পৰা ৭.৫ লাখ টকালৈ বৃদ্ধি আৰু নামভৰ্তিৰ মাচুল ৰেহাইৰ বাবদ মহাবিদ্যালয়সমূহক ক্ষতিপূৰণ দিবলৈ ১০৮.৮১ কোটি টকা আবণ্টনৰ সিদ্ধান্ত অন্যতম।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তসমূহ ঘোষণা কৰে। তেওঁ জনায় যে ২০০ কোটি টকাৰ এই আবণ্টনে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনাৰ অধীনত হিতাধিকাৰীসকলৰ স্বাস্থ্যসেৱাৰ সুবিধা অব্যাহত ৰখাত সহায় কৰিব। এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ৪০ লাখতকৈও অধিক পৰিয়ালে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰি আহিছে।

তথ্য অনুসৰি, পুঁজিৰ ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত প্ৰায় ৩০ লাখ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰে। আনহাতে, বাকী হিতাধিকাৰীসকলৰ বাবে হোৱা ব্যয় ৰাজ্য চৰকাৰে বহন কৰে।

“আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আমি ৩০ লাখ পৰিয়ালৰ বাবে পুঁজি লাভ কৰোঁ। আনহাতে, বাকী প্ৰায় ৪০ লাখ পৰিয়ালৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰে। সেয়েহে, আজি অসম কেবিনেটে ৰাজ্য চৰকাৰৰ অংশ হিচাপে ২০০ কোটি টকা আবণ্টন দিছে,” বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আন এটা সিদ্ধান্ত অনুসৰি, কৰ্মৰত অৱস্থাত মৃত্যু হোৱা সমগ্ৰ শিক্ষা আঁচনিৰ সৈতে জড়িত বিষয়া, কৰ্মচাৰী আৰু শিক্ষকসকলৰ পৰিয়াললৈ প্ৰদান কৰা এককালীন এক্সগ্ৰেচিয়া সাহায্যৰ পৰিমাণ বৃদ্ধিত কেবিনেটে অনুমোদন জনায়। পূৰ্বৰ ৫ লাখ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা এই সাহায্যৰ পৰিমাণ ৭.৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়েকয় যে, ৰাজ্যিক বাজেটতে এই সাহায্যৰ পৰিমাণ বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল আৰু মঙলবাৰে কেবিনেটৰ আনুষ্ঠানিক অনুমোদন লাভ কৰে। অসুস্থতাকে ধৰি বিভিন্ন কাৰণত মৃত্যু হোৱা লোকসকলৰ ক্ষেত্ৰত এই আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

তৃতীয়টো সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ‘প্ৰজ্ঞা ভাৰতী আঁচনি’ৰ অধীনত ৰেহাই দিয়া নামভৰ্তিৰ মাচুলৰ ধন ঘূৰাই দিয়াৰ সৈতে জড়িত। ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে যোগ্য শিক্ষাৰ্থীসকলক প্ৰদান কৰা মাচুল ৰেহাইৰ ক্ষতিপূৰণ হিচাপে মহাবিদ্যালয়সমূহক ধন আদায় দিবলৈ কেবিনেটে ১০৮.৮১ কোটি টকা অনুমোদন জনায়।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই আবণ্টনৰ জৰিয়তে নিৰ্ধাৰিত আয়ৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰথম বৰ্ষৰ ১.৫ লাখতকৈও অধিক স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থী উপকৃত হ’ব।

তেওঁ কয় যে এই আঁচনিৰ অধীনত নামভৰ্তিৰ মাচুল ৰেহাই দিয়াৰ ফলত মহাবিদ্যালয়সমূহৰ হোৱা লোকচান পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰে ধন আবণ্টন কৰে।

উল্লেখ্য যে, এই তিনিটা সিদ্ধান্তৰ মূল লক্ষ্য হৈছে ৰাজ্যত স্বাস্থ্যসেৱাৰ সুবিধা অব্যাহত ৰখা, শিক্ষা খণ্ডৰ কৰ্মচাৰীসকলৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰা আৰু অসমৰ যোগ্য শিক্ষাৰ্থীসকলৰ বাবে নামভৰ্তিৰ মাচুল ৰেহাইৰ ব্যৱস্থা অব্যাহত ৰখা।
##bigupdate #newsupdate #himantabiswasarma #assamcabinet #ayshmanasomscheme #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।