নিউজ ডেস্ক: উৎসৱ বা ঘৰত কোনো অনুষ্ঠানৰ সময়ত কামৰ হেঁচা যিমানেই নাথাকক কিয়, ঘৰুৱা উপায়েৰে আপুনি অতি সহজে আপোনাৰ ম্লান পৰা ত্বক সতেজ কৰি তুলিব পাৰে। শেষ মূহূৰ্তত ঘৰতে থকা প্ৰাকৃতিক সামগ্ৰীৰে মিশ্ৰণ তৈয়াৰ কৰি নিশাৰ ভিতৰতে ল'ব পাৰিব মুখৰ যতন।
প্রথম পদ্ধতি: দিনটোৰ শেষত ঘৰলৈ ঘূৰি আহি প্ৰথমেই মাইচেলৰ ৱাটাৰ ব্যৱহাৰ কৰি মুখত লাগি থকা মেকআপ আঁতৰাই পেলাওক। যিকোনো ধৰণৰ ছালতে এইটো ব্যৱহাৰ কৰিব পাৰি। আনকি তেলতীয়া ছালতো ইয়াৰ কোনো সমস্যা নহয়। তাৰ পিছত ফেসৱাশ্বেৰে মুখখন ভালদৰে পৰিষ্কাৰ কৰি লওক। মুখখন ভালকৈ চাফা কৰাৰ পিছতহে পৰৱৰ্তী পদক্ষেপসমূহ আৰম্ভ হ’ব।
দ্বিতীয় পদ্ধতি: মুখখন ম্যাসাজ কৰাটো জৰুৰী। ছাল শুকান হ’লে গাখীৰৰ সৰৰ প্ৰয়োজন, আৰু তৈলাক্ত বা মিশ্ৰিত ছাল হ’লে অ্যালোভেৰা জেল। গাখীৰৰ সৰ বা অ্যালোভেৰা জেলেৰে মিনিট পাঁচেক পাতল হাতেৰে মুখখন ম্যাসাজ কৰি লওক। এই সময়ত বতাহত আৰ্দ্ৰতা কমিবলৈ আৰম্ভ কৰিছে। ফলত ছালখন কোঁচ খাই পৰিছে বা টানি ধৰিছে। গাখীৰৰ সৰৰ সৈতে আলমণ্ড তেল মিহলাই লৈও মালিচ কৰিব পাৰে। অন্ততঃ ১৫ মিনিট মালিচ কৰি তিতা টাৱেলেৰে মুখখন মচি লওক। ম্যাসাজ কৰিলে তেজৰ চলাচল ভাল হয়। তাৰ ফলত ছালৰ ভাগৰুৱা ভাব নোহোৱা হয়।
তৃতীয় পদ্ধতি: ফেসপ্যাক ব্যৱহাৰ কৰিলে চাল উজ্জ্বল হয়। এচামুচ বেচন, এচামুচ মুলতানি মাটি আৰু এক-তৃতীয়াংশ মেথিৰ গুড়ি পৰিষ্কাৰ পানীত ভালদৰে মিলাই লওক। এই মিশ্ৰণটো মুখ আৰু ডিঙিত লগাই লওক। পাঁচৰ পৰা সাত মিনিট ৰাখি ধুই পেলাওক। যদি চালৰ প্ৰকাৰ শুকান হয়, তেন্তে oats গাখীৰত তিয়াই কেইটোপালমান মৌ মিলাই মুখত সানক। ১৫ মিনিট ৰখাৰ পিছত ধুই দিব।
উল্লেখ্য যে, এই ঘৰুৱা উপায়টোৱে মুখৰ ক’লা পৰা ভাব বহুখিনি কমাব। লগতে ছালৰ আৰ্দ্ৰতাৰ মাত্ৰাও বৃদ্ধি কৰিব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।