Friday, 06 November 2026
লগইন
ব্ৰেকিং

মুখ আৰু ডিঙিত ক’লা দাগ পৰাৰ ফলত অতিষ্ঠ হৈছে নেকি? ঘৰুৱা ৩টা উপায়েৰে আঁতৰাওক ক’লা দাগ

মাত্ৰ ৩ টা উপায়; গাৰ পৰা আঁতৰিব ক’লা দাগ

নিউজ ডেস্ক:বয়স বাঢ়ি অহাৰ লগে লগে বহু লোকৰ মুখৰ ছালত ক’লা দাগ পৰিবলৈ আৰম্ভ কৰে। আনহাতে, কিছুমানৰ ক্ষেত্ৰত চাৰিওফালৰ ধূলি-মাকতি আৰু অত্যধিক ৰ’দত থকাৰ ফলতো এনে সমস্যা দেখা দিয়ে। ছালত ক’লা দাগ পৰিলে মুখৰ স্বাভাৱিক উজ্জ্বলতা নষ্ট হয়। মুখৰ এই দাগবোৰ ঢাকিবলৈ তেতিয়া বিভিন্ন প্ৰসাধনীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। অৱশ্যে, সকলো সময়তে প্ৰসাধনীৰে ক’লা দাগ ঢাকিব পৰা নাযায়। সময়মতে ছালৰ যত্ন নল’লে বহু ক্ষেত্ৰত লাহে লাহে এই দাগবোৰ গভীৰ হৈ পৰে। অৱশ্যে, অলপ সময় উলিয়াই নিয়মীয়াকৈ ছালৰ যত্ন ল’লে এনে সমস্যাৰ পৰা মুক্তি পোৱা সম্ভৱ।

বিলাহীৰ ৰস

ছালৰ উজ্জ্বলতা ঘূৰাই অনা আৰু ক’লা দাগ আঁতৰোৱাৰ ক্ষেত্ৰত বিলাহী যথেষ্ট উপকাৰী। ইয়াৰ বাবে এটা বিলাহী আধা কৰি কাটি ল’ব লাগে। তাৰ পিছত কাঁটা-চামুচেৰে বিলাহীটোৰ শাহৰ অংশত কেইবাটাও সৰু সৰু বিন্ধা কৰি ল’ব লাগে। ইয়াৰ ফলত বিলাহীৰ ৰস ভালদৰে ওলাই আহিব।

ইয়াৰ পিছত বিলাহীটোৰ শাহৰ অংশটো মুখত ভালদৰে ঘঁহি পাঁচ মিনিটমান ৰাখি পানীৰে ধুই পেলাব লাগে। তেতিয়া মুখখন পৰিষ্কাৰ হৈ উঠিব। ইচ্ছা কৰিলে কেৱল ক’লা দাগ পৰা অংশবোৰতো বিলাহীৰ ৰস ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ সৈতে কেইটোপালমান মৌ মিহলাই ল’লে আৰু ভাল ফল পোৱা যাব।

তিয়ঁহ আৰু নেমুৰ পেক

তিয়ঁহ আৰু নেমু দুয়োটাই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায়ক। ভিটামিন চিয়ে ছালৰ উজ্জ্বলতা বঢ়ায়। ইয়াৰ বাবে এচামুচ তিয়ঁহৰ ৰস, এচামুচ নেমুৰ ৰস আৰু এচামুচ গোলাপজল একেলগে মিহলাই লওক। তাৰ পিছত কপাহৰ সহায়ত মিশ্ৰণটো গোটেই মুখত লগাওক। ১০ মিনিটমান ৰাখি ঠাণ্ডা পানীৰে ধুই পেলাওক।

ৰ’দত ওলাই যোৱাৰ পিছত ঘৰলৈ উভতি আহি এই পেকটো ব্যৱহাৰ কৰিব পাৰে।

মচুৰ দাইল, কেঁচা হালধি আৰু গাখীৰৰ পেক

২ চামুচ মচুৰ দাইলৰ বটা, ৩ চামুচ গাখীৰ আৰু এচিকুট কেঁচা হালধিৰ বটা একেলগে মিহলাই ল’ব লাগে। সকলো উপাদান ভালদৰে মিহলাই এটা ডাঠ মিশ্ৰণ প্ৰস্তুত কৰি লওক। এই মিশ্ৰণটো মুখ আৰু ডিঙিত লগাই ২০ মিনিটমান ৰাখক। শুকাই গ’লে লাহে লাহে বৃত্তাকাৰে মালিচ কৰি পানীৰে ধুই পেলাওক।
##bigupdate #newsupdate #lifestyle #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।