নিউজ ডেস্ক : আপোনাৰ সন্তানৰ বয়স অনুসৰি উচ্চতা আৰু ওজন সঠিকভাৱে বাঢ়িছে নে নাই, সেইটো প্ৰতিগৰাকী অভিভাৱকৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয়। শিশুৱে সঠিকভাৱে নোখোৱাৰ বাবে ওজন কম হোৱা বা ওজন অতিমাত্ৰা বৃদ্ধি হোৱাৰ বিপৰীতে উচ্চতা নোবঢ়াটো এক গুৰুতৰ সমস্যা। শিশুৰ সামগ্ৰিক বিকাশৰ বাবে ওজন আৰু উচ্চতাৰ মাজত সঠিক ভাৰসাম্য থকাটো অত্যন্ত প্ৰয়োজনীয়।
উচ্চতা বৃদ্ধিৰ হাৰ ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত কিছু পৃথক হয়। ল’ৰাৰ সাধাৰণতে ১৮ ৰ পৰা ২০ বছৰ বয়সলৈকে উচ্চতা বাঢ়ে। ১৩ ৰ পৰা ১৬ বছৰ উচ্চতা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি হয়। আনহাতে, ছোৱালীৰ সাধাৰণতে ১৬ ৰ পৰা ১৮ বছৰ বয়সলৈকে উচ্চতা বাঢ়ে। অৱশ্যে ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পিছৰে পৰা উচ্চতা বৃদ্ধিৰ হাৰ কমিবলৈ ধৰে আৰু লাহে লাহে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
অৱশ্যে এই অনুপাতৰ সামান্য ইফাল-সিফাল হ’বও পাৰে। গুৰুত্ব দিব লাগিব শিশুটিৰ সৰ্বাংগীণ বৃদ্ধিৰ ওপৰত। ইয়াৰ বাবে সুষম আহাৰ আৰু শাৰীৰিক চৰ্চা জৰুৰী। বহু সময়ত বয়স বাঢ়িলেও আশানুৰূপ হাৰত শিশুৰ উচ্চতা নাবাঢ়ে। ইয়াৰ আঁৰত বংশগত কাৰণ থাকিব পাৰে, গ্ৰোথ হৰমনৰ অভাৱ হ’ব পাৰে অথবা শৰীৰত প্ৰটিন, কেলচিয়াম, ভিটামিন ডি আৰু জিংকৰ নাটনি থাকিলেও হাড়ৰ গঠন আৰু বৃদ্ধি সঠিকভাৱে হ’ব নোৱাৰে। সৰুৰে পৰা থাইৰয়ডৰ সমস্যা বা বৃক্কৰ (কিডনী) ৰোগ থাকিলেও বৃদ্ধি স্থবিৰ হৈ পৰিব পাৰে। চিকিৎসকসকলে কৈছে যে সমস্যা যেনেকুৱাই নহওক কিয়, সঠিক খোৱা-বোৱা আৰু নিৰ্দিষ্ট কিছুমান ব্যায়াম অভ্যাস কৰালে শিশুৰ বৃদ্ধি সঠিকভাৱে হ’ব।
শৰীৰৰ সঠিক গঠন উন্নত কৰাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ব্যায়াম
স্কিপিং
এঠাইতে থিয় হৈ স্কিপিং অভ্যাস কৰাটো অতি উত্তম; ইয়াৰ দ্বাৰা ওজন নিয়ন্ত্ৰণত থাকে আৰু ভৰিৰ ডিঙিৰ পিছফালৰ মাংসপেশী ব্যায়াম হয়, কিন্তু ইয়াৰ ফলত উচ্চতা বৃদ্ধি হোৱাৰ কথাটো সম্পূৰ্ণ সঁচা নহয়।
ঊর্ধ্ব তাড়াসন
প্ৰথমে মেটৰ ওপৰত পোনহৈ থিয় হ’ব লাগিব। ভৰিৰ পতা দুখনৰ মাজত দুই ইঞ্চিমান দূৰত্ব ৰাখিব লাগিব। উশাহ-নিশাহ স্বাভাৱিক থাকিব। দুয়োখন হাত ওপৰলৈ তুলি, কিলাকুটি ভাজ কৰি মূৰৰ পিছফালে লৈ যাব লাগিব। এইবাৰ দুয়োখন হাতৰ আঙুলি একেলগে লগ লগাব (জড়ো কৰিব) লাগিব।
এতিয়া উশাহ লৈ লৈ হাত দুখন মূৰৰ ওপৰেৰে পোনকৈ মেলি দিব লাগিব। হিল জোতা পিন্ধাৰ দৰে ভৰিৰ সৰু গাঁঠি (গোৰোহা) মাটিৰ পৰা ওপৰলৈ তুলিব লাগিব। মাটিৰ সৈতে কেৱল ভৰিৰ আঙুলিৰ অংশহে স্পৰ্শ কৰি থাকিব। মূৰটো ওপৰলৈ তুলি ওপৰৰ ফালে চাব লাগিব। ২০ ৰ পৰা ৩০ চেকেণ্ড এই অৱস্থাত থাকিব লাগিব। উচ্চতা বৃদ্ধিৰ বাবে এইটো অতি উত্তম ব্যায়াম।
পখিলা আসন
এয়া হৈছে শিশুসকলৰ বাবে এবিধ অতি উত্তম ষ্ট্ৰেচিং ব্যায়াম, যাক সাধাৰণতে ‘বতাহী পখিলা’ বা ‘বাটাৰফ্লাই প’জ’বুলি কোৱা হয়। প্ৰথমে মজিয়াত আৰামদায়কভাৱে বহিব লাগে। তাৰ পিছত দুই ভৰিৰ তলুৱা সন্মুখৰ ফালে ইখনে সিখনক স্পৰ্শ কৰাকৈ যোৰা লগাব লাগে। এতিয়া দুই হাতেৰে দুয়োখন ভৰিৰ পাতা টানকৈ ধৰি ৰাখিব লাগে। এই অৱস্থাত পখিলাৰ পাখিৰ দৰে দুয়োটা আঁঠু ওপৰ-তল কৰি লৰচৰ কৰিব লাগিব। এই ব্যায়ামটো ১০ টা কৈ ৩ টা ছেটত কৰিব লাগে।
শশঙ্গাসন
যোগা মেটৰ ওপৰত আঁঠু কাঢ়ি বজ্ৰাসনত বহিব লাগিব। ভৰিৰ পতা যাতে আৰামদায়ক অৱস্থাত থাকে। পিঠি পোন হৈ থাকিব। দুয়োখন হাত আঁঠুৰ ওপৰত থাকিব। উশাহ লৈ লৈ দুয়োখন হাত কাণৰ কাষেৰে যিমান সম্ভৱ ওপৰলৈ তুলিব লাগিব। লাহে লাহে উশাহ এৰি এৰি শৰীৰটো হলাই আঁঠুৰ সন্মুখত মূৰটো লগাব লাগিব, দুয়োখন হাত সন্মুখলৈ প্ৰণাম কৰাৰ ভংগীত মেলি ৰাখিব লাগিব। পাছত হাত দুখন গোৰোহাৰ কাষলৈ লৈ যাব লাগিব। এইদৰে ৩০ ছেকেণ্ড থাকি আগৰ অৱস্থানলৈ ঘূৰি আহিব লাগিব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।