চীনৰ ডাণ্ডং চহৰক উত্তৰ কোৰিয়াৰ ছাইনুইজুৰ সৈতে সংযোগ কৰা ৪-লেনযুক্ত, ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই 'নিউ ইয়ালু ৰিভাৰ ব্ৰিজ'খন মুকলি কৰা হয় । উল্লেখ্য যে, এই সেতুখন ২০১৪ চনতে সম্পূৰ্ণ হৈছিল যদিও উত্তৰ কোৰিয়াৰ দিশে সংযোগকাৰী পথ আৰু সীমাশুল্ক সম্পৰ্কীয় আন্তঃগাঁথনিৰ কাম শেষ নোহোৱাৰ বাবে এক দশকৰো অধিক সময় ধৰি ই ব্যাৱহত হৈ আছিল ।
চৰকাৰী সংবাদ সংস্থা 'ছিনহুয়া'ৰ ৰিপৰ্ট অনুসৰি, চীনৰ প্ৰধানমন্ত্ৰী লি ছিয়াঙে কয় যে, দুয়োখন দেশৰ সম্পৰ্ক এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু এক নতুন অধ্যায়ৰ সূচনা হৈছে। এই সীমান্ত সেতুৱে অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাক তীব্ৰতৰ কৰাৰ লগতে জনসাধাৰণৰ মাজত আদান-প্ৰদান শক্তিশালী কৰিব আৰু সীমান্তৱৰ্তী অঞ্চলসমূহৰ সংযোগ ব্যৱস্থা উন্নত কৰিব বুলি তেওঁ মন্তব্য কৰে ।
ছিনহুয়াই জনোৱা মতে, উত্তৰ কোৰিয়াৰ প্ৰধানমন্ত্ৰী পাক থা ছঙেও উদ্বোধনী অনুষ্ঠানত ভিডিঅ' জৰিয়তে ভাষণ প্ৰদান কৰে। অৱশ্যে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমত এই সন্দৰ্ভত তেতিয়ালৈকে কোনো বাতৰি প্ৰকাশ পোৱা নাছিল।
উত্তৰ কোৰিয়াৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ এই সীমান্তত এই সেতুখনৰ মুকলি এক উল্লেখনীয় আন্তঃগাঁথনিমূলক উন্নয়ন হিচাপে বিবেচিত হৈছে। চীন হৈছে পিয়ংয়াঙৰ আটাইতকৈ ডাঙৰ বাণিজ্যিক অংশীদাৰ আৰু এই নতুন পথটোৱে দুয়োখন দেশৰ মাজত পণ্য সামগ্ৰীৰ সৰবৰাহ অধিক সুচল কৰিব বুলি আশা কৰা হৈছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।