নিউজ ডেস্ক : ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ বাৰ্ষিক স্বচ্ছ সৰ্বেক্ষণ বঁটাৰ অধীনত গুৱাহাটীক অসমৰ প্ৰথমখন ‘স্বচ্ছ চহৰ’ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। বুধবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই বঁটা প্ৰদান কৰে।
অসমৰ নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় আৰু গুৱাহাটী পৌৰ নিগমৰ (GMC) মেয়ৰ মৃগেন শৰণীয়াই মহানগৰখনৰ হৈ এই বঁটা গ্ৰহণ কৰে।
ছ’চিয়েল মিডিয়াত এই স্বীকৃতিৰ কথা প্ৰকাশ কৰি ৰায়ে কয় যে , অসমৰ প্ৰথমখন ‘স্বচ্ছ চহৰ’ হিচাপে গুৱাহাটীক স্বীকৃতি প্ৰদান কৰি ৰাষ্ট্ৰপতিৰ হাতৰ পৰা স্বচ্ছ সৰ্বেক্ষণ বঁটা গ্ৰহণ কৰিবলৈ পাই তেওঁ সন্মানিত অনুভৱ কৰিছে।
উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে এই সফলতা চহৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানত অৰিহণা যোগোৱা চাফাই কৰ্মী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ (DoHUA) বিষয়াসকল, সংশ্লিষ্ট বিভাগসমূহৰ কৰ্মচাৰী আৰু নাগৰিকসকলৰ নামত উৎসৰ্গা কৰে।
লগতে তেওঁ ৰাজ্য চৰকাৰৰ ভূমিকাকো স্বীকাৰ কৰি কয় যে , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত হৈ এখন পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু বহনক্ষম গুৱাহাটী গঢ়ি তোলাৰ দিশত গ্ৰহণ কৰা সামূহিক প্ৰচেষ্টাৰেই প্ৰতিফলন হৈছে এই স্বীকৃতি।
তথ্য অনুসৰি, বঁটা গ্ৰহণ কৰা প্ৰতিনিধি দলটোত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত তথা সচিব কবিতা পদ্মনাভন আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় ফুকনো উপস্থিত থাকে।
এই স্বীকৃতি কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে অনুষ্ঠিত কৰা বাৰ্ষিক নগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা মূল্যায়ন ‘স্বচ্ছ সৰ্বেক্ষণ’ৰ দশম সংস্কৰণৰ অংশ।
২০২৫ চনৰ জুলাই মাহত অনুষ্ঠিত স্বচ্ছ সৰ্বেক্ষণৰ পূৰ্বৰ সংস্কৰণত অসমৰ গুৱাহাটীৰ লগতে উত্তৰ লখিমপুৰকো ‘প্ৰতিশ্ৰুতিসম্পন্ন স্বচ্ছ চহৰ’ (Promising Swachh Shehar) হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল।
শেহতীয়া এই স্বীকৃতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা মূল্যায়নত গুৱাহাটীৰ বাবে এক উল্লেখযোগ্য অগ্ৰগতিৰ সূচনা কৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।