প্ৰাপ্ত তথ্য অনুসৰি, ২০২৪ চনত প্ৰশিক্ষণাৰ্থী সহ-পাইলট হৈ থকাৰ সময়তে সন্দেহযুক্ত হামাম আল-হামামীৰ ওচৰত চৰমপন্থী সামগ্ৰী উদ্ধাৰ হৈছিল। যাৰ বাবে পৰৱৰ্তী সময়ত তেওঁক এক প্ৰশাসনিক ভূমিকাত কাম কৰাৰ অনুমতি দিয়া হৈছিল।
তদন্তকাৰীসকলে এতিয়া পৰীক্ষা কৰি আছে যে, তেওঁ কেনেকৈ পৰৱৰ্তী সময়ত Flydubaiত যোগদান কৰিবলৈ আৰু তেল আভিভমুখী এখন বিমানত ফাৰ্ষ্ট অফিচাৰ হিচাপে সেৱা আগবঢ়াবলৈ সক্ষম হৈছিল।
Flydubai ককপিট আক্ৰমণৰ অভিযুক্ত সহ-পাইলটজনক দীৰ্ঘদিন ওমান এয়াৰত কাম কৰি থকা অৱস্থাতে নিৰাপত্তা শংকা হিচাপে চিহ্নিত হৈছিল
তথ্য অনুসৰি, ২০২৪ চনত বিষয়াসকলে সন্দেহযুক্ত লোকজনক এক সুৰক্ষা সম্পৰ্কীয় উদ্বেগ বা ভাবুকি হিচাপে চিনাক্ত কৰাৰ পিছত ওমান এয়াৰে তেওঁক নিলম্বন কৰিছিল। সেই সময়ছোৱাত তেওঁৰ হাতত চৰমপন্থী বা উগ্ৰপন্থী সামগ্ৰী উদ্ধাৰ কৰা গৈছিল।
সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি, তেওঁক বিমান প্ৰতিষ্ঠানটোৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হোৱা নাছিল, বৰঞ্চ তেওঁ এটা প্ৰশাসনিক পদত কৰ্মৰত হৈ আছিল। বিষয়া পৰ্যায়ত এতিয়া এই কথাটো অনুসন্ধান কৰি থকা হৈছে যে সেই আগতীয়া নিৰাপত্তা সম্পৰ্কীয় চিন্তা বা সংশয় আৰু পৰৱৰ্তী সময়ত Flydubai তেওঁৰ নিযুক্তিৰ মাজৰ সময়ছোৱাত আচলতে কি ঘটিছিল?
উল্লেখ্য যে, তেওঁক বৃহস্পতিবাৰে চৌদি আৰৱৰ পৰা সংযুক্ত আৰৱ আমিৰাতলৈ স্থানান্তৰ কৰা হৈছে আৰু তেওঁ তদন্তকাৰীসকলক সহযোগিতা কৰি আছে।
Flydubai-ৰ সহ-পাইলটৰ ছচিয়েল মিডিয়া একাউণ্টত অল-কায়দা আৰু ইছলামিক উগ্ৰপন্থীৰ সৈতে জড়িত আপত্তিজনক ছবি আৰু ভিডিঅ’ উদ্ধাৰ হৈছে
ছবি আৰু ভিডিঅ'সমূহ এই ঘটনাৰ সৈতে জড়িত থকা Flydubai ৰ পাইলটজন আছিল বুলি জানিব পৰা গৈছে। ঘটনাটোৰ পিছতে LinkedIn প্ৰ’ফাইলটো ডিলিট কৰা হৈছিল, য’ত উল্লেখ আছিল যে তেওঁ ওমান এয়াৰত ৭ বছৰ কাম কৰিছিল।
প্ৰ'ফাইলটোত কেৱল দুটা পোষ্ট আছিল, দুয়োটা পোষ্ট ঘটনাটোৰ প্ৰায় ৯ ঘণ্টাৰ পাছত বুধবাৰে এক চমু সময়ৰ ব্যৱধানত প্ৰকাশ কৰা হৈছিল। এই পোষ্টসমূহ কোনে আপলোড কৰিছিল বা সেইবোৰ আগতীয়াকৈ সময় নিৰ্ধাৰণ কৰি থোৱা আছিল নে নাই, সেইটো এতিয়াও স্পষ্ট হোৱা নাই।
প্ৰথম পোষ্টটোত এটা Boeing 737 Max বিমানৰ ককপিটৰ ভিতৰত শ্বুট কৰা ধাৰাবাহিক কিছুমান ভিডিঅ’ আছিল। উল্লেখ্য যে, বুধবাৰৰ ঘটনাটোৰ সময়ত চৌদি আৰৱলৈ পথ সলনি কৰা Flydubai বিমানখনো এখন Boeing 737 Max বিমানেই আছিল।
প্ৰতিবেদন অনুসৰি, ভিডিঅ’টো আয়মান অল-জাৱাহিৰী আৰু হুমাৰ খলিল আবু-মুলাল অল-বালাভীৰ আলোকচিত্ৰৰে শেষ হৈছে। অল-জাৱাহিৰীয়ে ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত অল কায়দাৰ নেতৃত্ব লৈছিল। আনহাতে, অল-বালাভীয়ে ২০০৯ চনৰ এক আত্মঘাতী বোমা বিস্ফোৰণত সাতগৰাকী আমেৰিকান চি.আই.এ. বিষয়া আৰু ঠিকাদাৰসহ মুঠ নজন লোকক হত্যা কৰিছিল। অল-বালাভী অল কায়দাৰ প্ৰতি আনুগত্যশীল আছিল।
দ্বিতীয়টো পোষ্টত ইছলাম ধৰ্মৰ তিনিখন আটাইতকৈ পবিত্ৰ স্থান—মক্কা, মদিনা আৰু জেৰুজালেমৰ এটা এআই-প্ৰযুক্তিৰে নিৰ্মিত ছবি প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ ব্যাকগ্ৰাউণ্ডত বাজি থকা এটা প্ৰত্যাহ্বানমূলক কবিতাত অপমান নাকচ কৰা, মৃত্যুলৈ ভয় নকৰা আৰু নিজৰ মৰ্যাদাৰ বাবে থিয় দিয়াৰ কথা কোৱা হৈছিল।
Flydubai বিমানৰ ককপিটত সহ-পাইলটে ছুৰীৰে আক্ৰমণ কৰাৰ পিছতো ১৭৪ গৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰি বিশ্বজুৰি 'হিৰো' হিচাপে প্ৰশংসিত ভাৰতীয় পাইলট কেপ্তেইন স্মিত মাচ্ছাৰ
এই ঘটনাটো বুধবাৰে ডুবাইৰ পৰা তেল আভিভলৈ গৈ থকা Flydubai ৰ ফ্লাইট FZ1073 ত সংঘটিত হৈছিল। তাৰ পিছত বিমানখন অতি তীব্ৰভাৱে তললৈ নামিবলৈ ধৰে। ঘটনাৰ বিষয়ে মাচ্ছাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত উল্লেখ কৰে যে, তেওঁ বুজি পাইছিল বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’বলৈ গৈ আছে আৰু আঘাতপ্ৰাপ্ত অৱস্থাতে তেওঁ ককপিটৰ দুৱাৰখন খুলিবলৈ সক্ষম হৈছিল। তাৰ পিছতে যাত্ৰীসমূহ ভিতৰলৈ সোমাই আহিছিল।
ইয়াৰ পিছতে যাত্ৰীসকলে ককপিটত প্ৰৱেশ কৰে আৰু অভিযুক্তজনক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বিমানখন চৌদি আৰৱৰ তাবুক অভিমুখে দিশ সলনি কৰা হৈছিল, য’ত বিমানখনে সুৰক্ষিতভাৱে অৱতৰণ কৰে।
সংযুক্ত আৰব আমিৰাটে ফ্লাইডুবাই বিমানৰ ককপিটত হোৱা আক্ৰমণৰ অন্তৰালৰ উদ্দেশ্য সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে
ইউনাইটেড আৰব এমিৰেটছে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। UAEৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ তথ্য অনুসৰি, এই আক্ৰমণত কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ বা পূৰ্বপৰিকল্পনা আছিল নে নাই, সেইটোকে ধৰি ইয়াৰ পৰিস্থিতি আৰু উদ্দেশ্য চৰকাৰী অধিবক্তাসকলে পৰীক্ষা কৰি আছে।
অভিযুক্তই তদন্তকাৰীসকলৰ আগত প্ৰকাশ কৰিছে যে, তেওঁ বিমানখন ইজৰাইলত দুৰ্ঘটনাগ্ৰস্ত কৰাৰ উদ্দেশ্য ৰাখিছিল। অৱশ্যে এই দাবী এতিয়ালৈকে স্বতন্ত্ৰভাৱে প্ৰমাণিত হোৱা নাই আৰু কি কাৰণত এই আক্ৰমণ সংঘটিত হ’ল, তাক নিশ্চিত কৰিবলৈ তদন্তকাৰীসকলে এতিয়াও কাম কৰি আছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সন্দেহযুক্ত অভিযুক্তজনক "ইছলামপন্থী উগ্ৰপন্থী" হিচাপে বৰ্ণনা কৰিছে আৰু কৰ্তৃপক্ষই তেওঁক আন কোনোবাই পৰিচালনা কৰিছিল নেকি সেই বিষয়ে তদন্ত কৰি আছে। তদন্তৰ দ্বাৰা সন্দেহযুক্ত ব্যক্তিজনৰ প্ৰকৃত উদ্দেশ্য বা কোনো বাহ্যিক জড়িততা নিশ্চিতভাৱে প্ৰমাণিত নহয়।
উল্লেখ্য যে, চৰকাৰী তদন্ত চলি থকাৰ বাবে কৰ্তৃপক্ষৰ অনুৰোধত Flydubai য়ে ইয়াৰ তেল আভিভ বিমান সেৱা সাময়িকভাৱে স্থগিত ৰাখিছে বুলি সুত্ৰ লাভ কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।