নিউজ ডেস্ক : লক্ষ্মীপূজা মানেই ভোগৰ থালখনত নাৰিকলৰ লাডু লাগিবই। কিন্তু লাডু বনোৱাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল নাৰিকল কূটা বা ৰোকা। ঘণ্টাৰ পিছত ঘণ্টা বহি ৰুকনীৰে নাৰিকল ৰোকা আৰু হাতত দাগ পৰা— এই অশান্তিৰ বাবেই বহুতে পূজাৰ আগত লাডু বনাবলৈ টান পায়। বহুতে আকৌ বজাৰৰ পৰা উচ্চ দামত লাডু কিনি আনে। কিন্তু সেই লাডুবোৰৰ সোৱাদ ঘৰুৱা লাডুৰ দৰে নহয়। কিন্তু আপুনি জানেনে যে, নাৰিকল নূৰুকাকৈ বা নোকোটাকৈও দোকানৰ দৰে জুতি লগা আৰু ধুনীয়া লাডু বনাব পাৰি?
১. মিক্সিত গুড়ি কৰা: প্ৰথমে নাৰিকলটো দুভাগ কৰি কাটি লওক। ইয়াৰ পিছত গেছটো জ্বলাই নাৰিকলৰ টান খোলাৰ অংশটো জুইৰ ওপৰত ৰাখক। টান খোলাটো পুৰি একেবাৰে ক'লা হৈ পৰিলে গেছটো বন্ধ কৰি দিয়ক। এটা পাত্ৰত ঠাণ্ডা পানী লৈ নাৰিকলটো অলপ সময় ডুবাই ৰাখক। ইয়াৰ পিছত কটাৰী (ছূৰী) এখনেৰে অলপ খোচ মাৰি দিলেই নাৰিকলৰ শাহখিনি লাহে লাহে টান খোলাটোৰ পৰা এৰাই আহিব। নাৰিকলখিনি সৰু সৰু টুকুৰা কৰি কাটি মিক্সিত এবাৰ ঘূৰাই লওক। একেবাৰে কোৰোকা বা ৰোকা নাৰিকলৰ দৰেই মিহি হৈ পৰিব আৰু ইয়াৰ দ্বাৰা সময়ো বহু পৰিমাণে বাচিব।
২. ফ্ৰোজেন নাৰিকল: ফ্ৰোজেন গ্রেটেড বা কুটি থোৱা নাৰিকল কিনিও আপুনি লাডু বনাব পাৰে। বিভিন্ন অনলাইন ছাইটত ফ্ৰোজেন নাৰিকলৰ গুড়ি পোৱা যায়। সেই নাৰিকল কেৱল কেৰাহীত দি গুৰ বা চেনীৰ সৈতে পাক দিলেই লাডু তৈয়াৰ হৈ যায়।
৩. নাৰিকলৰ গুৰিৰে: মিঠাই দোকানত পোৱা শুকান নাৰিকলৰ গুৰি ব্যৱহাৰ কৰিও বৰ জুতি লগা লাডু বনাব পাৰি। প্ৰথমতে কেৰাহীত ঘিউ গৰম কৰি লওক আৰু তাত নাৰিকলৰ গুৰিখিনি দি পাতলীয়াকৈ ভাজি লওক। তাৰ পিছত তাত গাখীৰ, চেনি আৰু গুৰি গাখীৰ দি ভালদৰে লৰাই লৰাই পাক দি থাকক। মিশ্ৰণটো টান হৈ আহিলে গৰমে গৰমে লাডুৰ আকৃতিত সাজি লওক। এনেদৰে মাত্ৰ আধা ঘণ্টাতে আপোনাৰ প্ৰসাদৰ নাৰিকলৰ লাডু সাজু হৈ উঠিব।
গতিকে এইবাৰ আৰু নাৰিকল কূটাৰ ভয়ত পিছপৰি নাথাকি, সহজ পদ্ধতিৰেই বনাই পেলাওক লক্ষ্মীপূজাৰ বিশেষ নাৰিকলৰ লাডু।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।