Saturday, 07 November 2026
লগইন

চাইবাৰ আক্ৰমণৰ বলি ৰাছিয়া আৰু ইউক্ৰেইনৰ এয়াৰ ৰেইড এলাৰ্ট এপসমূহ

ৰাছিয়া-ইউক্ৰেইনত চাইবাৰ আক্ৰমণ

নিউজ ডেস্ক: ইউক্ৰেইনৰ বিমান আক্ৰমণৰ সতৰ্কবাণী জাৰি কৰা এপ্‌টো হেক হোৱাৰ কথা কিয়েভে ঘোষণা কৰাৰ কেইঘণ্টামান পিছতে ৰাছিয়াই কয় যে,তেওঁলোকৰ জৰুৰীকালীন সতৰ্কবাণী এপ্‌টোও এক "বৃহৎ চাইবাৰ আক্ৰমণ" ৰ বলি হৈছে। 

মস্কোৰ জৰুৰীকালীন পৰিস্থিতি মন্ত্ৰালয়ে সোমবাৰে পুৱা টেলিগ্ৰামত কয় যে, এই চাইবাৰ আক্ৰমণৰ ফলত অ্যাপটোত "মিছা তথ্য" বিয়পি পৰিছিল, যিটো এপে ব্যৱহাৰকাৰীসকলক আগন্তুক ড্ৰোন আক্ৰমণৰ বিষয়ে সতৰ্ক কৰি দিয়ে। এই চাইবাৰ আক্ৰমণৰ আঁৰত কোন আছিল সেই কথা মন্ত্ৰালয়ে প্ৰকাশ কৰা নাই।

দেওবাৰে সন্ধিয়া স্থানীয় সময় অনুসৰি ইউক্ৰেইনৰ বিমান বাহিনীয়ে জনায় যে, ব্যৱহাৰকাৰীসকলে কিয়েভ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত পাৰমাণৱিক আৰু ৰাসায়নিক ভাবুকিৰ লগতে সম্ভাৱ্য ৰাজপথৰ যুঁজৰ মিছা সতৰ্কবাণী লাভ কৰিছে।

এটা ভুল বা ভ্ৰান্তিমূলক বাৰ্তাত ৰাছিয়াৰ হাইপাৰচনিক ওৰেশ্নিক মিছাইল মোতায়েন কৰা হৈছে বুলিও প্ৰকাশ কৰা হৈছে।

দেওবাৰে ইউক্ৰেইনৰ বিমান বাহিনীয়ে টেলিগ্ৰামত কয়, "বায়ু সতৰ্কবাণী এপটোক শত্ৰুৰ প্ৰভাৱৰ বশৱৰ্তী কৰা যেন দেখা গৈছে। তাত কোনো বিকিৰণৰ ভাবুকি নাই! শান্ত থাকক আৰু আমাৰ চেনেলত আমাৰ আপডেটবোৰ অনুসৰণ কৰক।"

ইউক্ৰেইনৰ চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক কমিউনিকেশ্বনছে ‘X’যোগে কৰা এটা পোষ্টত এই হেকিং কাৰ্যৰ বাবে ৰাছিয়াক দোষাৰোপ কৰে। 

ইউক্ৰেইনত ৰাছিয়াৰ বিমান আক্ৰমণৰ বিষয়ে বাস্তৱ সময়ত মানুহক সতৰ্ক কৰিবলৈ সমগ্ৰ দেশখনতে এয়াৰ ৰেইড এলাৰ্ট এপব্যৱহাৰ কৰা হয়। কিয়েভ কৰ্তৃপক্ষৰ মতে, বিশেষকৈ ইউক্ৰেইনৰ ৰাজধানী চহৰখনৰ বাবে থকা এটা সুকীয়া এপে স্বাভাৱিকভাৱে কাম কৰি আছিল।

তথ্য অনুসৰি, ৰাছিয়া আৰু ইউক্ৰেইনৰ এই ঘোষণাসমূহ ৰাছিয়াৰ দখলত থকা খৰচন অঞ্চলৰ এটা অংশত দুয়োখন দেশৰ মাজত হোৱা এক যুদ্ধবিৰতি অন্ত পৰাৰ পিছত আহিছে।

উল্লেখ্য যে, মঙলবাৰৰ পৰা আৰম্ভ হৈ দেওবাৰে শেষ হোৱা স্থানীয় যুদ্ধবিৰতিটো এতিয়ালৈকে এই যুদ্ধৰ আটাইতকেই দীঘলীয়া যুদ্ধবিৰতি আছিল।
##bigupdate #newsupdate #internationalnews #russia #ukraine #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।